কবিতা - ৩ ( পঢ়াশালি )
বহুদিনেই হ'ল ঘৰলৈ যোৱা নাই সেউজীয়াৰ স'তে বহুদিন প্রাণ খুলি কথা পতা নাই। চিপচিপীয়া বৰষুণত তিতি-বুৰি আলিবাটৰ কোবাল পানীত আজি কত দিন হ'ল খেলি পোৱা নাই। পঢ়াশালিৰ চোতালত নেওঁতা আওৰোৱাৰ দিন চিলট-পেঞ্চিলৰ কটাকটি, চেংগুটি-টাংগুটি আৰু যে কত কি! তোমাৰ আয়ে দিছিলনে বাৰু তপতে তপতে ভাতকেইটা? বন ঢেঁকীয়াৰ শাক অথবা কলডিল-পচলাৰ ভজা? বৰশীত উঠা নে, জাকৈ-জুলুকিত ধৰা পোৰা মাছ? ঔ, বগৰী, তেঁতেলীৰ তলত আমাৰ ল'ৰালিৰ জাক। ঝাউবন, কঁহুৱাৰ তলে তলে লুকাভাকু খেলা নৈত সাঁতুৰি- নাদুৰি বালিচৰত বালিঘৰ সজা আৰুযে কত কথা! আনৰ বাৰীৰ সেন্দুৰীয়া আমলৈ ঘনেপতি কোনে বাৰু দিয়ে চকু? মৈ-নাঙল-যুঁৱলিৰ স'তে সখি পাতি পুঠি-ডঁৰিকনাবোৰ কোনে বাৰু খেপিয়াই ধৰে? বহুদিনেই হ'ল ঘৰলৈ যোৱা নাই সেউজীয়াৰ স'তে বহুদিন প্রাণ খুলি কথা পতা নাই।