Posts

Showing posts from 2013

আভিজাত্যৰ ধাৰণা

                                                                                    অৱশ্যে,এইটো সত্যযে অভিজাত অথবা অভিজাততন্ত্র কোনো নতুন কথা নহয়। সম্ভৱত: গ্রীকসকলৰ দিনৰে পৰা ই এটা কম-বেছি ধৰণে প্রচলিত ধাৰণা। পিচলৈ আমেৰিকাৰ বিশিষ্ট প্রতিভা ৱাছিংটন অথবা জন আদামছৰ দিনটো ইয়াৰ শাসন ব্যৱস্থাত যথেষ্ট প্রভাৱ পৰিছিল।আমাৰ দেশতো তাহানিৰ ৰজা মহাৰাজৰ দিনৰে পৰা আভিজাত্য অথবা অভিজাত শ্রেণীৰ কথা মানুহৰ মুখে মুখে আজি পৰ্যন্ত বাগৰি আহিছে।সাধাৰণ দৃষ্টিত অভিজাত লোক মানেই সৰ্বসাধাৰণ মানুহৰ পৰা আতৰি থকা এক ঐশ্বৰ্য আৰু প্রাচুৰ্যৰে ভৰপৃৰ সমাজৰ পদস্থ,সম্পদশালী লোক। আভিজাত্যৰ নামত লোকসকলে মানুহৰ মাজত এখন অদৃশ্যমান প্রাচীৰৰ সৃষ্টি কৰিব বিচাৰে। যি প্রাচীৰ ভেদ কৰাৰ সাহস সাধাৰণ লোক এজনে সততে কৰিব নোৱাৰে,কৰিবলৈ দিয়া নহয়।মানুহৰ মাজত এডাল বিভেদ ৰেখা এনেদৰেই টনা হয়। এনেকৈয়ে কিছুসংখ্যক লোকে নিজকে আভিজাত্যৰ শাৰীলৈ নিব বিচাৰে। আভিজাত্যৰ নামত পাশ্চাত্য সভ্যতাৰ কিছুমান নিয়ম ওপৰুৱাকৈ অনুকৰণ কৰে।এনে হৈ পৰিছে যেন,আভিজাত্য মানেই প্রচুৰ আৰ্থিক স্বচ্চলতা অথবা ৰাজকীয় ভোগ বিলাস। এই স্বচ্চলতা আহৰণ কৰিবলৈকে আমাৰ মানুহৰ মাজ

জীৱনৰ বাটত

(১) প্রকৃততে, মুহূৰ্তৰ বাবেও মই কামনা নকৰোঁ আপোনাৰ জীৱনতো এনে এটা সংঘাতময় দিন আহক,যিদিনা আপোনাক অথবা আপোনাৰ পৰিয়ালত নিৰ্দয়ভাৱে কোনো সশস্ত্র শক্তিয়ে তাৎক্ষণিক আঘাত হানক,যি আঘাতে  আপোনাক অথবা আপোনাৰ এক ছন্দোময় গতিশীল জীৱন স্তব্ধ কৰি দিব পাৰে,যি আঘাতে আপোনাৰ চেনেহৰ কোনো আত্মীয়ৰ অকাল বিয়োগ ঘটাব পাৰে। সঁচাকৈয়ে,অসহ্যকৰ আত্মীয়ৰ অকাল বিচ্ছেদৰ যন্ত্রণা। কি নিদাৰুণ সময়। নিষ্ঠুৰ পৃথিবী আৰু নিষ্ঠুৰ মানুহ। সেই অকলশৰীয়া মুহূৰ্তৰ বেলিকাহে আপোনাৰ মনলৈ আহিব;মানুহৰ মৃত্যুৰ দশা। বিপদৰ বন্ধুৰ কথা। মানুহৰ স্বাৰ্থ আৰু চক্রান্তৰ কথা। ব্যক্তিৰ উচটনি আৰু মানুহৰ সীমাহীন আশাৰ কথা। (২) অৱশ্যে,ঈশ্বৰৰ অন্ধ ভক্তৰ শাৰীত মই আপোনাক নধৰোঁ।যদিও,ৰহস্যময় প্রকৃতি জগতখনৰ গভীৰতা,শৃংখলা আৰু উদাৰতাৰ মাজলৈ সোমাই যোৱাৰ আপুনি হাবিয়াস কৰিব। আপোনাৰ মনটো ধাৰ্মিক হৈ উঠিব নে নাই মই ক’ব নোৱাৰিম; হ’লেও আপোনাৰ নিজকে এক সৌম্য ভাবনাই যে কেওদিশৰ পৰা ছানি ধৰিব,ই সত্য। হয়তো পৰিয়াল-পৰিজনৰ হিয়াভগা ক্রন্দনে আপোনাৰ সত্তাক উত্তেজিত কৰি তুলিব পাৰে।তথাপি,ক্রুছবিদ্ধি যীশুখ্রীষ্টৰ ছবিখনেই আপোনাক শান্ত কৰি তুলিব।সশ্রদ্ধভাবে আওৰোৱা তেওঁৰ বাণীষাৰেই য

ডিফুত গান্ধী আলোচনা - অনুভবৰ কিছু কথা

Image
(১) ২অক্টোবৰ,২০১৩, বুধবাৰ। ‘এ চিটিজেনচ অৱ ডিফু ইনিচিয়েটিভ’ৰ  সৌজন্যত এইবাৰ দিনজোৰা কাৰ্যসূচীৰে আন্তৰ্জাতিক অহিংসা দিৱসৰ সৈতে সংগতি ৰাখি,১৪৪তম গান্ধী জয়ন্তী এক গাম্ভীৰ্যপূৰ্ণ,ব্যতিক্রমী আৰু বহল পৰিসৰত পোনপ্রথমবাৰৰ বাবে ডিফু নগৰত পালন কৰা হয়।এই উপলক্ষ্যে,উদযাপন সমিতিয়ে ছাত্র-ছাত্রী সকলৰ মাজত চিত্রাংকন প্রতিযোগিতা,ৰচনা প্রতিযোগিতা,কুইজ প্রতিযোগিতা,সাংস্কৃতিক অনুষ্ঠানৰ লগতে পুৱাৰ ভাগত গান্ধী আৰু ভাৰতৰ প্রাক্তন প্রধানমন্ত্রী লালবাহাদুৰ শাস্ত্রীৰ প্রতিচ্ছৱিত মাল্যাৰ্পণ,বন্তি প্রজ্বলন আৰু সৰ্বধৰ্ম প্রাৰ্থনা কৰাৰ অন্তত ছাত্র-ছাত্রীসকলক লৈ বিশাল শোভাযাত্রাও নগৰখনত উলিওৱা হয়।অনুষ্ঠানৰ সুন্দৰ পৰিবেশত ষ্টিভ ইয়ৰ্ক (Steve York) পৰিচালিত তথ্যচিত্র ‘A Force More Powerful’ প্রদৰ্শন কৰা হয়।যি খন তথ্যচিত্রই ভাৰতকে ধৰি দক্ষিণ আফ্রিকা, ডেনমাৰ্ক,পোলেণ্ড আৰু চিলিৰ জনসাধাৰণে অহিংস উপায়ে কুৰি শতিকাৰ ছয়টা গণ আন্দোলনৰ সফল সামৰণিৰ কথা চিত্রিত কৰিছে। ১৯০৭ চনত দক্ষিণ আফ্রিকাৰ বৰ্ণবাদী আমোলৰ বিৰুদ্ধে ডেকা গান্ধীৰ অংশগ্রহণৰ দৃশ্যায়নেৰে তথ্যচিত্রখনৰ আৰম্ভণি আছিল অন্যতম আকৰ্ষণ ।                                

কথাশিল্পীৰ কাব্য সাধনা ( ৰং বং তেৰাং)

Image
(১) নবৈ দশকৰ আৰম্ভণি সময়ৰ কথা। আমি তেতিয়া প্রাক্ বিশ্ববিদ্যালয়ৰ প্রথম বৰ্ষৰ ছাত্র। সেই সময়ৰ ডিফু চৰকাৰী কলেজৰ অসমীয়া বিভাগত তিনিগৰাকী কৃতী শিক্ষকে অধ্যাপনা কৰিছিল। বিভাগীয় মুৰব্বী অধ্যাপক দ্বীজেন্দ্র নাৰায়ণ গোস্বামী ছাৰে গদ্য সাহিত্য,কেশৱ শৰ্মা ছাৰে ঐচ্ছিক পাঠ্য আৰু ৰংবং তেৰাং ছাৰে আমাক কবিতা পঢ়ুৱাইছিল।তিনিওগৰাকীৰে ছাত্র-ছাত্রীক পাঠ্যক্রমৰ প্রতি আকৰ্ষিত কৰাৰ স্বকীয় পদ্ধতি আছিল।ৰংবং তেৰাং ছাৰে তেতিয়া তেওঁৰ সদ্যপ্রকাশিত গ্রন্থ ‘ৰংমিলিৰ হাঁহি’ৰ বাবে অসম সাহিত্য সভাৰ বিষ্ণুপ্রসাদ ৰাভা বঁটাৰে সন্মানিত হৈ পঢ়ুৱৈ সমাজত বিখ্যাত হৈ পৰিছে। সেয়েহে ছাৰৰ শ্রেণীত উপস্থিতিয়ে এক সুকীয়া আকৰ্ষণ আৰু মৰ্যাদা লাভ কৰিছিল।অসমীয়া বিভাগৰ দ্বাৰা ‘সাহিত্য চ’ৰা’ নামেৰে এটি অনুষ্ঠানৰ জন্ম দিয়াৰ লগতে ‘সমস্বৰ’ নামেৰে এখনি মেজ পত্রিকাও প্রকাশ কৰিছিল।প্রতি মাহে প্রকাশ কৰা এই মেজ পত্রিকাখন ডিফু চৰকাৰী কলেজৰ ছাত্র-ছাত্রীসকলৰ আগ্রহৰ বিষয় আছিল।১৯৮৩চনৰ প্রথম ভাগত এই মেজ পত্রিকাখনতে হঠাতে ৰংবং তেৰাং ছাৰৰ ‘লুনাটিক’ নামেৰে কবিতাটো দেখি সকলোৱে গুৰুত্ব সহকাৰে পঢ়িবলৈ ল’লোঁ- আমষ্ট্রঙে নমাদি জোনৰ পৰা নামি আহিলো

‘কাটাৰৰ ডায়েৰী’- এখন সুখপাঠ্য গ্রন্থ

Image
ডা: ভূপেন শইকীয়া ‘ইন্টাৰনেল মেডিচিন’ৰ এগৰাকী ব্যস্ত বিশেষজ্ঞ চিকিৎসক। অসমকে ধৰি বিদেশ ৰাষ্ট্র লিবিয়া,মালদ্বীপ,নেপাল,সংযুক্ত আৰব আমীৰাট আদি দেশত প্রচুৰ অভিজ্ঞতাৰে পুষ্ট ডা: শইকীয়া বৰ্ত্তমানে মধ্য প্রাচ্যৰ এখন ক্ষুদ্র অথচ বিশ্বৰ অন্যতম ধনী দেশ কাটাৰৰ ৰাজধানী চহৰ, ডোহাত স্বাস্থ্য বিভাগত ২০১১ চনৰে পৰা কৰ্মৰত। ‘ফেচবুক’ৰ অন্যতম জনপ্রিয় গোট ‘অসমীয়া কথা-বতৰা'ৰ জৰিয়তে ঘাইকৈ স্বাস্থ্য আৰু ভ্রমণ সম্পৰ্কীয় লেখাৰে লেখক জীবনৰ আৰম্ভণি কৰা,ডা: শইকীয়াই পৰৱৰ্তি সময়ত ই-আলোচনী ‘সাহিত্য ডট অৰ্গ’ৰ উপৰি প্রতি বুধবাৰে প্রকাশিত অসমৰ অন্যতম বহুল প্রচাৰিত অসমীয়া দৈনিক বাতৰি কাকত ‘নিয়মীয়া বাৰ্ত্তা’ৰ ‘প্রবাসী অসমীয়া’ শিতানত ধাৰাবাহিক ভাবে ‘কাটাৰৰ ডায়েৰী’ লেখি আহিছে।তেখেতৰ সদ্য প্রকাশিত গ্রন্থ ‘কাটাৰৰ ডায়েৰী’ এই ধাৰাবাহিক সমূহৰ পৰিবৰ্ধিত একত্র সংকলন।                                                 গ্রন্থখনৰ জৰিয়তে পাঠকে সম্ভেদ পাব,এনে এখন প্রাচ্যৰ মৰুৰ দেশৰ কথা - যি খন দেশ কেবল ১৯৭১ চনৰ ৩ ছেপ্তেম্বৰ তাৰিখে ব্রিটিছৰ পৰা মুক্ত হৈছে। প্রধানকৈ খাৰুৱা তেল আৰু প্রাকৃতিক গেচৰ ওপৰত নিৰ্ভৰশীল, এই দেশখনে অতি কম

দুখবোধ

এষাৰ কথা আছে- ‘জীৱন আনন্দও নহয়, যন্ত্রণাও নহয়,ই এটা কঠিন কৰ্তব্য। সাহস আৰু আত্মোৎসৰ্গৰ মনোভাবেৰে এই কৰ্তব্য পালন কৰাত ব্রতী হ’ব লাগে।’ এই কৰ্তব্য কৰিবলৈ চেষ্টাও কৰা হয়। জীবনটোক যদি সংগ্রাম বুলি ধৰা হয় অথবা জীবন সংগ্রামৰ পদে পদে বাধা নাথাকিলে সংগ্রামৰ অৰ্থ কি হ’ল বুলি টমাছ হাৰ্ডিৰ দৰে নিজকে প্রশ্নও কৰা হয়,তথাপি যেন কিবা এটাৰ উত্তৰ পাবলৈ বাকী থাকিল,এনে লাগে। স্বৰ্গীয় সুখৰ স্পৃহা নাথাকিলেও মানুহৰ প্রতিয়ে মানুহৰ অনুৰাগ থাকে। সেইবাবেই হয়তো দুখত ‘উদ্বিগ্ন’ ন’হলেও মনত দুখ ওপজে। মানুহৰ দুখত দুখী আৰু সুখত সুখী হ’ব লাগে। কিন্তু আমি যেন ইয়াৰ ওলোটাটোহে কৰোঁ। মনৰ সুখেই আচল সুখ।ঠিকেই। কিন্তু,কিছুৱে আলফুলে চুই পোৱা প্রাচুৰ্যৰ সুখ,নিছলাৰ অনুভূত সুখৰ স্পন্দনৰ মিল অথবা পাৰ্থক্য আছেনে? ‘সুখৰ সংঘাত’ অথবা ‘সুখ বিভাজন’ বুলিব পাৰিনে? বোধহয় এই দুখৰ প্রতি হাবিয়াস নাথাকিলেও অজানিতে সুখ পাবলৈকে মানুহে দুখ কৰে,দুখ সহে। ৰবীন্দ্রনাথ ঠাকুৰে এষাৰ কথা কৈছিল - ‘দুখেই জগতৰ সকলো পদাৰ্থৰ মূল। মানুহে নিজে যি বস্তু নিৰ্মাণ কৰিছে সেই সকলো দুখৰ দ্বাৰাই কৰিছে। দুখেৰে নিৰ্মাণ নকৰা বস্তুত  আন্তৰিকতা নাই।’ কথ

এগৰাকী শ্রোতাৰ দৃষ্টিৰে ড০ ভূপেন হাজৰিকা

Image
আমি প্রাথমিক স্কুলৰ ডেওনা পাৰ হোৱা সময়ৰ কথা। সুধাকন্ঠ  ভূপেন হাজৰিকা ঐতিহ্যমণ্ডিত ডিফু ক্লাবলৈ অনুষ্ঠান পৰিবেশনৰ বাবে আহিছে। ডিফু চহৰখনত আবেলিৰে পৰা মানুহৰ উৎসাহ আৰু আগ্রহেৰে পূৰ্ণ এক সুকীয়া পৰিবেশে বিৰাজ কৰিছে।সেয়েহে,সকলোৱে যোৱাৰ দৰে,সন্ধিয়া পৰত দেউতাৰ লগত ময়ো ওলালো।তেতিয়ালৈকে আমি ভূপেন হাজৰিকাক দেখা নাই। কিন্তু,ৰেডিঅ’ আৰু লং প্লেয়িং ৰেকৰ্ডত ভূপেন হাজৰিকাৰ গীত শুনি শুনি,হৃদয়ত কিবা এক আনন্দ আৰু তেখেতক এবাৰ নয়ন ভৰি চোৱাৰ হেঁপাহে আমাৰ কুমলীয়া মনত ক্রিয়া কৰিছেহি। কিন্তু,আমি গৈ পোৱা মানে, সমগ্র প্রেক্ষাগৃহটো এনেদৰে মানুহে আবৰি ধৰিলে যে,মই সামান্য খিৰিকিৰ ফাঁকেৰে চকামকাকৈ দেখিলোহে মাত্র। সিবাৰলৈ,নয়ন ভৰি  অনুষ্ঠান উপভোগ কৰাৰ সৌভাগ্য নহ’ল। ১৯৮২ চনত অসম সাহিত্য সভাৰ ৪৯তম অধিবেশনখন ডিফুত অনুষ্ঠিত হৈছিল। অসম সাহিত্য সভাৰ নিমন্ত্রণ আৰু আদৰণী সমিতিৰ সম্পাদক প্রয়াত ছামছিং হাঞ্চেৰ বিশেষ আগ্রহৰ বাবে,ভূপেন হাজৰিকা ডিফুলৈ আহিবলৈ সন্মত হোৱাই নহয়, ‘ডিফু হ’ল তোমাৰ নাম/হওক মংগলে তোমাৰ’ শীৰ্ষক বিখ্যাত গীতটো ৰচনা কৰি,সুৰ দি ইয়াত গালেহি।সিবাৰ ভূপেন হাজৰিকাক ওচৰৰ পৰা নয়ন ভৰি চোৱাই ন

লংকাম টেৰণৰ সান্নিধ্য আৰু কাৰ্বি লোক-সংস্কৃতিৰ কিছু কথা ( প্রৱন্ধ)

Image
( পৰিচয়মূলক টোকা: ১৯৩২ চনত কাৰ্বি আংলং জিলাৰ লাংহিনৰ সোণাৰিজানত জন্ম গ্রহণ কৰা লংকাম টেৰণে,প্রধান শিক্ষক ৰূপে কৰ্মজীৱন আৰম্ভ কৰি,বিভিন্ন পদত কাৰ্যনিৰ্বাহ কৰি , কাৰ্বি আংলং জিলাৰ পৰিষদৰ অধীনস্থ কাৰ্বি পাঠ্যপুথি প্রণয়ন আৰু প্রকাশন নিগমৰ  অধ্যক্ষ পদত আসীন হৈ চৰকাৰী কৰ্মজীৱনৰ সামৰণি মাৰে। সৰ্ব্বমুঠ আঠাইশ খনকৈ মৌলিক গ্রন্থ আৰু পাঁচখন সম্পাদিত গ্রন্থকে ধৰি ভালেকেইখন স্কুলীয়া পাঠ্যপুথিৰ ৰচয়িতা টেৰণৰ উল্লেখযোগ্য গ্রন্থ কেইখন হৈছে-‘কাৰ্বি জনগোষ্ঠী’, ‘অবিসম্বাদী জননেতা খৰছিং তেৰাং’, ‘ছাৰ লামথে’, ‘কাৰ্বি লামলিৰ আচিলি’, ‘ফিচাৰ্পি আত’ম’, ‘কাৰ্বি লোকগীত’, ‘লাম-কীৰ্তন’, ‘কাৰ্বি সংস্কৃতিৰ উৎস’, ‘কাৰ্বি লামতাচাম’, ‘কাৰ্বি লামমাৰজং কিমি’, ‘ফি-ফু আত’ম’, ‘সহজ কাৰ্বি শিক্ষা’, ‘কাৰ্বি ভাষাৰ চমু পৰিচয়’ ইত্যাদি। অত্যন্ত সৰল লংকাম টেৰণ কাৰ্বি লাম্মেত আমেইৰ (কাৰ্বি সাহিত্য সভা) প্রতিষ্ঠাপক সভাপতি (১৯৬৬ চন),অসম সাহিত্য সভাৰ উপ-সভাপতি(১৯৮৮ চন)হোৱাৰ উপৰি অসম চৰকাৰৰ দ্বাৰা সাহিত্যিক পেন্সনাৰ ৰূপে স্বীকৃত)                                               (১) ১৯৯৭ চনৰ কথা। ডিফু কেন্দ্রীয় বিহু সমিটিয়ে

সমদলৰ শাৰীত থিয় হৈ ( কবিতা )

ভোকত নপৰা মানুহেটো নুবুজে ভোকৰ জ্বালা কি দুখত নপৰা মানুহে নুবুজে দুখনো কি সমদলৰ শাৰীত থিয় নোহোৱাকৈ মানুহে নুবুজে প্রতিবাদ অথবা, বঞ্চনাৰ ভাষা নুবুজে, মূক মানুহৰ কি যে যন্ত্রণা সমস্বৰে গোৱা গানৰ সুৰত যে হাজাৰ হাতীৰ বল লুকাই থাকে সতীৰ্থজনৰ হাতৰ মুঠিত থকা পতাকা খনিৰ যে ইমান শকতি আছে আই, দুখবোৰ এতিয়াও পাহৰি যোৱা নাই বাবেই আজিও অত বছৰে সমদলৰ শাৰীত থিয় হৈ আছোঁ। ৰ'দে বৰষুণে জাৰে জহে সুহৃদ জনৰ স'তে বাটে-হাটে হাত ধৰি আছোঁ। দুখবোৰ পাহৰি যোৱা নাই বাবেই আজিও শুব পৰা নাই সোনোৱালী ৰাজ পালেঙত স্বজ্ঞানে, আজিও উঠিব পৰা নাই বিলাসী যানত হ'ব পৰা নাই ধনী-মানী, তুমি ভবাৰ দৰে- দুখবোৰ পাহৰি নোযোৱাৰ বাবেই -  বিদুল বৰুৱা

মাজৰাতিৰ ঢুলীয়া ( গল্প -২ )

জামুগুৰিহাটৰ কাষৰীয়া কদমকলি গাঁৱৰ সৰবৰহী মহেশ্বৰ; ৰূপহী গাঁৱৰ লচপচী, ৰাঙলী বুঢ়ীৰ ৰূপৱতী জীয়েক বিহুৱতী মইনাৰ নিজ বাছনিত উঠা পতি। দহোবন কাতি কৰি থৈও আনৰ আপদ-বিপদত ঢপলিয়াই অহা বিধৰ লোক। সৌ- সিদিনালৈকে কেওদিশে ফুটি-ফাটি যোৱাকৈ ঢোলৰ ৰগৰ তোলা মহেশ্বৰ বিৰামহীন ঢুলীয়া। সি ওজা; তাৰ ৰৈ-বৈ যোৱা খিয়াতি আছিল, আদৰ আছিল।                                                এই মহেশ্বৰে আজি সানি-পিটিকি লোৱা ৰাতিৰ ভাতমুঠি সনা ভাগেই এৰিলে। গৰাহটো মাৰিব খুজিও সি নোৱাৰিলে। তাৰ ৰুচি নাহিল। ৰুচি নহাৰ কাৰণ আছে। তাৰ মনত আজি দুখ। নিজৰ কোমল অন্তৰত আনে কৰা আঘাতৰ দুখ সেয়া । ইও অইন একো নহয়, তিনিআলি চ'কৰ মেদেলা মহাজন, সৰুভোগ নতুবা নিজ গাঁৱৰে ঠিকাদাৰ বোধনৰ কেটেৰা- জেঙেৰা শুনাৰ মূৰকত আপোনা-আপুনি উথলি উঠা এয়া তাৰ মনৰ নিভৃত কোণৰ দুখ।                                         সেয়েহে আজি আনকালৰ দৰে বিড়ি এটা জ্বলাই লৈ তভক মাৰি তলমুৱাকৈ বহি থাকিও মহেশ্বৰৰ ভাল নালাগিল। সি মনে বিচৰা শান্তি নাপালে। নুমাই যাব ধৰা জুইকুৰাৰ অঙঠাবোৰকে ইফাল- সিফাল কৰি থাকি একোবত তাৰ পৰাও উঠি অহাতহে সি মন কৰিলে- ৰাতি বহুপৰেই হ'ল। সেই

গদ্যৰে অলপ

Image
 শৈশৱতে কাৰবি আংলং জিলাৰ ডিফু চহৰৰ উদয়শ্রী মইনা পাৰিজাতৰ উমাল পৰিৱেশত পদ্য চৰ্চাৰ মাজেৰে এখুজি- দুখুজিকৈ কাব্যৰ জগতখনত সন্তৰ্পণে প্রৱেশ কৰি, লাহে লাহে এক সুকীয়া আনন্দ অনুভৱ কৰিবলৈ ধৰিলো। গদ্যত ক'ব নোৱাৰা কথা, অনুভৱবোৰ কাব্যৰ মাজেৰে ক'বলৈ চেষ্টা কৰিলো। এতিয়ালৈ প্রকাশিত কবিতাৰ সংখ্যা সৰহ নহয় যদিও অসমৰ কেইখনমান মানবিশিষ্ট কাকত - আলোচনীত মোৰ কবিতা প্রকাশে মোক কাব্য চৰ্চা কৰি যোৱাত অনুপ্রেৰণা প্রদান কৰিছে।ডিফু সাহিত্য সভা, ডিফু লেখিকা সমাৰোহ সমিতি, কাৰবি আংলং জিলা সাহিত্য সভা, ডিফু গ্রন্হমেলা আদিয়ে আয়োজন কৰা কবি সন্মিলনত কবি বন্ধুসকলৰ সৈতে কবিতা পাঠ কৰি মই বৰ সুখ অনুভৱ কৰোঁ।      জীৱনৰ ৰহস্যময়তাই যেনেকৈ মোক সততে কৌতুহলী কৰি তোলে, তেনেকৈ, জীৱনৰ ক্রুৰতা, বিষাদবোৰে হৃদয়ক কন্দুৱাই থৈ যায়। প্রকৃতিৰ সেউজীয়া ৰূপে মোক যেনেকৈ আকৰ্ষণ কৰে, তেনেকৈ, শৈশৱৰ এৰি অহা দিনবোৰে মোক নষ্টালজিক কৰি তোলে। জীৱনৰ অভিজ্ঞতাই দি যোৱা এনেবোৰ উপাদানেই মোৰ কবিতাৰ সৰল উৎস।      ভাতৃপ্রতিম বন্ধু আৰু অসমৰ নৱ- প্রজন্মৰ এগৰাকী সু-লেখক শ্রী জ্যোতি খাটনিয়াৰৰ মোৰ প্রতি থকা আগ্রহ আৰু প্রধান উদ্যোগৰ

মেটমৰা জীয়া দুখ ( কবিতা )

কান্ধত ভৰ বহন কৰোতে কৰোতে আমাৰো দিনবোৰ গ'লগৈ যেন, তেজাল বলদ হালৰ দৰেই যুঁৱলিয়ে কোঙা কৰা অবশ দেহা ফুলবোৰ ফুলো ফুলো কৰি থাকোতেই কলিতেই মৰহিল কেতিয়াযে সেইবোৰ  তলসৰা পাহি হ'ল দোলাভাৰী মানুহৰ দৰেই আমাৰো মেতমৰা জীয়া দুখ অমানিশাবোৰ বাৰু ফৰিংফুটা জোনাক হৈ ফুলিবনে? জ্বলাবনে কোনোবাই আশাৰ চাকিগছি ?   - বিদুল বৰুৱা

বিহুটি অহাৰ পৰত ( প্রৱন্ধ)

আজি এই মুহূৰ্তত মোৰ বহু কথাই মনলৈ আহিছে। মনলৈ আহিছে , শৈশৱতে ধেমালি কৰা বয়সত আমাৰ চিনাকি গাৱঁখনৰ কথা, চ'ত মাহৰ বিহু অহা সময়ৰ কথা। কুলি-কেতেকীৰ মিঠা মাতৰ সুৰত মন মতলিয়া হোৱা সময়ৰ কথা। ঢেঁকী-শালৰ ব্যস্ততা, গাৱঁৰ গাভৰু - আইসকলে পাল পাতি চাউল-চিৰা খুন্দাৰ ব্যস্ততা, কাহিলি পুৱাতেই ধান-বনা মিলত শাৰী পাতি ধান খুন্দোৱাৰ ব্যস্ততা, তাঁতশালৰ শিপিনীৰ গামোচাত ফুল তোলাৰ ব্যস্ততা, ঘৰৰ গৃহস্হৰ খেতি সামৰি ঘৰখনত বিহুটিৰ বাবে নিত্য-প্রয়োজনীয় সামগ্রী গোটোৱাৰ ব্যস্ততা। ওচৰৰ কেঞা-মহাজনৰ গোলালৈ গৈ বছৰৰ হিচাপ-নিকাচৰ ব্যস্ততা। মনলৈ আহিছে, ঢুলিয়াৰ " ঢোলৰ ধিনিকি-ধিন দাও" ৰগৰ, পেঁপাৰ - টিহিটি মাত, বাঁহীৰ কোমল সুৰে সকলোৱে শুনাকৈ বিহু অহাৰ বতৰা দিয়াৰ ব্যস্ততাপূৰ্ণ সময়বোৰৰ কথা।  সেয়েহে বিহুৱাই গায় -   অতিকৈ, চেনেহৰ মুগাৰে মহুৰা তাতোকৈ চেনেহৰ মাকো তাতোকৈ চেনেহৰ বহাগৰ বিহুটি নেপাতি কেনেকৈ থাকো। এইয়াই অসমৰ অতি আদৰৰ, অতি চেনেহৰ, বাপতি সাহোন বহাগৰ বিহু। বহাগ বিহুৰ কথা আহিলেই, গৰু বিহুৰ কথাও মনলৈ আহে। মুকলি পথাৰৰ একাঠু পানীত নামি, চিপ্ চিপিয়া বৰষুণত তিতি-তিতি, গৰুক মাহ- হালধি সা