নিৰ্মাণ থলীত এদিন ( কবিতা - ১০ )

নিৰ্মাণ থলীত এদিন  ( কবিতা - ১০ )



ৰ'দে পোৰা এদিনৰ কথা-

সৰ্পিল গতিৰে খুপি খুপি আগবঢ়া
এজাক মানুহৰ মিছিলে
মোৰ সমগ্র সত্তাক আবৰি ধৰিছিল।

মোৰ এনে লাগিছিল-

এটা যান্ত্রিক স্পৰ্শত
সেই মানুহবোৰৰ লুণীয়া টোপাল
প্রেম আৰু দুখবোৰে
যেন গোটা বান্ধি
এটা ধাতব শক্তিৰ ৰূপ লৈছিল।

মোৰ মনলৈ আহিছিল-
তাহানিতে,
শাওন মহীয়া পথাৰত
পিতাইৰ স'তে কটোৱা দিনৰ কথা।

নিয়ন লাইটৰ পোহৰত
খলপাৰ জোখেৰে
উমানতে গম পাঁও এতিয়া
আমাৰ সীমাহীন 
সমৃদ্ধিৰ বতৰা

এছাটি মলয়া বা
এষাৰি কোমল মাত
এবাতি শীতল পানী
যেন শাওণ মাহৰ ছাঁ
বৰ মহঙা।

                                     - বিদুল বৰুৱা

Comments

Popular posts from this blog

অৰণ্যৰ গভীৰলৈ

অসমৰ জনগোষ্ঠী আৰু বিহুনাম

পাৰি ৰংপিৰ কবিতা