কবিতা -২ ( সুৰীয়া জীৱনৰ সন্ধানত )


সুৰীয়া জীৱনৰ সন্ধানত

ঐ পেট, তই নোহোৱা হ'লে
বতাহ খাই মানুহ জীয়াই থাকিব পৰা হ'লে
অৰণ্য,নদী,চৰাই,আকাশক ভাল পাব
পৰা হ'লে

সামাজিক বাধাবোৰ নথকা হ'লে
গৰ্ব -অহংকাৰ,লালসা
নথকা হ'লে
মানুহবোৰ অ-মানুহ নোহোৱা হ'লে

শিলে জীৱন পোৱা হ'লে
শিলে প্রেম কৰা হ'লে
গছে কথা কব পৰা হ'লে
চৰাই হৈ উৰিব পৰা হ'লে
আই ঐ দেহি -
আ: জীৱন ।

Comments

Popular posts from this blog

ফাগুন

ডিফুত গান্ধী আলোচনা - অনুভবৰ কিছু কথা

‘কাটাৰৰ ডায়েৰী’- এখন সুখপাঠ্য গ্রন্থ