Posts

Showing posts from 2023

পাৰি ৰংপিৰ কবিতা

Image
                                                                                পাৰি ৰংপিৰ কবিতা                                                                                                          বিদুল বৰুৱা   ( পৰিচয়মূলক টোকা : ১৯৫০ চনত কাৰবি আংলং জিলাৰ তাৰাবাছাত জন্ম গ্রহণ কৰা পাৰি ৰংপি অসম চৰকাৰৰ ,   যুটীয়া সঞ্চালকৰ ( স্বাস্থ্য বিভাগ) কার্যালয়ৰ অবসৰ প্রাপ্ত পৰিসংখ্যা সহায়ক আছিল। ওৰেটো জীৱন এগৰাকী সক্রিয় ৰাজহুৱা কর্মী ,কবি ৰূপে পৰিচিতি লাভ কৰা পাৰি ৰংপি, কাৰবি লামেত আমেইৰ প্রাক্তন সভাপতি, অসম সাহিত্য সভাৰ প্রাক্তন সহকাৰী সম্পাদক, কাৰবি আংলং জিলা সাহিত্য সভাৰ প্রাক্তন সভাপতি হোৱাৰ উপৰি অসম চৰকাৰৰ সাহিত্যিক পেন্সনাৰ ৰূপে স্বীকৃত (২০২২) । জোৱাৰত মোৰ কবিতা ( ২০১০), হৃদয়ৰ বুৰবুৰণি ( ২০২২) দুখন তেওঁৰ কাব্যগ্রন্থ। ৰাষ্ট্রীয় বঁটাৰে সন্মানীত কথাছৱি ‘ৱছবিপ’ৰ এগৰাকী সবল অভিনেতাও আছিল। )     পাৰি ৰংপি কাৰবি আংলঙৰ সমাজ জীৱনৰ এক পৰিচিত নাম। মূলত এক প্রতিষ্ঠিত কবি পাৰি ৰংপিৰ অসমৰ কাব্য জগতত এক বিশেষ খ্যাতি আছে। কাৰবি আৰু অসমীয়া ভাষাত নিজৰ কোমল অনুভূতি বোৰ সহজ সৰল প্রকাশে,তেখেতৰ কব