কবিতা-৬ (জীপাল হৈ উঠে)


মানুহ জনৰ বুকুত আলফুলে
জীপাল হৈ উঠা
ফুলৰ কলিটো, আশা কৰোঁ, তেওঁলোকৰ দৰে
মোচৰি নেপালাবা -

তেওঁৰ বুকুৰ ভিতৰত
গুণ্ গুণকৈ বাজি থকা
মিঠা সুৰটো স্তব্ধ নকৰিবা

তেওঁৰ বুকুৰ ভিতৰৰ ফুলনিখনত
নিৰলে মৌ চুহি থকা
পখিলাবোৰ হুৰাই নিদিবা

জোনাকী  পৰুৱাই পোহৰাই তোলা
সুৰেৰে বন্ধোৱা বাটেৰেই 
মানুহজনক বাট বুলিবলৈ দিয়া


তেওঁৰ আপোন পথাৰখনত
অজস্র হাফলুৰ কোনোবাটোত
সংগোপনে লুকুৱাই থোৱা
তেওঁৰ আত্মাটো বিচাৰি ফুৰোঁতে
বাধা নিদিবা


কোনোবা জোনাক নিশা
জুৰিটোৰ পাৰৰ ওখ বিৰিখজোপাৰ
টঙি ঘৰটিত বহি
তেওঁ যেতিয়া
সুৰৰ ৰাগিত মতলীয়া হৈ থাকে
মানুহজনক আমনি নকৰিবা


মাথোন,
বুকুত হাত থৈ
সুৰে সুৰে সুৰ তুলি
তুমিও মেলি দিবা
সেই সুৰৰ পানচৈ
চিনাকি - চিনাকি ।

( জনসাধাৰণ কাকতৰ নৱবৰ্ষ বিশেষ সংখ্যা -১ জানুৱাৰী ২০১১ ত কবিতাটো প্রকাশ পাইছে। )

Comments

Popular posts from this blog

ফাগুন

‘কাটাৰৰ ডায়েৰী’- এখন সুখপাঠ্য গ্রন্থ

ডিফুত গান্ধী আলোচনা - অনুভবৰ কিছু কথা