মাজৰাতিৰ ঢুলীয়া ( গল্প -২ )



জামুগুৰিহাটৰ কাষৰীয়া কদমকলি গাঁৱৰ সৰবৰহী মহেশ্বৰ; ৰূপহী গাঁৱৰ লচপচী, ৰাঙলী বুঢ়ীৰ ৰূপৱতী জীয়েক বিহুৱতী মইনাৰ নিজ বাছনিত উঠা পতি। দহোবন কাতি কৰি থৈও আনৰ আপদ-বিপদত ঢপলিয়াই অহা বিধৰ লোক। সৌ- সিদিনালৈকে কেওদিশে ফুটি-ফাটি যোৱাকৈ ঢোলৰ ৰগৰ তোলা মহেশ্বৰ বিৰামহীন ঢুলীয়া। সি ওজা; তাৰ ৰৈ-বৈ যোৱা খিয়াতি আছিল, আদৰ আছিল।                                                এই মহেশ্বৰে আজি সানি-পিটিকি লোৱা ৰাতিৰ ভাতমুঠি সনা ভাগেই এৰিলে। গৰাহটো মাৰিব খুজিও সি নোৱাৰিলে। তাৰ ৰুচি নাহিল। ৰুচি নহাৰ কাৰণ আছে। তাৰ মনত আজি দুখ। নিজৰ কোমল অন্তৰত আনে কৰা আঘাতৰ দুখ সেয়া । ইও অইন একো নহয়, তিনিআলি চ'কৰ মেদেলা মহাজন, সৰুভোগ নতুবা নিজ গাঁৱৰে ঠিকাদাৰ বোধনৰ কেটেৰা- জেঙেৰা শুনাৰ মূৰকত আপোনা-আপুনি উথলি উঠা এয়া তাৰ মনৰ নিভৃত কোণৰ দুখ।                                         সেয়েহে আজি আনকালৰ দৰে বিড়ি এটা জ্বলাই লৈ তভক মাৰি তলমুৱাকৈ বহি থাকিও মহেশ্বৰৰ ভাল নালাগিল। সি মনে বিচৰা শান্তি নাপালে। নুমাই যাব ধৰা জুইকুৰাৰ অঙঠাবোৰকে ইফাল- সিফাল কৰি থাকি একোবত তাৰ পৰাও উঠি অহাতহে সি মন কৰিলে- ৰাতি বহুপৰেই হ'ল। সেই কেতিয়াবাতে সাৰ-সিকতি নোহোৱাকৈ শুই যোৱা পুতেক- জীয়েকহালৰতো কথায়ে নাই, কদমতলী গাঁওখনেই নিজান পৰিল। সাৰে থকাবোৰো বোধহয় এতিয়ালৈকে শুলে।                                দূৰৈৰ পৰা ভাহি অহা কুলি- কেতেকীৰ কোমল মাতত কাৰোবাৰ যে তন্দ্রা ভাগি যাব পাৰে মহেশ্বৰে এবাৰলৈকো ভবা নাছিল। তাহানিৰ বগৰীজেং বিহুতলীৰ জীয়াৰী কালৰ ৰং-ৰহইছভৰা কথাবোৰেও যে মইনাক এনে সময়ত আমনি কৰিবহি পাৰে সেয়া তাৰ ধাৰণাৰো বাহিৰ আছিল।
                             সেয়ে হ'লেও চাকিৰ ঢিমিক-ঢামাক পোহৰত মইনা সাৰে থকাৰ কথা মহেশ্বৰে গম পালে। সি আন কেনিও নগ'ল। ধীৰ খোজেৰে আহি আহি এনেয়ে এবাৰ দেখাকে কৰোঁগৈ বুলি সি ঠিকেই মইনাৰ কাষ পালেহি। ওচৰ পালেহি যদিও কিছুপৰ সি কোনো লৰচৰ নকৰিলে। সি থিয় ভাবেই ৰ'ল। আৰু তেনেকৈ থাকোঁতেই এবাৰ মইনাৰ কপালখন চুই চোৱাৰ বেলিকাহে মহেশ্বৰ তাইৰ ওচৰ চাপিল। তাইৰ মূৰটোত হাতখন ফুৰাই দিবলৈ লওঁতেই সি আৰু নিষ্ঠুৰ হৈ থাকিব নোৱাৰিলে। হাজাৰ দুখৰ মাজতো মহেশ্বৰৰ মৌ- সনা মাতষাৰ নিগৰি অহাৰ দৰে আহিল- মইনা ঐ, গাটো বাৰু অলপ ভাল পাইছনে ?
                              অথচ মইনাই মুখ ফুটাই একোৱে ন'কলে। ন'কলে যদিও মহেশ্বৰৰ নিভাঁজ মৰমৰ পৰশে সঁচাকৈয়ে তাইৰ হিয়া-মন মুহি নিলে। আনকি তাই নিজৰ ৰুগীয়া দেহাটোৰ কথাও পাহৰিলে। সভক্তি আৰু চেনেহৰ ভাবত গদ্ গদ্ মইনাই শেঁতাকৈ  হাঁহিলেও। দুয়োখন হাতেৰে মহেশ্বৰৰ হাত এখনত খামুচি ধৰোঁতে মইনাৰ নিজৰে কিবা এটা ভাল লাগি গ'ল।
                              তথাপিও মইনাৰ মনত এই অনুভূতিয়ে সৰহপৰ ক্রিয়া নকৰিলে। অপলক চাৱনিৰে তাই মহেশ্বৰৰ মুখলৈ চাবলৈ যোৱাই তাইৰ বাবে যত বিঘিনিৰ ঘাই হ'ল। নিমিষতে তাই নিজৰ চকুহাল মহেশ্বৰৰ মুখৰ পৰা নমাই আনিলে। একেবাৰে অস্হিৰ হৈ পৰা মইনা মানুহজনীৰ মুখৰ হাঁহি হেৰাল। মহেশ্বৰৰ মুখত প্রকাশি থকা দুখৰ চাপ আজি তাই কোনোমতে সহিব নোৱাৰিলে।
                মহেশ্বৰে চায়েই থাকিল। তাই চাঙৰ পৰা একোবত চাঁতকৰে উঠি আহিল। নামিয়েই তাই নৰ'ল। শোৱা কোঠাটোৰ একোণত থকা বৰপেৰাটোৰ ঢাকনিখন সাউতকৈ খুলি পেলোৱাৰ পিছতহে মইনা উধাতু খাই ৰ'ল। ৰ'লেও তাই এনেয়ে নাথাকিল। থাকিব তাই নোৱাৰেও। ভাল গুণেহে খুপি-জুপি তাই বৰপেৰাৰ ভিতৰত হাত দুখন সুমুৱাই দিলে, আৰু দিয়েই, যি দুই- এপদ পুৰণি বয় - বস্তুৰ টোপোলা আছে , সেইবোৰকে বাঁকোহি কিবা খোঁচৰাত লাগি গ'ল। তেনেকৈ থাকিয়ে এবাৰত নিচেই তলিৰ পৰা ৰং-চঙীয়া কাপোৰ এখনেৰে সযতনে মেৰিয়াই থোৱা টোপোলা এটা খেপিয়াই তুলি আনিলে। টোপোলাটোৰ মেৰ আঁতৰ কৰোঁতেই তাই যেন আকৌ হেৰাই যোৱা সুখ, সুখৰ আধাৰ বিচাৰি পালে। অতদিনৰ সাঁচতীয়া সম্পদস্বৰূপ সাদৰৰ সেই ভমকাফুলীয়া গামোচাখন দেখাৰ লগে লগেই তাই মানুহজনী ৰঙতে বিভোৰ হৈ পৰিল। মইনাৰ এনেহেন লাগিল, সেইখনযেন এতিয়াই মহেশ্বৰৰ ডিঙিত আৰি দিব। পিচে তাকে তাই নকৰিলে। নকৰিলেও কাম শেষ নহ'ল। এইবাৰ মহেশ্বৰে নিজ হাতে পাই অনা বাৰে-ৰহণীয়া প্রশস্তি- কাকত সেই শলাগৰ দলিলখনলৈ ঁমইনাৰ চকু গ'ল। উদগ্রীৱ হৈ তাই চাকিৰ তেনেই কাষলৈ  সেইখন নি জিলিকি উঠাকৈ মেলি ধৰিলে।মইনাৰ চকু-মুখত পুনৰ হাঁহিৰ বোল জিলিকি উঠিল। এক পৰম সুখত আতুৰ হৈ তাই চকুহাল যিমান পাৰে সিমান উজলাই দিলে। মইনা সঁচাকৈ আপোন-পাহৰা হ'ল।
                               মহেশ্বৰে আৰু চাই থাকিব নোৱাৰিলে। সি কি কৰিব, নকৰিব একো ঠিৰাং কৰিব নোৱৰাত পৰিল। প্রায় উন্মাদৰ হৈ পৰা তাৰ চকুহালত তপত চকুলোৰ ধাৰ। এই ছেগতে সি বৰঘৰৰ বেৰত ওলোমাই থোৱা । ঢোলটো লৈ বাহিৰলৈ দৌৰ দিলে। সি গৈ গৈ জৰিজোপাৰ কাষ পালোগৈ । তাৰ ভৰিৰ গচকত কদমতলীৰ মাটি কঁপি উঠিল। যি মহেশ্বৰে বিহু অহাৰ এই বতৰটোত ঢোলৰ চাপৰ দূৰৈৰ কথা, এনেয়ে হ'লেও এবাৰ ঢোলৰ কাষ চাপি যাবলৈকো বিচৰা নাছিল, সিয়েই এতিয়া গাৰ সমস্ত জোৰ প্রয়োগ কৰি ঢোলত চাপৰ জুৰিলে : ঘেন দাঁও, দিঘেন দাঁও, খিট দাঁও, নাঘিট ঘেন গিৰি গিৰি দাঁও।
                               কদমতলী ঢোলৰ শব্দত ৰজনজনাই গ'ল। কুলি- কেতেকীৰ মুখৰ মাত হৰিল। মানুহৰ ঘুমতি ভাগি যোৱাৰ উপক্রম হ'ল যদিও ঢোলৰ কোব নকমিল। মাজৰাতি গা উঠা আনমনা মহেশ্বৰক এতিয়া ৰাখে কোনে ? আউল - বাউল চুলিৰে ঢোলত ধিনিকি - ধিন দাঁও কোব চৰাই নিয়া মহেশ্বৰে শোৱাৰ কথা আৰু নাভাবিলে। ভাবিবলৈ সি পাহৰিলে।

-  বিদুল বৰুৱা

Comments

Popular posts from this blog

ফাগুন

‘কাটাৰৰ ডায়েৰী’- এখন সুখপাঠ্য গ্রন্থ

ডিফুত গান্ধী আলোচনা - অনুভবৰ কিছু কথা