Posts

Showing posts from January, 2013

সন্ত বিনোৱাজীৰ দৃষ্টিত মাধৱদেৱৰ নামঘোষা ( প্রৱন্ধ)

Image
অসমীয়া আধ্যাত্মিক সাহিত্য সমূহৰ ভিতৰত মাধৱদেৱ প্রণিত নামঘোষা এখন অতি উৎকৃষ্ট গ্র্রন্হ। এই গ্রন্হ খনৰ বহু কেইজন স্বনামধন্য্ পণ্ডিত আৰু টীকাকাৰে ইয়াৰ তাত্ত্বিক বাখ্যা পাঠক সমাজলৈ আগবঢ়াইছে। ইয়াকে কৰোতে, ভক্তপ্রাণ ৰাইজৰ লগতে ৰসগ্রাহী পাঠক সমাজেও ইয়াৰ সাৰসমূহ হৃদয়ংগম কৰাত সুবিধা হৈছে। ভূ-দান আন্দোলনৰ জনক বিনোৱাজীয়ে পদযাত্রা কৰি,১৯৬৫ চনৰ  পাঁচ মাৰ্চ তাৰিখে, অসমলৈ আহোতে, " নামঘোষা " খন গভীৰ ভাৱে অধ্যয়ন কৰি, প্রায় পাচঁশ পদ্যৰ সাৰাংশ তেখেতে প্রস্তুত কৰিছিল। এই সাৰাংশ সমূহ , প্রথমে " নামঘোষা সাৰ " নামে প্রকাশিত হৈ উলোৱাৰ পিছত, গুৱাহাটীৰ সৰ্ব্বোদয় প্রকাশন সমিতিয়ে, ১৯৮৫ চনত এই ঘোষাৰ সাৰৰ পৰাই " নামঘোষা - নবনীত ' নামেৰে  পুনৰ পাঠক সমাজলৈ উলিয়াই দিয়ে। ধনদা বৰুৱা আৰু লক্ষেশ্বৰ হাজৰিকাই যুটীয়া ভাবে অনুবাদ কৰা এই গ্রন্হ খন অসমীয়া সাহিত্যলৈ অন্যতম সংযোজন বুলিব পাৰি।  প্রাৰ্থনা, উপদেশ আৰু মহিমা নামেৰে তিনিটা অধ্যায়ত পৃথকে ভাগ কৰি ৰচনা কৰা, এই গ্রন্হ খনত পৰম শ্রদ্ধা সহকাৰে, প্রাৰ্থনা অধ্যায়ত নিজৰ আলোচনা আৰম্ভ কৰিছে   -         " ভাৰতৰ প্রত্যেক ভা

তেওঁ গ'লগৈ ( কবিতা - ১১ )

ইমান সোনকালেযে মানুহজন গ'লগৈ ফিকা চাহটুপি খালে নে নাখালে  এটা কটা বিস্কুট অথবা এটা সতেজ ৰসগুলা - জনতাই ভিৰ কৰা হোটেল খনত বহি জমি উঠা কথাৰ মহলাত মানুহজনে ক'লে নে  নক'লে আধাকোৱা সেই গল্পটোৰ কাহিনীভাগ মানুহজনে লগ পালেনে নাপালে বজাৰত বিচাৰি ফুৰা তেওঁৰ মনৰ মানুহজন মানুহজন ওখ পাহাৰটোলৈ যোৱাৰ কথা আছিল ৰিৎনংচিংদিৰ তালে তালে নচাৰ কথা আছিল জোনাক নিশা উজাগৰে থাকি গোলাপী ৰসত আঙুলি তিয়াই গাওঁবুঢ়াৰ মুখেৰে সাধু শুনাৰ কথা আছিল পিছে, সাধু শুনা হ'ল নে নহ'ল চ'মাংকানৰ গীত শুনিলেনে নুশুনিলে ওখ বিৰিখ জোপাৰ স'তে সখি পাতিলেনে নাপাতিলে চকামকাকৈ, মিচিকি হাঁহিৰে এবাৰ যি দেখিলোঁ আৰু নেদেখিলোঁ ইমান সোনকালেযে মানুহজন গ'লগৈ! টোকা- ১ চ'মাংকান= কাৰ্বি সকলৰ শ্রাৰ্দ্ধ অনুষ্ঠান            ২ ৰিৎনংচিংদি= কাৰ্বি সকলৰ জুম তলিৰ নৃত্যানুষ্ঠান - বিদুল বৰুৱা

নিৰ্মাণ থলীত এদিন ( কবিতা - ১০ )

নিৰ্মাণ থলীত এদিন  ( কবিতা - ১০ ) ৰ'দে পোৰা এদিনৰ কথা- সৰ্পিল গতিৰে খুপি খুপি আগবঢ়া এজাক মানুহৰ মিছিলে মোৰ সমগ্র সত্তাক আবৰি ধৰিছিল। মোৰ এনে লাগিছিল- এটা যান্ত্রিক স্পৰ্শত সেই মানুহবোৰৰ লুণীয়া টোপাল প্রেম আৰু দুখবোৰে যেন গোটা বান্ধি এটা ধাতব শক্তিৰ ৰূপ লৈছিল। মোৰ মনলৈ আহিছিল- তাহানিতে, শাওন মহীয়া পথাৰত পিতাইৰ স'তে কটোৱা দিনৰ কথা। নিয়ন লাইটৰ পোহৰত খলপাৰ জোখেৰে উমানতে গম পাঁও এতিয়া আমাৰ সীমাহীন  সমৃদ্ধিৰ বতৰা এছাটি মলয়া বা এষাৰি কোমল মাত এবাতি শীতল পানী যেন শাওণ মাহৰ ছাঁ বৰ মহঙা।                                       - বিদুল বৰুৱা

এজনী পি চি অ' ৰ ছোৱালীৰ দুখ ( গল্প )

Image
ছোৱালীজনী আচৰিত ধৰণে ভাল লাগে মহেশৰ। সুন্দৰ চাৱনি, সুন্দৰ মুখ, হাঁহি, চুলি সকলোবোৰে তাইক আকৰ্ষণীয় কৰি তোলে। পুৱাৰ পৰা গধূলিলৈকে ৰাস্তাৰ কাষৰ          পি চি অ' টোত ছোৱালীজনী বহি  থাকে। সন্ধিয়া বজাৰলৈ গ'লে ফোন কৰিবলৈ নাথাকিলেও মহেশে পি চি অ' টোৰ ফালে এনেয়ে এবাৰ চাই পঠিয়ায়। কেতিয়াবা ছোৱালীজনীৰ চকুৱে চকুৱে পৰে। আৰু এনে হওঁতেই এক স্বৰ্গীয় অনুভুতিয়ে হঠাতে মহেশক আৱৰি ধৰেহি।          গধূলি পি চি অ' টোত প্রায় মানুহে ভিৰ কৰেহি। সকলোৱে নিজৰ নিজৰ ফোন নম্বৰটো আগ বঢ়াই দিয়ে। - গুৱাহাটীলৈ লাইন পোৱা যাবনে ? - ট্রাই কৰি আছোঁ, বহক। একান্তমনে ছোৱালীজনীয়ে টেলিফোনৰ ডায়েলত নম্বৰবোৰ মিলাই যায়। লাইনটো কু-কুকৈ সোমাই গৈ গৈ এটা সময়ত ঈষৎ শব্দৰে বাধাপ্রাপ্ত হৈ ৰৈ যায়। আকৌ চেষ্টা কৰি কৰি একোবত লাইনটো লগাই তাই স্বস্তি অনুভৱ কৰে। দুৰণিবটীয়া আপোনজনৰ সৈতে গ্রাহকজনে সুখ-দুখৰ কথা পাতিবলৈ ধৰে।আনন্দত কাৰোবাৰ মুখখন জিলিকি উঠে। কোনো দু:সংবাদ পাই কোনো গ্রাহকৰ চকু চলচলীয়া হৈ আহে। কথা ক'ব নোৱাৰি ফোনটো লাহেকৈ থৈ দিয়ে। ছোৱালীজনী এনেবোৰ ঘটনাত আজিকালি অভ্যস্ত হৈ পৰিছে। তাই নিৰৱে