অৰণ্যৰ গভীৰলৈ
অৰণ্যৰ গভীৰলৈ যদিও আপোনাৰ সেউজীয়া প্রকৃতিৰ বিনন্দীয়া পৰিৱেশত জন্ম লাভ কৰা অথবা শৈশৱ লালিত –পালিত হোৱা নাই ; সুযোগ – সুবিধা পালেই অৰণ্যৰ মাজলৈ সোমাই যাওক। পৰ্বতৰ ওখোৰা – মোখোৰা বাটেৰে গাড়ীৰে প্রৱেশ কৰা কঠিন হ’ব পাৰে।আপুনি খোজ কাঢ়ি কাঢ়ি অকলশৰে আগবাঢ়ক। আপুনি সুহূৰিয়াব নাজানে,কিন্তু আপোনাৰ ভাল লগা গানৰ কলি আপোনা- আপুনি গুণগুণাই ওলাই আহিব।চহৰৰ পুতিগন্ধময় যান্ত্রিক জগতখনে দিয়া যন্ত্রণা ক্ষন্তেকলৈ হ’লেও মনৰ পৰা আঁতৰি যাব। এক অনাবিল প্রশান্তিয়ে আপোনাক আবৰি ধৰিব।অৰণ্যময় এই প্রকৃতিৰ কোলাত নিজকে বিলাই দিবলৈ মন যাব।আপুনি আগবাঢ়ি যাওক। আপোনাৰ আগেদিয়েই কেইবাটাও বন কুকুৰা ককককাই উৰি যোৱা দেখিব। হয়টো এপাল বন গাহৰিৰ জাকে হূৰহূৰাই দ খাৱৈৰ মাজেৰে নামি গৈছে। অৰণ্যৰ বাঁহ , বেতৰ জোপোহা, ঔ,বগৰি, লানি লানি কলগছ, ৰঙা তিতা ফুলবোৰ দেখিয়ে ভাল লাগিব। তললৈ হাউলি পৰা লেটেকু জোপাই যেন আপোনাক মোক খা মোক খাকৈ আমন্ত্রণ জনাব। মূলপথ এৰি লুংলুঙীয়া বাটেৰে খোজ কাঢ়ক। হাবিয়নিৰ লুংলুঙীয়া বাটেৰে যোৱাৰ আনন্দই বেলেগ। সাৱধানে যাব। চোৰাতে পাব । কাঁইটীয়া জোপোহা , লতা-বনে আপোনাক আগুৱাই যোৱাত বাধা দিব। লতা ভাঙি ভাঙি আগুৱাই