কবিতা-৯ ( সহোদৰ )


শ্রম কৰিবলৈ যোৱাৰ আগলৈকে
মই তাৰ মুখলৈ চোৱা নাছিলোঁ।

জানেইতো নিবনুৱাৰ দুখ
আলাই - আথানি জীৱন

স্বপ্নলোকৰ যাত্রী
সি মোৰ সহোদৰ আছিল
নীৰবে থাকি
পুৱাৰ সাজ,ৰান্ধি-বাঢ়ি
সযতনে, সি মোক খুৱাই লৈছিল

কাণিমুনি পৰত
স্বপ্নাতুৰ এজাক ছায়াই তাক
আবৰি ধৰিছিল
সি অলৰ-অচৰ হৈ পৰিছিল
স্বপ্নৰ দেশলৈ, কোনেও নজনাকৈ
সি, অহাবাটে গুচি গৈছিল

এতিয়াও সি
পালতৰা স্বপ্নৰ নাওত
মাজে মাজে আহে
ৰুগীয়া আইৰ খবৰ লয়
ভাগৰুৱা দেহাৰে
মোৰ পঁজাত ক্ষন্তেক ৰৈ
এমুঠি খায়

পুনৰ, অহাবাটে যায়গৈ
স্বপ্নৰ দেশলৈ, কোনেও নেদেখাকৈ।


টোকাঃ এই কবিতাটো ইতিমধ্যে @www. xahitya .org ত প্রকাশিত।

Comments

Popular posts from this blog

ফাগুন

ডিফুত গান্ধী আলোচনা - অনুভবৰ কিছু কথা

‘কাটাৰৰ ডায়েৰী’- এখন সুখপাঠ্য গ্রন্থ