পাৰি ৰংপিৰ কবিতা

 

                                  


                                          পাৰি ৰংপিৰ কবিতা

                                                                                                         বিদুল বৰুৱা

 

( পৰিচয়মূলক টোকা : ১৯৫০ চনত কাৰবি আংলং জিলাৰ তাৰাবাছাত জন্ম গ্রহণ কৰা পাৰি ৰংপি অসম চৰকাৰৰ ,  যুটীয়া সঞ্চালকৰ ( স্বাস্থ্য বিভাগ) কার্যালয়ৰ অবসৰ প্রাপ্ত পৰিসংখ্যা সহায়ক আছিল। ওৰেটো জীৱন এগৰাকী সক্রিয় ৰাজহুৱা কর্মী ,কবি ৰূপে পৰিচিতি লাভ কৰা পাৰি ৰংপি, কাৰবি লামেত আমেইৰ প্রাক্তন সভাপতি, অসম সাহিত্য সভাৰ প্রাক্তন সহকাৰী সম্পাদক, কাৰবি আংলং জিলা সাহিত্য সভাৰ প্রাক্তন সভাপতি হোৱাৰ উপৰি অসম চৰকাৰৰ সাহিত্যিক পেন্সনাৰ ৰূপে স্বীকৃত (২০২২) । জোৱাৰত মোৰ কবিতা ( ২০১০), হৃদয়ৰ বুৰবুৰণি ( ২০২২) দুখন তেওঁৰ কাব্যগ্রন্থ। ৰাষ্ট্রীয় বঁটাৰে সন্মানীত কথাছৱি ‘ৱছবিপ’ৰ এগৰাকী সবল অভিনেতাও আছিল। )

 

 

পাৰি ৰংপি কাৰবি আংলঙৰ সমাজ জীৱনৰ এক পৰিচিত নাম। মূলত এক প্রতিষ্ঠিত কবি পাৰি ৰংপিৰ অসমৰ কাব্য জগতত এক বিশেষ খ্যাতি আছে। কাৰবি আৰু অসমীয়া ভাষাত নিজৰ কোমল অনুভূতি বোৰ সহজ সৰল প্রকাশে,তেখেতৰ কবিতাক কৰি তুলিছে উদ্ভাসিত আৰু মহিয়ান।কবিৰ নিজৰ ভাষাৰে-‘কাৰবি পাহাৰৰ সেউজ পটভূমি, একা-বেঁকা নৈ-জান-জুৰি, জুমতলীবোৰ, চৰাই –চিৰিকটিৰ মাত প্রকৃতিৰ সবল পৰিবেশ, গাৱঁৰ সাংস্কৃতিক সমাজ’ৰ আশ্রয়ত লালিত পালিত হৈ ল’ৰালিৰে পৰাই অনুভূতিশীল, পাৰি ৰংপিয়ে সত্তৰ দশকৰ পৰা কাব্য চৰ্চাত মনোনিবেশ কৰে।সেয়েহে তেওঁ লিখিছে-

                    : মই কবিতা

                      শব্দ মোৰ প্রেমিকা

                      অভিধান কিতাপ তোমাৰ অট্টালিকা

                      মই তোমাক পাবলৈ

                      উন্মুখ হৈ পৰো              ( কবিতাৰ শব্দ বিচাৰি )

তেনেকৈ,

             : মই  জানো

               মোৰ কবিতাৰ শব্দবোৰ

               বাহ বান্ধি আছে

                অভিধানৰ পাতে পাতে

                নতুবা ঘূৰি-পকি আছে

                মোৰ ওচৰ-পাজৰে

                আৰু সীমাহীন এই বায়ু মণ্ডলতে      ( ৰাতিতে কবিতা লিখো)

 

পাৰি ৰংপিৰ “জোৱাৰত মোৰ কবিতা’ শীর্ষক কাব্য গ্রন্থ খনৰ কেইবাটোও কবিতাই পাঠকৰ হৃদয় চুই যাব পাৰে। কবিতাৰ মাজেৰে তেওঁৰ গভীৰ জীৱনবোধ, সমাজ চেতনা ,ইতিহাস চেতনা ,আশাবাদ আৰু প্রকৃতি প্রেম যেনেকৈ উজলি উঠিছে, তেনেকৈ হিংসাৰ বিৰুদ্ধে প্রতিবাদী ভাষাৰে গৰজি উঠিছে।

তেনে কেইটামান কবিতাৰ পংক্তিৰ উল্লেখ এনেধৰণৰ-

 

(১)  অন্তৰখন কি

     শিল, বৰফ নে তুলা ?

     এই বুলি নুসুধিবা।        ( উপলব্ধিৰে)

 

(২) ছন পৰা মাটিতেই

     সোণ গজিব

     মৰুময় ভূমি হ’ব জলময়

     আন্ধৰৰ মাটিত উদ্ভিদ হ’ব     ( আশিস)

 

 

 

(৩) জীৱন নৈত

      যেতিয়া বান আহে

      তেতিয়া মথাউৰি দিবলৈ

      কোনো নাহে।                   ( সময়ৰ পৰিচয়)

 

(৪) এনেকৈ জনা নাছিলোঁ

     ফাগুনৰ ফাকুগুড়িবোৰ

     ফাগুনৰ বতাহত মিলি

     চ’তত উদং হয় বুলি।       ( অপব্যয় যৌৱন)

 

(৫) কপিলী- কলঙৰ পাৰে পাৰে

      কাৰ বাবে বর্বৰতা

      কিয় মোৰ সোণৰ মাটিত

      কঠীয়া সিঁচিলা।        ( কপিলীৰ পাৰত তাণ্ডৱ নৃত্য)

 

                ২০২২ বর্ষৰ, আগষ্ট মাহত,, কাৰবি আংলং জিলা কবি সন্মিলন, ডিফুয়ে প্রকাশ কৰা ‘হৃদয়ৰ বুৰবুৰণি’ শীর্ষক কবিতা সংকলনৰ জৰিয়তে কবিৰ ব্যক্তি শ্রদ্ধা,সচেতনতা, সংস্কৃতি প্রেম, পুৰাতন চেতনা,মৃত্যু চেতনা, প্রকাশ পাইছে। কাৰবি লোকজীৱনক জিলিকাই ৰখা ‘এক কবিতাৰ মাজেৰে কবিয়ে কাৰবি ‘ফু’ ( আতা) এজনৰ এক সুন্দৰ চিত্র দাঙি ধৰিছে। ‘ফু’ৰ ‘জাম্বৰং মিৰি’ত ( পখৰা-পখৰি মোনা ) সোমোৱাই থোৱা ‘থেছিৰকেপ ‘ (বনৰ ঔষধি ) , চেংবে ( ঢোল মাৰি ), চেংবাইক ( ঢোল মেৰামতি কৰা কাঠৰ হাতুৰী সদৃশ যতন ) , ছ’বাইৰ (কড়ি) ৰ কথা উল্লেখ কৰি, কবিয়ে লেখিছে-

         

       ( ১) ‘ফু’ৰ  কান্ধত

             সদায় ওলমি থকা

             সেই সাধাৰণ মোনাটো

             এৰী সূতাৰ এপাৰি বগা

             আন পাৰি  লা – ৰং মিহলি

            শিপিনীৰ চিকুণ হাতেৰে বোৱা

            নিৰুপম চানেকিৰে ভৰা

            সুনিপুণ নিদর্শন –

           এটা ‘ জাম্বৰংমিৰি    (  ‘ফু’ৰ মোনা  )

    

     অন্য এক কবিতা- ‘ সেই দিনা আহেম আৰিপীৰ অন্য এখন ঘৰ কুন্তিৰী’ টো তেনে এক লোক জীৱনৰ ৰেঙনি দেখা পোৱা যায়-

      (২) ‘ চ’জুন’ৰ প্রাৰম্ভিক পর্ব ‘লংহং’ আৰমে কেৰতে।

             এয়া বহু দিনৰ আগৰ কথা

             সেয়া বাৰু এতিয়া নকওঁ।

             তাৰ পাছত, লাহে লাহে ‘লংহং’ বোৰ ডাঙৰ হ’বলৈ ধৰিলে

            ‘ চ’জুন’ৰ আগ মুহূর্তত কিবা কাৰণত

           

            ‘লংহং’ৰ মৃত্যু আশংকা কৰি

             যিমান সোনকালে পাৰি সমাধান কৰিবলৈ বিচাৰিলে,

             তাৰেই ৰখা হ’ল ‘হৰ আক্লেং’

             ‘চ’জুনৰ’ৰ শেষ পর্যন্ত ‘ আৰনাম’ক উৎসর্গা কৰিব লাগিব

              এই  ‘ আৰাক’।

 ( টোকা-চ’জুন: স্বৰগ পূজা, লংহং আৰমে কেৰত: গাহৰি খাহি কৰা, হৰ আফ্রাং: আগলি মদ, হৰ আক্লেং : প্রথম মদ, আৰনাম: ভগৱান, আহেম আৰিপী: গৃহিণী  )

 

                জীৱন ক্ষন্তেকীয়া। জীৱন- যৌৱনৰ ৰং চং , উজ্বলতা এটা সময়ত কমি আহিবলৈ ধৰে । সেয়েহে কবিয়ে ‘ অসার্থক অহংকাৰ’ শীর্ষক  কবিতাত কৈছে-

           (৩) ৰোমল পূৰঠ কিম্বা বৃদ্ধাৱস্থা

                 প্রকৃতিৰেই চিৰন্তন সৃষ্টি

                 এতিয়া মোৰ সোণো নাই, ৰূপো নাই

                 আছে কেৱল হাত আৰু এটা  শুকান দেহা।

 

তেনেকৈ, ‘ মৃত্যু কোন’ শীর্ষক কবিতাত কবিয়ে মৃত্যু চেতনাক এইদৰে তুলি  ধৰিছে-

           (৪)  মৃত্যু  অকলশৰীয়া

                 মৃত্যুৰ সহানুভূতি নাই

                 আনৰ চিন্তাত সি থমকি নৰয়

                 মৃত্যু স্বার্থপৰ আৰু বিস্মিত।

 

   ডিফু কেন্দ্রীয় বিহু সমিতিৰ প্রাক্তন সভাপতি পাৰি ৰংপিৰ দেহ-মনত ব’হাগ মাহ আৰু বিহুৱে যথেষ্ট প্রভাৱ বিস্তাৰ কৰিছে। ব’হাগক লৈ তেওঁ কেবাটাও কবিতা লিখিছে। এক কবিতাত বিহু সমন্বয়ৰ ভাৱনাটি সুন্দৰকৈ প্রকাশ পাইছে-

          (৫) ব’হাগৰ পৰশত কৃষ্টি- সংস্কৃতিৰ

                মিলনৰ এনাজৰি বান্ধে

               ব’হাগৰ বতৰ বড়োৰ বৈশাগু

               তিৱাৰ বৈশাগ বিচু

               ৰাভাৰ গোহালি দেও

              থলুৱা কাৰবিৰ ডুমাহি কেকান

              নানা জাতি – জনগোষ্ঠীৰ

              পাতিচে বিহু নানা ৰূপেৰে

              এই উৎসৱ ক্লান্তহীন বর্ণহীন

              ব’হাগৰ প্রতিশ্রুতি।                   ( ব’হাগৰ প্রতিশ্রুতি )

      

 

   অসম সাহিত্য সভা আৰু কাৰবি লামেত  আমেই, কাৰবি আলং জিলা কবি সন্মিলনৰ  একনিষ্ঠ সেৱক,সমাজকর্মী , অভিনেতা  পাৰি ৰংপি কেৱল কবিয়ে নাছিল, সবাৰে উর্দ্ধত তেঁও আছিল, এজন নিৰহংকাৰী সঁচা অন্তৰৰ মানুহ ।  সাহিত্য- সমাজ জীৱনলৈ আগবঢ়োৱা বিশিষ্ট বৰঙণিৰ বাবে মানৱ সমাজে সদায়ে তেওঁক মনত ৰাখিব।

  

 

 

           



 

Comments

Popular posts from this blog

ফাগুন

‘কাটাৰৰ ডায়েৰী’- এখন সুখপাঠ্য গ্রন্থ

ডিফুত গান্ধী আলোচনা - অনুভবৰ কিছু কথা