গদ্যৰে অলপ




 শৈশৱতে কাৰবি আংলং জিলাৰ ডিফু চহৰৰ উদয়শ্রী মইনা পাৰিজাতৰ উমাল পৰিৱেশত পদ্য চৰ্চাৰ মাজেৰে এখুজি- দুখুজিকৈ কাব্যৰ জগতখনত সন্তৰ্পণে প্রৱেশ কৰি, লাহে লাহে এক সুকীয়া আনন্দ অনুভৱ কৰিবলৈ ধৰিলো। গদ্যত ক'ব নোৱাৰা কথা, অনুভৱবোৰ কাব্যৰ মাজেৰে ক'বলৈ চেষ্টা কৰিলো। এতিয়ালৈ প্রকাশিত কবিতাৰ সংখ্যা সৰহ নহয় যদিও অসমৰ কেইখনমান মানবিশিষ্ট কাকত - আলোচনীত মোৰ কবিতা প্রকাশে মোক কাব্য চৰ্চা কৰি যোৱাত অনুপ্রেৰণা প্রদান কৰিছে।ডিফু সাহিত্য সভা, ডিফু লেখিকা সমাৰোহ সমিতি, কাৰবি আংলং জিলা সাহিত্য সভা, ডিফু গ্রন্হমেলা আদিয়ে আয়োজন কৰা কবি সন্মিলনত কবি বন্ধুসকলৰ সৈতে কবিতা পাঠ কৰি মই বৰ সুখ অনুভৱ কৰোঁ।
     জীৱনৰ ৰহস্যময়তাই যেনেকৈ মোক সততে কৌতুহলী কৰি তোলে, তেনেকৈ, জীৱনৰ ক্রুৰতা, বিষাদবোৰে হৃদয়ক কন্দুৱাই থৈ যায়। প্রকৃতিৰ সেউজীয়া ৰূপে মোক যেনেকৈ আকৰ্ষণ কৰে, তেনেকৈ, শৈশৱৰ এৰি অহা দিনবোৰে মোক নষ্টালজিক কৰি তোলে। জীৱনৰ অভিজ্ঞতাই দি যোৱা এনেবোৰ উপাদানেই মোৰ কবিতাৰ সৰল উৎস।
     ভাতৃপ্রতিম বন্ধু আৰু অসমৰ নৱ- প্রজন্মৰ এগৰাকী সু-লেখক শ্রী জ্যোতি খাটনিয়াৰৰ মোৰ প্রতি থকা আগ্রহ আৰু প্রধান উদ্যোগৰ বাবেই ইমান দিনে থুপাই থোৱা কবিতাসমূহ কিতাপ আকাৰে প্রকাশ কৰাৰ বাট মুকলি হ'ল। ইয়াৰ বাবে তেওঁলৈ মোৰ স-চেনেহ ধন্যবাদ জ্ঞাপন কৰিছো। অতি ব্যস্ততাৰ মাজতো বিশিষ্ট সমালোচক আৰু গুৱাহাটী বিশ্ববিদ্যালয়ৰ ইংৰাজী বিভাগৰ ৰিডাৰ ডক্টৰ বিভাস চৌধুৰীদেৱে মোৰ কাব্যপুথিখনৰ পাতনি লিখি মোক অনুগৃহীত কৰাৰ বাবে তেখেতলৈ কৃতজ্ঞতা জ্ঞাপন কৰিছো। প্রচ্ছদ সজ্জা আৰু আন্ত:চিত্র অংকনত মোক সহায়ৰ হাত আগ বঢ়োৱা চিত্রশিল্পীদ্বয় শ্রী যুগান্তজ্যোতি চেলেং আৰু শ্রীযুত হৃদয়ানন্দ শৰ্মাৰ লগতে পুথিখন ছপাই দিয়াৰ বাবে " প্রিন্টৱেল'ৰ স্বত্বাধিকাৰী, বন্ধুবৰ ম: আব্দুছ ছাজিদলৈ মই ধন্যবাদ জনাইছো।
সাম্প্রতিক ইন্টাৰনেট জগতৰ অন্তৰ্গত 'ফেচবুক'ৰ জনপ্রিয় সাহিত্য আলোচনা বিষয়ক গোট 'অসমীয়া কথা-বতৰা', 'স্পন্দন: শব্দৰ পৰা হৃদয়লৈ', 'খিড়িকি'ৰ মাননীয় সদস্য-সদস্যাসকলৰ উৎসাহপূৰ্ণ সঁহাৰি আৰু সহধৰ্মিণী শ্রীমতী জ্যোতিমঞ্জুৰী গগৈ বৰুৱাৰ আন্তৰিক সহযোগৰ বাবে তেওঁলোকলৈ মোৰ ধন্যবাদ জ্ঞাপন কৰিছো।
     মোৰ কবিতা প্রকাশ কৰি মোক বাধিত কৰা 'সাতসৰী', 'শিপা', 'সাদিন', 'দৈনিক জনসাধাৰণ', 'এদিন', 'কপিলী' 'সাপ্তাহিক চেতনা','সংবাদ', 'দৈনিক প্রতিবেদন'ৰ লগতে বৈদ্যুতিন জগতৰ জনপ্রিয় অসমীয়া আলোচনী 'সাহিত্য ডট্ অৰ্গ'ৰ মাননীয় সম্পাদকসকলক ধন্যবাদ জনোৱাৰ লগতে ডিফুৰ পৰা প্রকাশিত 'দৈনিক পাহাৰীদূত' কাকতত 'ডিফুৰ কবিতা' শীৰ্ষক সুদীৰ্ঘ প্রবন্ধত কথাশিল্পী প্রয়াত বসন্ত দাসদেৱে আগ বঢ়োৱা মোৰ গোটাদিয়েক প্রকাশিত কবিতাৰ সুন্দৰ আলোচনাৰ বাবে তেখেতলৈ মোৰ ভক্তিভৰা শ্রদ্ধাঞ্জলি অৰ্পণ কৰিছো।
    সদৌ শেষত যোৰহাটৰ ঐতিহ্যমণ্ডিত প্রিন্স অৱ ৱেলছ কাৰিকৰী শিক্ষা প্রতিষ্ঠানৰ হিউমেনিটিজ্ বিভাগৰ ইংৰাজী বিষয়ৰ অৱসৰপ্রাপ্ত অধ্যাপক তথা এগৰাকী বিশিষ্ট গৱেষক, কবি, ডক্টৰ উধ্বেৰ্ন্দু দাশ চাৰ;বিশিষ্ট কবি শ্রীযুতা পদুমী গগৈ বাইদেউ: জ্যেষ্ঠ সাংবাদিক,বন্ধুবৰ শ্রী পৱিত্র বৰা; ভাতৃপ্রতীম বন্ধু তথা প্রতিভাৱান সাংবাদিক শ্রী সঞ্জু বৰা আৰু ভাতৃপ্রতীম বন্ধু, প্রৱন্ধকাৰ ম: ৰেকিবুদ্দিন আহমেদ প্রমুখ্যে মোৰ অনেকজন শুভাকাংক্ষীলৈ মই শ্রদ্ধা,চেনেহ নিৱেদন কৰিলো।
সহৃদয় পাঠক সমাজৰ পৰা আশীৰ্বাদ কামনাৰে,

গড়কাপ্তানি কল'নী                                                                                        বিদুল বৰুৱা
ডিফু, কাৰবি আংলং                                                                                      ২২ ডিচেম্বৰ ২০১২




Comments

Popular posts from this blog

ফাগুন

ডিফুত গান্ধী আলোচনা - অনুভবৰ কিছু কথা

‘কাটাৰৰ ডায়েৰী’- এখন সুখপাঠ্য গ্রন্থ