কবিতা-৭ (সময়বোৰ এতিয়া এনেকৈয়ে)


এইযে এতিয়া তোমাৰ স'তে কথা পাতিলোঁ
তোমাৰ স'তে হিয়া খুলি হাঁহিলোঁ
ওমলিলোঁ শৈশৱৰ স্মৃতিৰ স'তে
উলাহত আমি সাবটি ধৰিলোঁ
চেনেহ যাচিলোঁ
নিমন্ত্রণ কৰিলোঁ, ইজনে সিজনক
তুমি ক'লা - আমি যাম।

এইযে মই ঘৰৰ পৰা ওলালোঁ
ঘৰলৈ ঘূৰি নাযাবও পাৰোঁ দুনাই।

এইযে ল'ৰাটোক স্কুলত থলোঁ
তাক মই নাপাবও পাৰোঁ ঘূৰাই।

এইযে বজাৰ - হাট, বিহুতলী, চিনেমা - থিয়েটাৰ - ঘৰ
আমিযে আনন্দ কৰোঁ
জীৱনক চাওঁ উৰাই - ঘূৰাই
আৰু দেখা নাপাবও পাৰোঁ।

এতিয়া এনেকুৱাই সময়
কথাবোৰ কওঁ বুলিও
ক'ব নোৱাৰি
কথাবোৰ গোপনে থাকে, গুজৰি - গুমৰি
যেন উমি উমি একুৰা জুই।

(  এই কৱিতাটো  " সাতসৰী " আলোচনীত ১৬-২৯ ফেব্রুৱাৰী,২০০৮ সংখ্যাত প্রকাশিত )

Comments

Popular posts from this blog

ফাগুন

‘কাটাৰৰ ডায়েৰী’- এখন সুখপাঠ্য গ্রন্থ

ডিফুত গান্ধী আলোচনা - অনুভবৰ কিছু কথা