সন্ত বিনোৱাজীৰ দৃষ্টিত মাধৱদেৱৰ নামঘোষা ( প্রৱন্ধ)



অসমীয়া আধ্যাত্মিক সাহিত্য সমূহৰ ভিতৰত মাধৱদেৱ প্রণিত নামঘোষা এখন অতি উৎকৃষ্ট গ্র্রন্হ। এই গ্রন্হ খনৰ বহু কেইজন স্বনামধন্য্ পণ্ডিত আৰু টীকাকাৰে ইয়াৰ তাত্ত্বিক বাখ্যা পাঠক সমাজলৈ আগবঢ়াইছে। ইয়াকে কৰোতে, ভক্তপ্রাণ ৰাইজৰ লগতে ৰসগ্রাহী পাঠক সমাজেও ইয়াৰ সাৰসমূহ হৃদয়ংগম কৰাত সুবিধা হৈছে।
ভূ-দান আন্দোলনৰ জনক বিনোৱাজীয়ে পদযাত্রা কৰি,১৯৬৫ চনৰ  পাঁচ মাৰ্চ তাৰিখে, অসমলৈ আহোতে, " নামঘোষা " খন গভীৰ ভাৱে অধ্যয়ন কৰি, প্রায় পাচঁশ পদ্যৰ সাৰাংশ তেখেতে প্রস্তুত কৰিছিল। এই সাৰাংশ সমূহ , প্রথমে " নামঘোষা সাৰ " নামে প্রকাশিত হৈ উলোৱাৰ পিছত, গুৱাহাটীৰ সৰ্ব্বোদয় প্রকাশন সমিতিয়ে, ১৯৮৫ চনত এই ঘোষাৰ সাৰৰ পৰাই " নামঘোষা - নবনীত ' নামেৰে  পুনৰ পাঠক সমাজলৈ উলিয়াই দিয়ে। ধনদা বৰুৱা আৰু লক্ষেশ্বৰ হাজৰিকাই যুটীয়া ভাবে অনুবাদ কৰা এই গ্রন্হ খন অসমীয়া সাহিত্যলৈ অন্যতম সংযোজন বুলিব পাৰি।
 প্রাৰ্থনা, উপদেশ আৰু মহিমা নামেৰে তিনিটা অধ্যায়ত পৃথকে ভাগ কৰি ৰচনা কৰা, এই গ্রন্হ খনত পৰম শ্রদ্ধা সহকাৰে, প্রাৰ্থনা অধ্যায়ত নিজৰ আলোচনা আৰম্ভ কৰিছে   -         " ভাৰতৰ প্রত্যেক ভাষাতে দুই চাৰিখন উত্তম গ্রন্হ আছে , যাৰ শাৰীত 'নামঘোষা' পৰিব।কীৰ্তন, দশম, নামঘোষা আৰু ৰত্নাৱলী এই চাৰিখন পুথি অসমৰ ' মহাপুৰুষীয়া ' নামৰ বৈষ্ণৱ পন্হত অধিক প্রচলিত। তাৰ ভিতৰত নাম-কীৰ্তন প্রায় নামঘোষাৰেই হয়। কীৰ্তন ঘোষা গাখীৰৰ দৰে। গাখীৰ সাধাৰণতে সকলোৱে হজম কৰিব পাৰে। নামঘোষা মাখন, গতিকে তাক হজম কৰিবলৈ শ্রম কৰিবলগীয়া হয়। শ্রম কৰিলেহে মাখন হজম হয়।" ( পৃষ্ঠা-১)
নামঘোষাৰ উৎপওি " অটল গভীৰ" ৰ পৰা হোৱা উল্লেখ কৰি, তেখেতে নিজৰ ভাষাৰে ঘোষা সমূহৰ যিদৰে ব্যাখ্যা আগবঢ়াইছে, সি সঁচাকৈয়ে মনোমোহা আৰু হৃদয়স্পৰ্শী।
উদাহৰণ স্বৰূপে-  (১) মুক্তিত নিস্পৃহ যিটো সেহি ভকতক নমো
                                ৰসময় মাগোঁহো ভকতি
                                সমস্ত- মস্তক- মণি নিজ ভকতৰ বৈশ্য
                                ভজো হেন দেৱ যদুপতি। 

এই ঘোষা ফাঁকিৰ ব্যাখ্যা কৰোতে বিনোৱাজীয়ে " মুক্তি"ৰ সম্পৰ্কত ব্যাখ্যা আগবঢ়াই কৈছে- " মুক্তি গাৰ ছাঁৰ দৰে, অনিচ্ছুকৰ পিছে পিছে ফুৰে। কোনেও গমেই নাপাই যে, আমাৰ লগে লগে ছাওঁ আহি আছে। আমি যদি ভক্তি কৰি যাওঁ,তেনে মুক্তি আমাৰ পিছে পিছে আহি থাকিব।' ( পৃষ্ঠা-৪)
সেইদৰে, মাধৱদেৱৰ "ৰসময় ভক্তি"ৰ ব্যাখ্যা কৰি তেখেতে লিখিছে- "  ৰসময় ভক্তি কৰা সকলৰ মুখত প্রেম আনন্দ স্ফুৰ্তিৰ ভাৱ জিলিকি উঠে। ল'ৰা- ছোৱালী বিলাকে খেলি থাকোতে সময়ৰ গমকে ধৰিব নোৱাৰে।গধূলি হ'লেও ঘৰলৈ উলটিব নোখোজে।ইয়াৰ কাৰণ কি? কাৰণ এয়ে যে খেল ৰসময়। ৰসময় ভক্তিত তপস্যাৰ স্ফুৰ্তি আৰু ভক্তিৰ আনন্দ আছে। আনন্দ সাগৰত তেওঁলোকে ডুব গৈ থাকে। এনে ৰসময় ভক্তি হ'ব লাগে- ৰসময় মাগোঁহো ভকতি।" ( পৃষ্ঠা-৫)
                                               মানুহৰ কৰ্ম সমাজ সেৱাৰ ধৰণ আৰু ভক্তিৰ লক্ষণ সম্পৰ্কে সজাগ কৰি বিনোৱাজীয়ে পুনৰ লেখিছে- " -- মানুহে গছ ৰোৱে, সাৰ পানী দি ডাঙৰ- দীঘল কৰে আৰু যিদৰে-মাকে সন্তানৰ কাৰণে অপাৰ কষ্ট সহ্য কৰে, আৰু তাত তেওঁ অপাৰ আনন্দ পায়। সেয়া তেওঁৰ ৰসময়,আনন্দ-ময় সেৱা। সেইদৰে আমিও সমাজৰ সেৱা কৰিব লাগে।' ( পৃষ্ঠা-৬)   
                              তেনেকৈ,ভক্তিৰ লক্ষণ কি? তাক ব্যাখ্যা কৰিবলৈ গৈ কেইষাৰি মান তাৎপৰ্যপূৰ্ণ মন্তব্য কৰিছে- কাউৰীয়ে যেনেকৈ গৰুৰ ঘা টুকুৰাতহে পৰেগৈ তেনেকৈ অধম লোকেও মানুহৰ দোষতহে খামুচি ধৰেগৈ। কিন্তু গুণ তোতাতো আৰু বঢ়োৱাটোৱেই ভক্তৰ লক্ষণ। সকলোৰে গৌৰব কৰা, তাৰ বাবে কষ্ট বৰণ কৰা,শ্রম কৰা- এইটোৱেই ৰসময় ভক্তি। ভগবান এনে ভক্তৰ বশতে থাকে। তেনে ভক্তক আমি প্রণাম কৰোঁ।' (পৃষ্ঠা-৭)        
                                   2) তুমি ভক্ত কল্পতৰু বাহিৰে ভিতৰে গুৰু
                                        তুমি বিনে নাহি মোৰ আৰ
                                        কৃপা কৰা হে হৰি চৰণত ৰক্ষা কৰি
                                        দিয়া মোক সেৱা ৰস সাৰ।
                                      ( তুমি ভক্তৰ কল্পতৰু, বাহিৰে ভিতৰে গুৰু,মোক তোমাৰ চৰণত ঠাই দিয়া, সেৱা-ৰস-সাৰ দিয়া।' )
উল্লিখিত, ঘোষা ফাঁকিৰ বিনোৱাজীৰ সুন্দৰ ব্যাখ্যাই নামঘোষাৰ মহত্বক যেন উজলাই তুলিছে- " এই ঘোষা ফাঁকিত এটি বৰ সুন্দৰ শব্দ আছে, সি হৈছে সেৱা- ৰস। ভক্তি-ৰস, প্রেম-ৰস, নৱ-ৰস, ষড়-ৰস আদি শব্দ বহুত শুনিছোঁ, কিন্তু " সেৱা-ৰস' এই শব্দটো নতুন। ই অসমৰ শব্দ। মই আশা কৰোঁ এই শব্দটো অসমতো আৰু অলপ বিয়পি পৰক আৰু ভাৰতলৈয়ো আহক। সেৱা-ৰস দিয়া বা প্রদান কৰা বস্তু।/-- ভাৰতৰ লোকে ভক্তি ৰসৰ কথা জানে, তেওঁলোকে তাৰ সোৱাদ পাইছে। কিন্তু সেৱা-ৰস নতুন শব্দ। ভক্তি বতাহত ভাহি থাকে, কিন্তু সেৱা-ৰস মাটিৰ তললৈকে ভিজে। ভক্তি-ৰস অন্তৰত থকা অব্যক্ত বস্তু, অন্য হাতে সেৱা ৰস প্রকাশিত বাহ্য বস্তু।' ( পৃষ্ঠা-৯)
                                    ৩) ঐশ্চৰ্য্য ভোগৰ মদে মত্ত হুয়া ঈশ্বৰক
                                         পৰঙ্মুখ ভৈল যিটো জন
                                         যেন জীৰ্ণ গাই সিটো দুৰ্ঘোৰ সংসাৰ মহা
                                         পঙ্কে পৰি হোৱয় মগন।  
যিদৰে বুঢ়ী গাই বোকাত সোমাই পৰে, সেইদৰে মানুহো সংসাৰত বন্দী হৈ পৰে। কিয়? ঐশ্চৰ্য্য ভোগৰ কাৰণে, অধিক সুখৰ কাৰণে। বুঢ়ী গাইজনী যেনেকৈ বোকাৰ পৰা ওলাব নোৱাৰে তেনেকৈ সুখী আৰু ভোগী লোক সকলো সংসাৰ ফান্দৰ পৰা মুক্ত হ'ব নোৱাৰে।   ( পৃষ্ঠা-৪২)
                                   ৪) সুবাসনা দুৰ্ব্বাসনা দুই বন্ধৰ মোক্ষৰ মূল হেতু
                                        শুনা যেন মতে উপজয় পুৰুষত
                                        সন্তৰ কৃপাত সুবাসনা সুখে পুৰুষক পাৱে জনা
                                         হোৱে দুৰ্ব্বাসনা সন্তৰ মন-কোপত  
সুবাসনা থাকিলে মানুহ মুক্ত হয় আৰু দুৰ্ব্বাসনা থাকিলে মানুহ বন্ধনত পৰে। সৎপুৰুষক প্রসন্ন কৰিলে- তেওঁৰ সেৱা শুশ্রষা কৰিলে,তেওঁৰ কৃপাত দুৰ্ব্বাসনাও সুবাসনাত পৰিণত হ'ব। আক্রোশী হলে,কৃপণ হলে এজনে আন জনক হিংসা দ্বেষ কৰিলে সন্তৰ মনত প্রসন্নতা নাথাকে।সন্তজন যদি ক্রুৰ্ধ হৈ পৰে তেতিয়া তেওঁৰ কোপৰ দ্বাৰা দুৰ্ব্বাসনা উপজিব আৰু আমি বন্ধনত সোমাই পৰিম। আমাৰ পাৰস্পৰিক প্রেম-প্রীতি প্রকাশ পাই থাকিলে ভগৱানো সন্তোষ হব আৰু সন্তজনে আনন্দিত হৈ থাকিব। ( পৃষ্ঠা-৬২)
                                                  অন্যহাতে, তেখেতে কেইবাটাও বিষয়ত তাৎপৰ্যপূৰ্ণ টোকা আগবঢ়াই গ্রন্হখনৰ গৰিমা বৃদ্ধি কৰিছে। উদাহৰণ স্বৰূপে, এইদৰে উল্লেখ কৰিব পাৰি ---
(ক) ভক্তিৰ লক্ষণ কি? আনৰ গুণ লোৱা আৰু বঢ়োৱা। ( পৃষ্ঠা-৭)
(খ) ব্রহ্মপুত্রৰ দৰে সমাজো প্রবাহশীল। তাতো ঈশ্বৰৰ প্রবাহেই বিদ্যমান। মানুহ আহে আৰু যায়, কিন্তু সমাজ অখণ্ড ভাবে চলি থাকে। ই এটা ভগৱানৰে নিৰ্মল ৰূপ।                      ( পৃষ্ঠা-১১)
(গ) গুৰু জ্ঞানময় আৰু নিৰ্মল হ'ব লাগিব। তেওঁৰ হৃদয় পবিত্র আৰু বুদ্ধি জ্ঞনময় হোৱা উচিত, এয়ে গুৰুৰ লক্ষণ। এনেজনা গুৰুৱেই ভগৱান আৰু আমি তেওঁৰ পাঠশালাতে            পঢ়ি আছোঁ। ( পৃষ্ঠা-১২)
(ঘ) সকলো ধৰ্মৰ সাৰ লৈ অসাৰ বিলাক পেলাই দিব লাগে। সুমথিৰা উত্তম ফল।কিন্তু তাক খাওঁতে বাহিৰৰ বাকলি আৰু ভিতৰৰ গুটিবিলাক পেলাই দিব লাগে। সুমথিৰা               এনেকৈয়ে খায়। ৰামায়ণ এক সুমথিৰা,মহাভাৰত আম,বাইবেল নাৰিকল ভাগৱত হ'ল কল। ইয়াৰ পৰা অসাৰ বিলাক পেলাই সাৰখিনি লওঁক। এই কথা যি বুজি নাপায়         তেওঁ ধৰ্মকো বুজি নাপায়। ( পৃষ্ঠা-২৭)
(ঙ) বাণী পবিত্র হলে হৃদয় পবিত্র হবই ( পৃষ্ঠা-৩৪)
(চ) আত্মা পৰমাত্মাৰ নামত নিজক পাহৰি গৈ ব্যাপক আত্মাৰ য'ত স্মৰণ হব, তাত সন্তোষপ্রাপ্ত হবই।সন্তোষতে সকলো প্রকাৰৰ সুখ আছে।গঙ্গাঁ নদীত স্নান কৰিলে সকলো           নদীৰে স্হান হৈ পৰিব। যাৰ হৃদয়ত সন্তোষৰ উপলধ্বি হয়, তেওঁ সৰ্ব্বসুখৰ ভাগৰিক হৈ পৰে।  ( পৃষ্ঠা-৫৬)
(ছ) মনৰ শুদ্ধিহে একেবাৰে অন্তৰৰ শুদ্ধি বা নিৰ্ম্মলতা। দেহৰ বাহিৰৰ শুদ্ধি, শ্বচ্ছতা আৰু দেহৰ ভিতৰৰ শুদ্ধি হৈছে আৰোগ্য।  ( পৃষ্ঠা-৩৪)
(জ) সেইকাৰণে ভাল কথাহে কওক। ভাল কথাহে শুনক। নম্রতাৰে ভাল বিচাৰ শুনক, ভাল বিচাৰৰ কথা কওক। ভগবানৰ সকলোতকৈ উত্তম পথ এই টোৱেই ( পৃষ্ঠা-৮৬)
                                                                        এইদৰেই চিত্তক বিষয় আসক্তিৰ পৰা নিলগাই ৰাখি, মানুহ হিচাপে, সমগ্র বিশ্বৰ কৰুণাৰ বাবে, লোক সেৱাত নিমগ্ন হৈ থাকি; হৰিনাম আৰু ৰসময় ভকতিৰে সংসাৰ ( ভৱ সাগৰ) বৈতৰণী পাৰ হোৱাৰ যি পথ নিৰ্দেশনা,ঘোষাৰ মাধ্যমেৰে মানৱ সমাজলৈ আগবঢ়াই দিছে; তাকে, বিনোৱাজীয়ে নিজৰ গভীৰ মৌলিক তথা দাৰ্শনিক ব্যাখ্যাৰে "নামঘোষা' গ্রন্থক মহিমামণ্ডিত কৰাই নহয়, এক অনন্য মাত্রা প্রদান কৰিছে।

- বিদুল বৰুৱা

টোকা- এই লেখাটো ৯ ডিচেম্বৰ ২০১৩ তাৰিখৰ 'নিয়মীয়া বাৰ্তা'ত প্রকাশিত।

Comments

Popular posts from this blog

ফাগুন

‘কাটাৰৰ ডায়েৰী’- এখন সুখপাঠ্য গ্রন্থ

ডিফুত গান্ধী আলোচনা - অনুভবৰ কিছু কথা