অসমৰ জনগোষ্ঠী আৰু বিহুনাম
বিহু কৃষিভিত্তিক উৎসৱ।মূলত: উৰ্বৰা বিশ্বাস জড়িত কৃষিধৰ্মী এই গ্রাম্য উৎসৱটিয়ে বিভিন্ন সংস্কৃতিৰ সংস্পৰ্শত আজি এক সমৃদ্ধ আৰু বাৰেৰহনীয়া ৰূপ ধাৰণ কৰিছে।সেয়েহে বিহুটি বিহুৱা বতৰত বিহু নাচ আৰু নামৰ যোগেদি অসমৰ মানুহে আকুল হৃদয়েৰে পালন কৰা কেৱল এক পৰম্পৰাগত অনুষ্ঠান বুলি ক’ব নোৱাৰি। বিহু অসমৰ জাতীয় সংস্কৃতিৰ মূল চিনাকি অথবা অসমৰ লোকজীৱনৰ প্রেৰণাদায়িনী শক্তিত, আজি পৰিণত হৈ পৰিছে। ডক্টৰ ভূপেন হাজৰিকাৰ গীতৰ ভাষাৰে- ‘ব’হাগ এটি মাথো ঋতু নহয়,নহয় এটি মাহ, অসমীয়া জাতিৰ ই আয়ুস ৰেখা,গণজীৱনৰ ই সাহ’। তেনেকৈ বিহু নামত কোৱাৰ দৰে- দিহিং, দিচাং, দিখৌ আৰু নদী ধনশিৰি মিলিনো ব্রহ্মপুত্র মহাসুঁতিৰ এসুঁতি; সেইদৰেনো ঐ নাচনী কাৰবি,মিচিং, কছাৰী,মিলিনো ঐ অসমীয়া হয়নো মহাজাতি। বিহু আজি সমন্বয় অথবা ঐক্য আৰু শান্তিৰ প্রতীক স্বৰূপ। সেয়েহে ঋতুৰাজৰ আগমনে অসমলৈ বসন্তোৎসৱৰ জোৱাৰ আনে। স্বকীয় ঐতিহ্য আৰু পৰম্পৰাৰে অসম তথা উত্তৰ –পূৰ্বাঞ্চলৰ বিভিন্ন জনগোষ্ঠীয়ে উপভোগ কৰে আনন্দ উৎসৱ। সভ্যতাৰ পোহৰত, খাদ্য সংগ্রহৰ অৱস্থাৰ পৰা খাদ্য উৎপাদনকাৰীলৈ মানুহৰ উত্তৰণ ঘটিল। প্রকৃ