কবিতা - ৩ ( পঢ়াশালি )


বহুদিনেই হ'ল ঘৰলৈ যোৱা নাই
সেউজীয়াৰ স'তে বহুদিন প্রাণ খুলি কথা পতা নাই।

চিপচিপীয়া বৰষুণত
তিতি-বুৰি
আলিবাটৰ কোবাল পানীত
আজি কত দিন হ'ল
খেলি পোৱা নাই।

পঢ়াশালিৰ চোতালত
নেওঁতা আওৰোৱাৰ দিন
চিলট-পেঞ্চিলৰ কটাকটি,
চেংগুটি-টাংগুটি
আৰু যে কত কি!

তোমাৰ আয়ে দিছিলনে বাৰু
তপতে তপতে ভাতকেইটা?
বন ঢেঁকীয়াৰ শাক
অথবা
কলডিল-পচলাৰ ভজা?
বৰশীত উঠা
নে, জাকৈ-জুলুকিত ধৰা পোৰা মাছ?

ঔ, বগৰী, তেঁতেলীৰ তলত
আমাৰ ল'ৰালিৰ জাক।
ঝাউবন, কঁহুৱাৰ তলে তলে
লুকাভাকু খেলা
নৈত সাঁতুৰি- নাদুৰি বালিচৰত বালিঘৰ সজা
আৰুযে কত কথা!

আনৰ বাৰীৰ সেন্দুৰীয়া আমলৈ
ঘনেপতি কোনে বাৰু দিয়ে চকু?
মৈ-নাঙল-যুঁৱলিৰ স'তে সখি পাতি
পুঠি-ডঁৰিকনাবোৰ কোনে বাৰু খেপিয়াই ধৰে?


বহুদিনেই হ'ল ঘৰলৈ যোৱা নাই
সেউজীয়াৰ স'তে বহুদিন প্রাণ খুলি কথা পতা নাই।




Comments

Popular posts from this blog

অৰণ্যৰ গভীৰলৈ

অসমৰ জনগোষ্ঠী আৰু বিহুনাম

পাৰি ৰংপিৰ কবিতা