অৰণ্যৰ গভীৰলৈ


অৰণ্যৰ গভীৰলৈ

যদিও আপোনাৰ সেউজীয়া প্রকৃতিৰ বিনন্দীয়া পৰিৱেশত জন্ম লাভ কৰা অথবা শৈশৱ লালিত –পালিত হোৱা নাই ; সুযোগ – সুবিধা পালেই অৰণ্যৰ মাজলৈ সোমাই যাওক। পৰ্বতৰ ওখোৰা – মোখোৰা বাটেৰে গাড়ীৰে প্রৱেশ কৰা কঠিন হ’ব পাৰে।আপুনি খোজ কাঢ়ি কাঢ়ি অকলশৰে আগবাঢ়ক। আপুনি সুহূৰিয়াব নাজানে,কিন্তু আপোনাৰ ভাল লগা গানৰ কলি আপোনা- আপুনি গুণগুণাই ওলাই আহিব।চহৰৰ পুতিগন্ধময় যান্ত্রিক জগতখনে দিয়া যন্ত্রণা ক্ষন্তেকলৈ হ’লেও মনৰ পৰা আঁতৰি যাব। এক অনাবিল প্রশান্তিয়ে আপোনাক আবৰি ধৰিব।অৰণ্যময় এই প্রকৃতিৰ কোলাত নিজকে বিলাই দিবলৈ মন যাব।আপুনি আগবাঢ়ি যাওক। আপোনাৰ আগেদিয়েই কেইবাটাও বন কুকুৰা ককককাই উৰি যোৱা দেখিব। হয়টো এপাল বন গাহৰিৰ জাকে হূৰহূৰাই  দ খাৱৈৰ মাজেৰে নামি গৈছে। অৰণ্যৰ বাঁহ , বেতৰ জোপোহা, ঔ,বগৰি, লানি লানি কলগছ, ৰঙা তিতা ফুলবোৰ দেখিয়ে ভাল লাগিব। তললৈ হাউলি পৰা লেটেকু  জোপাই যেন আপোনাক মোক খা মোক খাকৈ আমন্ত্রণ জনাব। মূলপথ এৰি লুংলুঙীয়া বাটেৰে খোজ কাঢ়ক। হাবিয়নিৰ লুংলুঙীয়া বাটেৰে যোৱাৰ আনন্দই বেলেগ। সাৱধানে যাব। চোৰাতে পাব । কাঁইটীয়া জোপোহা , লতা-বনে আপোনাক আগুৱাই যোৱাত বাধা দিব। লতা ভাঙি ভাঙি আগুৱাই যাওক। অৰণ্যৰ নামনিত দুডাল দুডাল ডাঙৰ গছৰ মাজত লিকটিয়া লতাৰে বন্ধা দোলনা খেলৰ  মাদকতাই বেলেগ। অৰণ্যৰ কিছু ভিতৰ  সোমালেই  আপুনি সৰু- ডাঙৰ বান্দৰৰ জাক দেখিব। আপোনাক দেখিলে ওখ ওখ গছৰ ইডালৰ পৰা সিডাললৈ যেনেকৈহে লুটিবাগৰ মাৰি জঁপিয়াব। এই মাটিত পৰে পৰে লাগিব। অথচ নপৰে।সঁচায়ে অতি চমৎকাৰ বান্দৰ জাঁপ !

হঠাতে অৰণ্যৰ কাষেৰে কুলুকুলুকৈ শিলৰ ফাঁকেৰে বৈ যোৱা নিজৰা দেখিব। উৎকট গৰমৰ দিনত শিলত বহি পানী খেলাৰ আমেজেই বেলেগ। চৰাই – চিৰিকটিৰ মাতত মতলীয়া হৈ নিজৰাৰ পাৰে পাৰে কেৱল আপুনি খোজেই কাঢ়িবনে ? কুমলীয়া ঢেঁকীয়া, কঁচুৰ থুৰি,ভেদাইলতা অথবা মাটিত বগাই থকা সৰু জাতৰ কেৰেলাকে মোনা ভৰাই বুটলিবলৈ লওকচোন, কেনে লাগে ?

এনেতে অৰণ্যৰ মাজত এজাক হৰিণা পহূৰ জাকে আপোন মতে ঘাঁহ খাই খেলি থকা দেখিব। সিঁহতে আপোনাৰ মৰম বিচাৰিব। শিং জোকাৰি জোকাৰি নিৰ্ভয়ে  কাষ চাপি আহিব। মুহূৰ্ততে ডেওদি পুনৰ ৰংমনেৰে  আঁতৰি যাব। কি যে মন জুৰুৱা হৰিণাৰ এই খেল !

অৰণ্যৰ গভীৰৰ পৰা গভীৰলৈ সোমাই যাওক। কোনো বনৰীয়া জীৱ-জন্তুৱে আপোনাক অন্যায় কৰাৰ কথা মই নকওঁ। অৰণ্যৰ গভীৰ, জয়াল পৰিৱেশটোৰ মুখামুখি হৈ  আপোনাৰ গাৰ নোম শিয়ৰি উঠিব। এনেকৈয়ে  আপোনাৰ সাহস আৰু আত্মবিশ্বাসৰ পৰীক্ষাৰ জটিল ক্ষণটো উপস্থিত হ’বহি। শক্তিশালী মানুহ বোলোৱাৰ আপোনাৰ দৰ্প চূৰ্ণ হৈ যাব। প্রকৃতিৰ লগত এক আন্তৰিক সম্পৰ্ক স্থাপন কৰিবলৈ আপুনি উদ্বাউল হৈ উঠিব। অৰণ্যৰ ৰূপত প্রকৃতিৰ উদাৰতা, শৃংখলা আৰু গভীৰ ৰহস্যবোধে  আপোনাক বিস্ময়াভিভূত কৰি তুলিব। মানুহৰ সংযমহীনতা, বুদ্ধিৰ অহংকাৰ আৰু ধ্বংসাত্মক কাৰ্যত আপুনি নিজেই লজ্জিত হ’ব। প্রকৃতিৰ বেশত এয়া যেন সাক্ষাৎ দামোদৰ !  ক্ষন্তেকৰ বাবেও আপোনাৰ উচ্চ শিৰ নত হৈ পৰিব।

-         বিদুল বৰুৱা
(  আমাৰ অসম, ২২ আগষ্ট ‘ ২০০৫ )


Comments

Popular posts from this blog

ফাগুন

‘কাটাৰৰ ডায়েৰী’- এখন সুখপাঠ্য গ্রন্থ

ডিফুত গান্ধী আলোচনা - অনুভবৰ কিছু কথা