Posts

    ওভতনি যাত্রা  ( কৱিতা# Assamese poem )   -          ওভতনি যাত্রা                                                    -    বিদুল বৰুৱা কাহিলি পুৱাঁতে গৈ একাবেকা দূৰ্গম পাহাৰীয়া পথেৰে শতক মাইল অতিক্ৰমি –   ভাগৰুৱা দেহাৰে যেতিয়া   ঘৰলৈ   উভতো, চহৰখনে নিতাল মাৰি শুই পৰে।   চকিহলা, চিলনিজান, ডিলাইৰ কুৱাৰেন্টাইন   শিবিৰ বোৰ ৰাতিৰ পোহৰত যেতিয়া জিলিকি উঠে., এনেহেন লাগে, যেন এখন   যুদ্ধৰ বাবে গড় নিৰ্মাণৰ মহা প্রস্তুতি।   সামাজিক দূৰত্ব, মাস্ক, চেনিটাইজ, ইমিউনিটি এই আচহুৱা   শব্দবোৰেই আমাৰ বাবে এতিয়া এক   শক্তিশালী প্রতিৰোধৰ অস্ত্ৰ।   সৌ সিদিনা, কৰুণাৰ কৰাল গ্রাসত পৰি বন্ধু ৰামছিঙো ...
  এদিন ৰঙাগড়া ঘাটত   ( কৱিতা#  Assames poem)   এদিন ৰঙাগড়া ঘাটত -বিদুল   বৰুৱা   বেলি লহিওৱা বাটেৰে ৰঙাগড়া ঘাটৰ কাঠৰ দলংখনৰ ৰেলিঙৰ ফাঁকেৰে মই যেন আকৌ এবাৰ তাহানিৰ ভৰা নৈখন দেখিলো –     ঝাওবনৰ মাজে মাজে মানুহবোৰ যেন উলাহতে মুকলি পথাৰখনলৈ ঢাপলি মেলিছে   কঁহুৱা বনবোৰ যেন লিৰিকি- বিদাৰি হালিছে-জালিছে     নৈপৰীয়া বতাহজাক যেন জাকৰুৱা বাটেৰে পুনৰাই ঘৰলৈ উভতি আহিছে   চাপৰিত থকা ‘জেঠপা’ৰ   বহাত কেৰাচিনৰ চাকিগছি এই যেন ঢিমিককৈ   জ্বলি উঠিছে     অ’ মোৰ ৰঙাগড়া ঘাট বাঁহীত বজাই দেচোন এবাৰ তোৰ সেই ঐনিতমৰ আপোন সুৰটো হেঁপাহ নপলায় মানে শুনো।

হাততে ‘জেতুকা’ৰ বোল

Image
                                 হাততে ‘জেতুকা’ৰ বোল                                                                                                      -    বিদুল বৰুৱা                                       ...

পাৰি ৰংপিৰ কবিতা

Image
                                                                                পাৰি ৰংপিৰ কবিতা                                                                                                          বিদুল বৰুৱা   ( পৰিচয়মূলক টোকা : ১৯৫০ চনত কাৰবি আংলং জিলাৰ তাৰা...

অৰণ্যৰ গভীৰলৈ

Image
অৰণ্যৰ গভীৰলৈ যদিও আপোনাৰ সেউজীয়া প্রকৃতিৰ বিনন্দীয়া পৰিৱেশত জন্ম লাভ কৰা অথবা শৈশৱ লালিত –পালিত হোৱা নাই ; সুযোগ – সুবিধা পালেই অৰণ্যৰ মাজলৈ সোমাই যাওক। পৰ্বতৰ ওখোৰা – মোখোৰা বাটেৰে গাড়ীৰে প্রৱেশ কৰা কঠিন হ’ব পাৰে।আপুনি খোজ কাঢ়ি কাঢ়ি অকলশৰে আগবাঢ়ক। আপুনি সুহূৰিয়াব নাজানে,কিন্তু আপোনাৰ ভাল লগা গানৰ কলি আপোনা- আপুনি গুণগুণাই ওলাই আহিব।চহৰৰ পুতিগন্ধময় যান্ত্রিক জগতখনে দিয়া যন্ত্রণা ক্ষন্তেকলৈ হ’লেও মনৰ পৰা আঁতৰি যাব। এক অনাবিল প্রশান্তিয়ে আপোনাক আবৰি ধৰিব।অৰণ্যময় এই প্রকৃতিৰ কোলাত নিজকে বিলাই দিবলৈ মন যাব।আপুনি আগবাঢ়ি যাওক। আপোনাৰ আগেদিয়েই কেইবাটাও বন কুকুৰা ককককাই উৰি যোৱা দেখিব। হয়টো এপাল বন গাহৰিৰ জাকে হূৰহূৰাই   দ খাৱৈৰ মাজেৰে নামি গৈছে। অৰণ্যৰ বাঁহ , বেতৰ জোপোহা, ঔ,বগৰি, লানি লানি কলগছ, ৰঙা তিতা ফুলবোৰ দেখিয়ে ভাল লাগিব। তললৈ হাউলি পৰা লেটেকু   জোপাই যেন আপোনাক মোক খা মোক খাকৈ আমন্ত্রণ জনাব। মূলপথ এৰি লুংলুঙীয়া বাটেৰে খোজ কাঢ়ক। হাবিয়নিৰ লুংলুঙীয়া বাটেৰে যোৱাৰ আনন্দই বেলেগ। সাৱধানে যাব। চোৰাতে পাব । কাঁইটীয়া জোপোহা , লতা-বনে আপোনাক আগুৱাই যোৱাত বাধা দিব। লতা ভাঙি ভাঙ...

ডিফু বৰনামঘৰ

Image
                                                                                                 ডিফু বৰনামঘৰ                                                                      ( ট...

অসমৰ জনগোষ্ঠী আৰু বিহুনাম

                                          বিহু কৃষিভিত্তিক উৎসৱ।মূলত: উৰ্বৰা বিশ্বাস জড়িত কৃষিধৰ্মী এই গ্রাম্য উৎসৱটিয়ে বিভিন্ন সংস্কৃতিৰ সংস্পৰ্শত আজি এক সমৃদ্ধ আৰু বাৰেৰহনীয়া ৰূপ ধাৰণ কৰিছে।সেয়েহে বিহুটি বিহুৱা বতৰত বিহু নাচ আৰু নামৰ যোগেদি অসমৰ মানুহে আকুল হৃদয়েৰে পালন কৰা কেৱল এক পৰম্পৰাগত অনুষ্ঠান বুলি ক’ব নোৱাৰি। বিহু অসমৰ জাতীয় সংস্কৃতিৰ মূল চিনাকি অথবা অসমৰ লোকজীৱনৰ প্রেৰণাদায়িনী শক্তিত, আজি পৰিণত হৈ পৰিছে। ডক্টৰ ভূপেন হাজৰিকাৰ গীতৰ ভাষাৰে- ‘ব’হাগ এটি মাথো ঋতু নহয়,নহয় এটি মাহ, অসমীয়া জাতিৰ ই আয়ুস ৰেখা,গণজীৱনৰ ই সাহ’। তেনেকৈ বিহু নামত কোৱাৰ দৰে-     দিহিং, দিচাং, দিখৌ আৰু নদী ধনশিৰি     মিলিনো ব্রহ্মপুত্র মহাসুঁতিৰ এসুঁতি;     সেইদৰেনো ঐ নাচনী     কাৰবি,মিচিং, কছাৰী,মিলিনো ঐ অসমীয়া     হয়নো মহাজাতি। বিহু আজি ...