কবিতা-৮ (দুখবোধৰ যন্ত্রণাত)
আপোনাক কেতিয়াবা
এটা অজান দুখে
গোপনে হিয়াত
খুন্দা মাৰেনে ?
ওলাইনে ধাৰাসাৰে
জিৰ জিৰ নিগৰি
এসোঁতা - তপত লোতক
দুখতো
সুখতো।
বুকু ভাঙি ওলাই আহেনে
হিয়ালি জিয়ালি
আপোনাৰ আজন্ম
জীৱনৰ দুখ।
দুখৰ ভৰত
সপোনতো কেতিয়াবা
উচপ খাই
আপুনি উচুপি উঠেনে ?
কি সেই অজান দুখ
সদায়েযে খেদি খেদি ফুৰে ।
গোপনে হিয়াত খুন্দা মাৰে ।
( কবিতাটো ইতিমধ্যে " শিপা " আলোচনীত প্রকাশ পাইছে । )
Comments