Posts

Showing posts from July, 2012

নিৱন্ধ - ১ ( মানুহৰ প্রতিভা )

মানুহৰ প্রতিভা সৌভাগ্যক্রমে আপুনি ভালেমান প্রতিভামান মানুহৰ সংস্পৰ্শলৈ অহাৰ দুৰ্লভ সুযোগ পাব পাৰে। তেওঁলোকৰ সান্নিধ্যত এক অনাবিল সুখ আৰু উৎসাহ অনুভৱ কৰিব পাৰে। তেওঁলোকৰ বিশাল প্রতিভাই আপোনাক বিস্মিত কৰি তুলিব পাৰে। গভীৰ আবেগেৰে তেওঁলোকৰ মুখলৈ চোৱাৰ আপোনাৰ হেঁপাহ উপজিব পাৰে। আনহাতে কিছুমান বিৰক্তিকৰ অভিজ্ঞতাও যে আপোনাৰ নহ'ব এনে নহয়। কেতিয়াবাকোনো প্রতিভাধৰৰ কাষলৈ শ্রদ্ধা আৰু উৎসাহেৰে যোৱা হয় ; কিন্ত তেওঁৰ ওচৰ পোৱাৰ লগে - লগে এক দুখ আৰু হতাশাইহে আপোনাৰ মনক আবৰি ধৰে। ব্যক্তিজনৰ প্রতি থকা আপোনাৰ প্রৱল আকৰ্ষণ হেৰাই যোৱাৰো উপক্রম হয় । অথচ কেতিয়াবা বিশেষ একো নথকা মানুহ এজনৰ প্রতিও প্রবল আাকৰ্ষণ অনুভৱ কৰা যায়। তেওঁৰ সান্নিধ্য পাবলৈ আপোনাৰ মনটো ব্যগ্র হৈ উঠিব পাৰে।মানুহজন গহীন গম্ভীৰ। ধীৰ-স্হিৰ। মানুহজনে মনত কোনো কলুষ নৰখাকৈ হাঁহি মুখে কথা কয়।মানুহজন অল্পভাষী।নিকা চৰিত্রৰ। তেওঁ সদায় অভিজ্ঞতাৰ ভিত্তিত কথা কয়।সাৰুৱা কথা কয়।তেওঁ আনৰ কথাবোৰ মন দি শুনে। আনৰ কথা ভাবে। আন মানুহৰ দুখত দুখী আৰু সুখত সুখী হয়। তেওঁ সদা পৰোপকাৰী।মানুহজনে সাধাৰণ হৈয়ো অসাধাৰণ;বিশাল মনৰ লোক। একোজন ম