সমদলৰ শাৰীত থিয় হৈ ( কবিতা )



ভোকত নপৰা মানুহেটো নুবুজে
ভোকৰ জ্বালা কি

দুখত নপৰা মানুহে নুবুজে
দুখনো কি

সমদলৰ শাৰীত থিয় নোহোৱাকৈ
মানুহে নুবুজে প্রতিবাদ
অথবা, বঞ্চনাৰ ভাষা
নুবুজে, মূক মানুহৰ কি যে যন্ত্রণা

সমস্বৰে গোৱা
গানৰ সুৰত যে
হাজাৰ হাতীৰ বল লুকাই থাকে

সতীৰ্থজনৰ হাতৰ মুঠিত থকা
পতাকা খনিৰ যে ইমান শকতি আছে

আই,
দুখবোৰ এতিয়াও
পাহৰি যোৱা নাই বাবেই
আজিও অত বছৰে
সমদলৰ শাৰীত থিয় হৈ আছোঁ।

ৰ'দে বৰষুণে
জাৰে জহে
সুহৃদ জনৰ স'তে বাটে-হাটে
হাত ধৰি আছোঁ।

দুখবোৰ পাহৰি যোৱা নাই বাবেই
আজিও শুব পৰা নাই সোনোৱালী ৰাজ পালেঙত
স্বজ্ঞানে, আজিও উঠিব পৰা নাই বিলাসী যানত
হ'ব পৰা নাই ধনী-মানী, তুমি ভবাৰ দৰে-

দুখবোৰ পাহৰি নোযোৱাৰ বাবেই

-  বিদুল বৰুৱা

Comments

Popular posts from this blog

‘কাটাৰৰ ডায়েৰী’- এখন সুখপাঠ্য গ্রন্থ

ডিফুত গান্ধী আলোচনা - অনুভবৰ কিছু কথা

ফাগুন