Posts

Showing posts from December, 2012

কবিতা-৯ ( সহোদৰ )

শ্রম কৰিবলৈ যোৱাৰ আগলৈকে মই তাৰ মুখলৈ চোৱা নাছিলোঁ। জানেইতো নিবনুৱাৰ দুখ আলাই - আথানি জীৱন স্বপ্নলোকৰ যাত্রী সি মোৰ সহোদৰ আছিল নীৰবে থাকি পুৱাৰ সাজ,ৰান্ধি-বাঢ়ি সযতনে, সি মোক খুৱাই লৈছিল কাণিমুনি পৰত স্বপ্নাতুৰ এজাক ছায়াই তাক আবৰি ধৰিছিল সি অলৰ-অচৰ হৈ পৰিছিল স্বপ্নৰ দেশলৈ, কোনেও নজনাকৈ সি, অহাবাটে গুচি গৈছিল এতিয়াও সি পালতৰা স্বপ্নৰ নাওত মাজে মাজে আহে ৰুগীয়া আইৰ খবৰ লয় ভাগৰুৱা দেহাৰে মোৰ পঁজাত ক্ষন্তেক ৰৈ এমুঠি খায় পুনৰ, অহাবাটে যায়গৈ স্বপ্নৰ দেশলৈ, কোনেও নেদেখাকৈ। টোকাঃ এই কবিতাটো ইতিমধ্যে @www. xahitya .org ত প্রকাশিত।

কবিতা-৮ (দুখবোধৰ যন্ত্রণাত)

আপোনাক কেতিয়াবা এটা অজান দুখে গোপনে হিয়াত খুন্দা মাৰেনে ? ওলাইনে ধাৰাসাৰে জিৰ জিৰ নিগৰি এসোঁতা - তপত লোতক দুখতো সুখতো। বুকু ভাঙি ওলাই আহেনে হিয়ালি জিয়ালি আপোনাৰ আজন্ম জীৱনৰ দুখ। দুখৰ ভৰত সপোনতো কেতিয়াবা  উচপ খাই আপুনি উচুপি উঠেনে ? কি সেই অজান দুখ সদায়েযে খেদি খেদি ফুৰে । গোপনে হিয়াত খুন্দা মাৰে । (  কবিতাটো ইতিমধ্যে   " শিপা " আলোচনীত প্রকাশ পাইছে । )

কবিতা-৭ (সময়বোৰ এতিয়া এনেকৈয়ে)

এইযে এতিয়া তোমাৰ স'তে কথা পাতিলোঁ তোমাৰ স'তে হিয়া খুলি হাঁহিলোঁ ওমলিলোঁ শৈশৱৰ স্মৃতিৰ স'তে উলাহত আমি সাবটি ধৰিলোঁ চেনেহ যাচিলোঁ নিমন্ত্রণ কৰিলোঁ, ইজনে সিজনক তুমি ক'লা - আমি যাম। এইযে মই ঘৰৰ পৰা ওলালোঁ ঘৰলৈ ঘূৰি নাযাবও পাৰোঁ দুনাই। এইযে ল'ৰাটোক স্কুলত থলোঁ তাক মই নাপাবও পাৰোঁ ঘূৰাই। এইযে বজাৰ - হাট, বিহুতলী, চিনেমা - থিয়েটাৰ - ঘৰ আমিযে আনন্দ কৰোঁ জীৱনক চাওঁ উৰাই - ঘূৰাই আৰু দেখা নাপাবও পাৰোঁ। এতিয়া এনেকুৱাই সময় কথাবোৰ কওঁ বুলিও ক'ব নোৱাৰি কথাবোৰ গোপনে থাকে, গুজৰি - গুমৰি যেন উমি উমি একুৰা জুই। (  এই কৱিতাটো  " সাতসৰী " আলোচনীত ১৬-২৯ ফেব্রুৱাৰী,২০০৮ সংখ্যাত প্রকাশিত )

কবিতা-৬ (জীপাল হৈ উঠে)

মানুহ জনৰ বুকুত আলফুলে জীপাল হৈ উঠা ফুলৰ কলিটো, আশা কৰোঁ, তেওঁলোকৰ দৰে মোচৰি নেপালাবা - তেওঁৰ বুকুৰ ভিতৰত গুণ্ গুণকৈ বাজি থকা মিঠা সুৰটো স্তব্ধ নকৰিবা তেওঁৰ বুকুৰ ভিতৰৰ ফুলনিখনত নিৰলে মৌ চুহি থকা পখিলাবোৰ হুৰাই নিদিবা জোনাকী  পৰুৱাই পোহৰাই তোলা সুৰেৰে বন্ধোৱা বাটেৰেই  মানুহজনক বাট বুলিবলৈ দিয়া তেওঁৰ আপোন পথাৰখনত অজস্র হাফলুৰ কোনোবাটোত সংগোপনে লুকুৱাই থোৱা তেওঁৰ আত্মাটো বিচাৰি ফুৰোঁতে বাধা নিদিবা কোনোবা জোনাক নিশা জুৰিটোৰ পাৰৰ ওখ বিৰিখজোপাৰ টঙি ঘৰটিত বহি তেওঁ যেতিয়া সুৰৰ ৰাগিত মতলীয়া হৈ থাকে মানুহজনক আমনি নকৰিবা মাথোন, বুকুত হাত থৈ সুৰে সুৰে সুৰ তুলি তুমিও মেলি দিবা সেই সুৰৰ পানচৈ চিনাকি - চিনাকি । ( জনসাধাৰণ কাকতৰ নৱবৰ্ষ বিশেষ সংখ্যা -১ জানুৱাৰী ২০১১ ত কবিতাটো প্রকাশ পাইছে। )

শাশ্বত কথা ( The Eternal Quote )

এটি অশান্তিকৰ পৰিবেশত থাকি শান্তিৰ গান গোৱা অনৰ্থক যেন লাগিলেও এনে অশান্তিকৰ পৰিৱেশেই কিন্তু আমাৰ নিজৰ মাজতেই এটি শান্তি-স্তম্ভ নিৰ্মাণ কৰাৰ প্রয়োজনো উপলদ্ধি কৰায়।

বিষ্ণু প্রসাদ ৰাভাৰ এখন ঐতিহাসিক ভাষণ ( প্রৱন্ধ)

Image
অসমৰ জাতীয় জীৱনৰ উন্নতিৰ হকে যি কেইজন মনিষীয়ে  তেওঁলোকৰ অহোপুৰুষাৰ্থৰে অৱদান ৰাখি থৈ গ'ল,সেইসকলৰ ভিতৰত  বিষ্ণু প্রসাদ ৰাভাৰ নাম সোণালী আখৰে সৰ্বকালৰ বাবে প্রতিজন জাতীয় ভাবাপন্ন অসমীয়াৰ হৃদয়ত খোদিত হৈ ৰ'ব।                                                                                                                                                                                            বিষ্ণু প্রসাদ ৰাভা একেধাৰে শিল্পী,গায়ক,নৃত্যশিল্পী,লেখক,কবি,                                                      সাহিত্যিক,ঐতিহাসিক, নাট্যকাৰ, চিত্রপৰিচালক,অভিনেতা, খেলুৱৈয়ে নাছিল।  তেওঁ প্রকৃতাৰ্থত ৰূপান্তৰৰ সাধক,নিপিড়িত জনগৰ সখা,ত্যাগী পুৰুষ,এজন মহান বিপ্লৱী আছিল। ১৯১৭ চনত ঢাকা নগৰীত এখন উৰ্দ্দু নাটকত এটা সৰু দহ বছৰীয়া ৰাজকোঁৱৰৰ ভাৱত  অভিনয়ৰে সামাজিক  জীৱন আৰম্ভ কৰা ৰাভাই "ৰাইজকে গণ দেৱতা,নাটঘৰ আৰু ভাৱঁৰীয়া" জ্ঞান কৰি এদিন ৰাইজৰ "হিয়াৰ কোঁহ"ৰ পৰা অসমৰ  পুৰণি কৃষ্টি সংস্কৃতিৰ "অমৃতৰ সুৰৰ টোপালবোৰ বুটলি " আনি নিজৰ "মনকোঁহ"ত ভৰাই পুন

নিবন্ধ -২ ( ভকতৰ সান্নিধ্যত )

আমাৰ দেউতা হাবিতলীয়া ঠাইত চাকৰি কৰা কাৰণে কেইবা বছৰো মই গাঁৱৰ ভকতীয়া সমাজ খনত ডাঙৰ দীঘল হৈছিলোঁ।সংসাৰৰ গভীৰ দিশসমূহে আমাক তেতিয়া ঢুকি পোৱা নাছিল।দীঘল নৰা, ফুটুকানিৰ মাজে মাজে লুকা-ভাকু খেলি অথবা পথাৰে পথাৰে ধানৰ লেছেৰি বুটলি, চেঁচোৰ খান্দি,সমনীয়াৰ সতে বন ভোজ খাই বৰ আনন্দ অনুভৱ কৰিছিলোঁ। আমাৰ বৰদেউতা পুৱা গধূলি গুৰু সেৱা কৰা এক শৰণীয়া ভকত আছিল।তেতিয়া গাঁওবোৰত বিজুলি বাতি নাছিল।টিপ - চাকি অথবা লেমৰ পোহৰত ৰাতি- ৰাতি চছমা নোহোৱাকৈ ঘোষা - কীর্তন অথবা নামধর্মীয় আলোচনীখন ডাঙৰ ডাঙৰকৈ পঢ়ি থকা আমি শুনিছিলোঁ। যিটো জনে শুদ্ধ ভাৱে                হৰিত শৰণ লৈয়া                     হৰিক সুহৃদ বুলি  আছে। হৰিৰ প্রসাদ  সিটো                   বিঘ্নিৰ  মূণ্ডত ভৰি                     দিয়া  হৰিগুণ গায়া  নাচে।                                                                             (  নাম-ঘোষা -৭ ) ( যি অকপট ভাৱে হৰিত শৰণ লৈ হৰিক সুহৃদ বা পৰম বন্ধু  বুলি ধৰে, সি হৰিৰ কৃপাত সকলো বিপদ সঙ্কটৰ মূৰত ভৰি দি হ'লেও হৰিগুণৰ প্রভাৱতে আনন্দত নৃত্য কৰিব পাৰে।  উৎস - ঘোষামৃত ) ভাদ মা