মেটমৰা জীয়া দুখ ( কবিতা ) # Assamese Poem
কান্ধত ভৰ বহন কৰোতে কৰোতে
আমাৰো দিনবোৰ গ'লগৈ
যেন, তেজাল বলদ হালৰ দৰেই
যুঁৱলিয়ে কোঙা কৰা অবশ দেহা
ফুলবোৰ ফুলো ফুলো
কৰি থাকোতেই
কলিতেই মৰহিল
কেতিয়াযে সেইবোৰ
তলসৰা পাহি হ'ল
দোলাভাৰী মানুহৰ দৰেই
আমাৰো মেতমৰা জীয়া দুখ
অমানিশাবোৰ বাৰু
ফৰিংফুটা জোনাক হৈ ফুলিবনে?
জ্বলাবনে কোনোবাই আশাৰ চাকিগছি ?
- বিদুল বৰুৱা
Comments