তেওঁ গ'লগৈ ( কবিতা - ১১ # assamese poem)


ইমান সোনকালেযে মানুহজন গ'লগৈ
ফিকা চাহটুপি খালে নে নাখালে 
এটা কটা বিস্কুট অথবা এটা সতেজ ৰসগুলা -

জনতাই ভিৰ কৰা হোটেল খনত বহি
জমি উঠা কথাৰ মহলাত
মানুহজনে ক'লে নে  নক'লে
আধাকোৱা সেই গল্পটোৰ কাহিনীভাগ

মানুহজনে লগ পালেনে নাপালে
বজাৰত বিচাৰি ফুৰা তেওঁৰ মনৰ মানুহজন

মানুহজন ওখ পাহাৰটোলৈ যোৱাৰ কথা আছিল
ৰিৎনংচিংদিৰ তালে তালে নচাৰ কথা আছিল
জোনাক নিশা উজাগৰে থাকি
গোলাপী ৰসত আঙুলি তিয়াই
গাওঁবুঢ়াৰ মুখেৰে সাধু শুনাৰ কথা আছিল

পিছে, সাধু শুনা হ'ল নে নহ'ল
চ'মাংকানৰ গীত শুনিলেনে নুশুনিলে
ওখ বিৰিখ জোপাৰ স'তে সখি পাতিলেনে নাপাতিলে

চকামকাকৈ, মিচিকি হাঁহিৰে এবাৰ যি দেখিলোঁ
আৰু নেদেখিলোঁ

ইমান সোনকালেযে মানুহজন গ'লগৈ!

টোকা- ১ চ'মাংকান= কাৰ্বি সকলৰ শ্রাৰ্দ্ধ অনুষ্ঠান
           ২ ৰিৎনংচিংদি= কাৰ্বি সকলৰ জুম তলিৰ নৃত্যানুষ্ঠান

- বিদুল বৰুৱা

Comments

Popular posts from this blog

অৰণ্যৰ গভীৰলৈ

পাৰি ৰংপিৰ কবিতা

অসমৰ জনগোষ্ঠী আৰু বিহুনাম