কবিতা -৪ ( মায়া নগৰীত এদিন )

মায়া নগৰীত এদিন


সপোন নে দিঠক
নে ছঁয়াময়া কিবা এটা -

বিজুলীৰ দৰে অহা এক প্রচণ্ড শব্দত
থুনুকা কাঁচৰ দৰে ঠন্ ঠন্ কৈ
হঠাৎ যেন সৰগখন
ভাঙি পৰিছিল

ফুল - কুমলীয়া কলিজাবোৰ
ছিটিকি পৰিছিল
শিল পৰা কপৌৰ দৰে
মানুহবোৰ থৰ লাগিছিল

হঠাৎ যেন হাতখন হাতোৰা হৈ পৰিছিল
মুখা পিন্ধা ছায়াবোৰে কিৰিলি পাৰিছিল
নদীবোৰ উভতি বৈছিল
গছবোৰ উভালি পৰিছিল

আৰ্তজনৰ দৰে
চৰাইবোৰে সিহঁতৰ ডেউকাবোৰ
প্রসাৰিত কৰি, চিঞৰি উঠিছিল
কালিকা লগা আত্মাবোৰে
ৰাজপথত জীৱন নাটৰ ভাওনা পাতিছিল
যেন,অদৃশ্য মায়াময়
ব্রহ্ম ব্রহ্ম ব্রহ্ম......।

( কবিতাটো গুৱাহাটীৰ পৰা প্রকাশ পোৱা কাব্যালোচনী "শিপা" ত ইতিমধ্যে প্রকাশিত)

Comments

Popular posts from this blog

অৰণ্যৰ গভীৰলৈ

পাৰি ৰংপিৰ কবিতা

অসমৰ জনগোষ্ঠী আৰু বিহুনাম