Posts

Showing posts from 2012

কবিতা-৯ ( সহোদৰ )

শ্রম কৰিবলৈ যোৱাৰ আগলৈকে মই তাৰ মুখলৈ চোৱা নাছিলোঁ। জানেইতো নিবনুৱাৰ দুখ আলাই - আথানি জীৱন স্বপ্নলোকৰ যাত্রী সি মোৰ সহোদৰ আছিল নীৰবে থাকি পুৱাৰ সাজ,ৰান্ধি-বাঢ়ি সযতনে, সি মোক খুৱাই লৈছিল কাণিমুনি পৰত স্বপ্নাতুৰ এজাক ছায়াই তাক আবৰি ধৰিছিল সি অলৰ-অচৰ হৈ পৰিছিল স্বপ্নৰ দেশলৈ, কোনেও নজনাকৈ সি, অহাবাটে গুচি গৈছিল এতিয়াও সি পালতৰা স্বপ্নৰ নাওত মাজে মাজে আহে ৰুগীয়া আইৰ খবৰ লয় ভাগৰুৱা দেহাৰে মোৰ পঁজাত ক্ষন্তেক ৰৈ এমুঠি খায় পুনৰ, অহাবাটে যায়গৈ স্বপ্নৰ দেশলৈ, কোনেও নেদেখাকৈ। টোকাঃ এই কবিতাটো ইতিমধ্যে @www. xahitya .org ত প্রকাশিত।

কবিতা-৮ (দুখবোধৰ যন্ত্রণাত)

আপোনাক কেতিয়াবা এটা অজান দুখে গোপনে হিয়াত খুন্দা মাৰেনে ? ওলাইনে ধাৰাসাৰে জিৰ জিৰ নিগৰি এসোঁতা - তপত লোতক দুখতো সুখতো। বুকু ভাঙি ওলাই আহেনে হিয়ালি জিয়ালি আপোনাৰ আজন্ম জীৱনৰ দুখ। দুখৰ ভৰত সপোনতো কেতিয়াবা  উচপ খাই আপুনি উচুপি উঠেনে ? কি সেই অজান দুখ সদায়েযে খেদি খেদি ফুৰে । গোপনে হিয়াত খুন্দা মাৰে । (  কবিতাটো ইতিমধ্যে   " শিপা " আলোচনীত প্রকাশ পাইছে । )

কবিতা-৭ (সময়বোৰ এতিয়া এনেকৈয়ে)

এইযে এতিয়া তোমাৰ স'তে কথা পাতিলোঁ তোমাৰ স'তে হিয়া খুলি হাঁহিলোঁ ওমলিলোঁ শৈশৱৰ স্মৃতিৰ স'তে উলাহত আমি সাবটি ধৰিলোঁ চেনেহ যাচিলোঁ নিমন্ত্রণ কৰিলোঁ, ইজনে সিজনক তুমি ক'লা - আমি যাম। এইযে মই ঘৰৰ পৰা ওলালোঁ ঘৰলৈ ঘূৰি নাযাবও পাৰোঁ দুনাই। এইযে ল'ৰাটোক স্কুলত থলোঁ তাক মই নাপাবও পাৰোঁ ঘূৰাই। এইযে বজাৰ - হাট, বিহুতলী, চিনেমা - থিয়েটাৰ - ঘৰ আমিযে আনন্দ কৰোঁ জীৱনক চাওঁ উৰাই - ঘূৰাই আৰু দেখা নাপাবও পাৰোঁ। এতিয়া এনেকুৱাই সময় কথাবোৰ কওঁ বুলিও ক'ব নোৱাৰি কথাবোৰ গোপনে থাকে, গুজৰি - গুমৰি যেন উমি উমি একুৰা জুই। (  এই কৱিতাটো  " সাতসৰী " আলোচনীত ১৬-২৯ ফেব্রুৱাৰী,২০০৮ সংখ্যাত প্রকাশিত )

কবিতা-৬ (জীপাল হৈ উঠে)

মানুহ জনৰ বুকুত আলফুলে জীপাল হৈ উঠা ফুলৰ কলিটো, আশা কৰোঁ, তেওঁলোকৰ দৰে মোচৰি নেপালাবা - তেওঁৰ বুকুৰ ভিতৰত গুণ্ গুণকৈ বাজি থকা মিঠা সুৰটো স্তব্ধ নকৰিবা তেওঁৰ বুকুৰ ভিতৰৰ ফুলনিখনত নিৰলে মৌ চুহি থকা পখিলাবোৰ হুৰাই নিদিবা জোনাকী  পৰুৱাই পোহৰাই তোলা সুৰেৰে বন্ধোৱা বাটেৰেই  মানুহজনক বাট বুলিবলৈ দিয়া তেওঁৰ আপোন পথাৰখনত অজস্র হাফলুৰ কোনোবাটোত সংগোপনে লুকুৱাই থোৱা তেওঁৰ আত্মাটো বিচাৰি ফুৰোঁতে বাধা নিদিবা কোনোবা জোনাক নিশা জুৰিটোৰ পাৰৰ ওখ বিৰিখজোপাৰ টঙি ঘৰটিত বহি তেওঁ যেতিয়া সুৰৰ ৰাগিত মতলীয়া হৈ থাকে মানুহজনক আমনি নকৰিবা মাথোন, বুকুত হাত থৈ সুৰে সুৰে সুৰ তুলি তুমিও মেলি দিবা সেই সুৰৰ পানচৈ চিনাকি - চিনাকি । ( জনসাধাৰণ কাকতৰ নৱবৰ্ষ বিশেষ সংখ্যা -১ জানুৱাৰী ২০১১ ত কবিতাটো প্রকাশ পাইছে। )

শাশ্বত কথা ( The Eternal Quote )

এটি অশান্তিকৰ পৰিবেশত থাকি শান্তিৰ গান গোৱা অনৰ্থক যেন লাগিলেও এনে অশান্তিকৰ পৰিৱেশেই কিন্তু আমাৰ নিজৰ মাজতেই এটি শান্তি-স্তম্ভ নিৰ্মাণ কৰাৰ প্রয়োজনো উপলদ্ধি কৰায়।

বিষ্ণু প্রসাদ ৰাভাৰ এখন ঐতিহাসিক ভাষণ ( প্রৱন্ধ)

Image
অসমৰ জাতীয় জীৱনৰ উন্নতিৰ হকে যি কেইজন মনিষীয়ে  তেওঁলোকৰ অহোপুৰুষাৰ্থৰে অৱদান ৰাখি থৈ গ'ল,সেইসকলৰ ভিতৰত  বিষ্ণু প্রসাদ ৰাভাৰ নাম সোণালী আখৰে সৰ্বকালৰ বাবে প্রতিজন জাতীয় ভাবাপন্ন অসমীয়াৰ হৃদয়ত খোদিত হৈ ৰ'ব।                                                                                                                                                                                            বিষ্ণু প্রসাদ ৰাভা একেধাৰে শিল্পী,গায়ক,নৃত্যশিল্পী,লেখক,কবি,                 ...

নিবন্ধ -২ ( ভকতৰ সান্নিধ্যত )

আমাৰ দেউতা হাবিতলীয়া ঠাইত চাকৰি কৰা কাৰণে কেইবা বছৰো মই গাঁৱৰ ভকতীয়া সমাজ খনত ডাঙৰ দীঘল হৈছিলোঁ।সংসাৰৰ গভীৰ দিশসমূহে আমাক তেতিয়া ঢুকি পোৱা নাছিল।দীঘল নৰা, ফুটুকানিৰ মাজে মাজে লুকা-ভাকু খেলি অথবা পথাৰে পথাৰে ধানৰ লেছেৰি বুটলি, চেঁচোৰ খান্দি,সমনীয়াৰ সতে বন ভোজ খাই বৰ আনন্দ অনুভৱ কৰিছিলোঁ। আমাৰ বৰদেউতা পুৱা গধূলি গুৰু সেৱা কৰা এক শৰণীয়া ভকত আছিল।তেতিয়া গাঁওবোৰত বিজুলি বাতি নাছিল।টিপ - চাকি অথবা লেমৰ পোহৰত ৰাতি- ৰাতি চছমা নোহোৱাকৈ ঘোষা - কীর্তন অথবা নামধর্মীয় আলোচনীখন ডাঙৰ ডাঙৰকৈ পঢ়ি থকা আমি শুনিছিলোঁ। যিটো জনে শুদ্ধ ভাৱে                হৰিত শৰণ লৈয়া                     হৰিক সুহৃদ বুলি  আছে। হৰিৰ প্রসাদ  সিটো                   বিঘ্নিৰ  মূণ্ডত ভৰি                     দিয়া  হৰিগুণ গায়া  নাচে।                    ...

নিৱন্ধ - ১ ( মানুহৰ প্রতিভা )

মানুহৰ প্রতিভা সৌভাগ্যক্রমে আপুনি ভালেমান প্রতিভামান মানুহৰ সংস্পৰ্শলৈ অহাৰ দুৰ্লভ সুযোগ পাব পাৰে। তেওঁলোকৰ সান্নিধ্যত এক অনাবিল সুখ আৰু উৎসাহ অনুভৱ কৰিব পাৰে। তেওঁলোকৰ বিশাল প্রতিভাই আপোনাক বিস্মিত কৰি তুলিব পাৰে। গভীৰ আবেগেৰে তেওঁলোকৰ মুখলৈ চোৱাৰ আপোনাৰ হেঁপাহ উপজিব পাৰে। আনহাতে কিছুমান বিৰক্তিকৰ অভিজ্ঞতাও যে আপোনাৰ নহ'ব এনে নহয়। কেতিয়াবাকোনো প্রতিভাধৰৰ কাষলৈ শ্রদ্ধা আৰু উৎসাহেৰে যোৱা হয় ; কিন্ত তেওঁৰ ওচৰ পোৱাৰ লগে - লগে এক দুখ আৰু হতাশাইহে আপোনাৰ মনক আবৰি ধৰে। ব্যক্তিজনৰ প্রতি থকা আপোনাৰ প্রৱল আকৰ্ষণ হেৰাই যোৱাৰো উপক্রম হয় । অথচ কেতিয়াবা বিশেষ একো নথকা মানুহ এজনৰ প্রতিও প্রবল আাকৰ্ষণ অনুভৱ কৰা যায়। তেওঁৰ সান্নিধ্য পাবলৈ আপোনাৰ মনটো ব্যগ্র হৈ উঠিব পাৰে।মানুহজন গহীন গম্ভীৰ। ধীৰ-স্হিৰ। মানুহজনে মনত কোনো কলুষ নৰখাকৈ হাঁহি মুখে কথা কয়।মানুহজন অল্পভাষী।নিকা চৰিত্রৰ। তেওঁ সদায় অভিজ্ঞতাৰ ভিত্তিত কথা কয়।সাৰুৱা কথা কয়।তেওঁ আনৰ কথাবোৰ মন দি শুনে। আনৰ কথা ভাবে। আন মানুহৰ দুখত দুখী আৰু সুখত সুখী হয়। তেওঁ সদা পৰোপকাৰী।মানুহজনে সাধাৰণ হৈয়ো অসাধাৰণ;বিশাল মনৰ লোক। একোজন ম...

কবিতা - ৫ ( কেতিয়াবা কথাবোৰ নোকোৱাকৈয়ে )

  কেতিয়াবা কথাবোৰ নোকোৱাকৈয়ে নোকোৱাকৈয়ে হেনো কেতিয়াবা কথা ক'ব পাৰি কুটৰি কুটৰি মানুহৰ সিৰাই সিৰাই সোমাব পাৰি যেনেকৈ হৃদয়ৰ দাপোণেৰে মনৰ বতৰা ল'ব পাৰি নোকোৱাকৈয়ে হেনো কিছুমান কথা পাতিব পাৰি কথাৰ গহ্বৰত সোমাব পাৰি বুজা - নুবুজা ভাবেৰে অলপ হাঁহিব পাৰি যেনেকৈ বেলি চাই জুখিব পাৰি সময় নোকোৱাকৈয়ে হেনো উমানতে কিছুমান কথা ধৰিব পাৰি ঠাৰে-চিঁয়াৰে পাগুলি থাকিব পাৰি, কিছুমান কথা আকশে বতাহে সিঁচৰতি কৰিব পাৰি কথাৰ লহৰ- বজাই তুলিব পাৰি আলফুলে বুকুত এটা সপোনৰ সুৰ বোৱাই আনিব পাৰি জিৰ জিৰ- এজাক উমাল বৰষুণ কোনেও জনা -নজনাকৈ কোনেও দেখা- নেদেখাকৈ কোনেও কাকো নোকোৱাকৈ ( এই কৱিতাটো যোৱা ২৬ মাৰ্চ,২০১২ তাৰিখে "সাদিন" কাকতত প্রকাশ পাইছে।)

কবিতা -৪ ( মায়া নগৰীত এদিন )

মায়া নগৰীত এদিন সপোন নে দিঠক নে ছঁয়াময়া কিবা এটা - বিজুলীৰ দৰে অহা এক প্রচণ্ড শব্দত থুনুকা কাঁচৰ দৰে ঠন্ ঠন্ কৈ হঠাৎ যেন সৰগখন ভাঙি পৰিছিল ফুল - কুমলীয়া কলিজাবোৰ ছিটিকি পৰিছিল শিল পৰা কপৌৰ দৰে মানুহবোৰ থৰ লাগিছিল হঠাৎ যেন হাতখন হাতোৰা হৈ পৰিছিল মুখা পিন্ধা ছায়াবোৰে কিৰিলি পাৰিছিল নদীবোৰ উভতি বৈছিল গছবোৰ উভালি পৰিছিল আৰ্তজনৰ দৰে চৰাইবোৰে সিহঁতৰ ডেউকাবোৰ প্রসাৰিত কৰি, চিঞৰি উঠিছিল কালিকা লগা আত্মাবোৰে ৰাজপথত জীৱন নাটৰ ভাওনা পাতিছিল যেন,অদৃশ্য মায়াময় ব্রহ্ম ব্রহ্ম ব্রহ্ম......। ( কবিতাটো গুৱাহাটীৰ পৰা প্রকাশ পোৱা কাব্যালোচনী "শিপা" ত ইতিমধ্যে প্রকাশিত)

কবিতা - ৩ ( পঢ়াশালি )

বহুদিনেই হ'ল ঘৰলৈ যোৱা নাই সেউজীয়াৰ স'তে বহুদিন প্রাণ খুলি কথা পতা নাই। চিপচিপীয়া বৰষুণত তিতি-বুৰি আলিবাটৰ কোবাল পানীত আজি কত দিন হ'ল খেলি পোৱা নাই। পঢ়াশালিৰ চোতালত নেওঁতা আওৰোৱাৰ দিন চিলট-পেঞ্চিলৰ কটাকটি, চেংগুটি-টাংগুটি আৰু যে কত কি! তোমাৰ আয়ে দিছিলনে বাৰু তপতে তপতে ভাতকেইটা? বন ঢেঁকীয়াৰ শাক অথবা কলডিল-পচলাৰ ভজা? বৰশীত উঠা নে, জাকৈ-জুলুকিত ধৰা পোৰা মাছ? ঔ, বগৰী, তেঁতেলীৰ তলত আমাৰ ল'ৰালিৰ জাক। ঝাউবন, কঁহুৱাৰ তলে তলে লুকাভাকু খেলা নৈত সাঁতুৰি- নাদুৰি বালিচৰত বালিঘৰ সজা আৰুযে কত কথা! আনৰ বাৰীৰ সেন্দুৰীয়া আমলৈ ঘনেপতি কোনে বাৰু দিয়ে চকু? মৈ-নাঙল-যুঁৱলিৰ স'তে সখি পাতি পুঠি-ডঁৰিকনাবোৰ কোনে বাৰু খেপিয়াই ধৰে? বহুদিনেই হ'ল ঘৰলৈ যোৱা নাই সেউজীয়াৰ স'তে বহুদিন প্রাণ খুলি কথা পতা নাই।

কবিতা -২ ( সুৰীয়া জীৱনৰ সন্ধানত )

সুৰীয়া জীৱনৰ সন্ধানত ঐ পেট, তই নোহোৱা হ'লে বতাহ খাই মানুহ জীয়াই থাকিব পৰা হ'লে অৰণ্য,নদী,চৰাই,আকাশক ভাল পাব পৰা হ'লে সামাজিক বাধাবোৰ নথকা হ'লে গৰ্ব -অহংকাৰ,লালসা নথকা হ'লে মানুহবোৰ অ-মানুহ নোহোৱা হ'লে শিলে জীৱন পোৱা হ'লে শিলে প্রেম কৰা হ'লে গছে কথা কব পৰা হ'লে চৰাই হৈ উৰিব পৰা হ'লে আই ঐ দেহি - আ: জীৱন ।

কবিতা -১ (বৰকাঁহৰ শব্দত )

বৰকাঁহৰ শব্দত নাম ঘৰীয়া নামঘৰৰ বৰকাঁহ ৰজন জনাই ভদীয়া কাই,  পেটে কলমল,কলমল কোনে কেনি ঢপলিয়াই বৰসভাহত ভিৰ, চপৰ্ চপৰ্ চাপৰি কোনে বায় ।