হাততে ‘জেতুকা’ৰ বোল
হাততে ‘জেতুকা’ৰ বোল
- বিদুল বৰুৱা
(১)
১৯৯৭ চনৰ কথা। ডিফু কেন্দ্রীয় বিহু সমিতিয়ে ৯,১০,১১মে
তাৰিখে ঐতিহাসিক ডিফু ক্লাৱত ৰঙালী বিহু সন্মিলনৰ আয়োজন কৰিছে। প্রাক্তন মন্ত্রী
গান্ধীৰাম টিমুঙক উপদেষ্টা, ডিফুৰ বৰেণ্য ব্যক্তি গোপীকান্ত ঠাকুৰীয়াক সভাপতি আৰু
কৃতী বনবিষয়া ৰঞ্জন কুমাৰ বৰুৱাক সম্পাদকৰ দায়িত্ব অৰ্পণ কৰি কাৰ্য্যকৰী সমিতি খন
গঠণ কৰা হৈছে। ইফালে ,ডিফু বিহু সমিতিৰ জন্ম লগ্নৰ পৰা জড়িত, বিশিষ্ট সমাজকৰ্মী
পদ্মকান্ত বৰুৱা (ছাৰ)ক উপদেষ্টা, আমাৰ শিক্ষাগুৰু,বিশিষ্ট সাহিত্যিক দেবেন
গগৈ(ছাৰ)ক সভাপতি , কবি মহেন্দ্র শইকীয়া আৰু সুলেখক,সহপাঠী বন্ধু ম: আব্দুছ ছাজিদক
(সপোন) সদস্য ৰূপে থকা বিহু স্মৰণিকা সম্পাদকৰ গধুৰ দায়িত্ব অৰ্পণ কৰা হ’ল।
বিহু সমিতিৰ পুৰণি তথ্য বিচাৰি ডিফু ক্লাবৰ লাইব্রেৰীত
সোমাই দিলীপ কুমাৰ ডেকা, শৈলেন দাস,বিজন গোস্বামীৰ দ্বাৰা যুটীয়া ভাৱে প্রকাশিত ডিফু
বিহু সমিতিৰ প্রথম স্মৰণিকা- ‘বহাগী’(১৯৮৮ চন) আৰু দেবেন গগৈ (ছাৰ) দ্বিতীয়খন স্মৰণিকা –‘কপৌফুল’ (১৯৯৬)খন
সংগ্রহ কৰিলোঁ।
আমিও বিহু সমিতিখনে দেখুওৱা আস্থাৰ প্রতি সন্মান জনাই
স্মৰণিকা এখন প্রকাশৰ কামত অগ্রসৰ হৈ
পৰিলোঁ। সময় আমাৰ হাতত বৰ বেচি নাছিল। উপসমিতি খনৰ সৈতে প্রথমে আলোচনা কৰি ললোঁ। লেখাৰ
বিষয় বস্তু নিৰ্দিষ্ট কৰি লেখক-লেখিকা সকলক লেখাৰ বাবে অনুৰোধ কৰি পত্র দিয়া হৈ
গ’ল। লেখক – লেখিকা সকলেও আমাৰ অনুৰোধৰ প্রতি সহাৰি জনালে। লেখাসমূহ এটা এটাকৈ
সংগ্রহ কৰি আনি সম্পাদনাৰ কামত মনোনিবেশ কৰিলোঁ।
ছাজিদে তাৰ গোট গোট আখৰেৰে ডিটিপিৰ বাবে সুবিধা হোৱাকৈ প্রবন্ধসমূহ
সুন্দৰকৈ কপি কৰি পেলালে। মূল সমিতিখনৰ সুবিধা হোৱাকৈ বিজ্ঞাপন সংগ্রহৰ কামখিনিও
কৰি গৈছোঁ।
(২)
এটা সময়ত প্রকাশৰ বাবে প্রস্তুত কৰা স্মৰণিকাৰ ফাইলটো
সম্পূৰ্ণ হৈ উঠে। পদ্মকান্ত বৰুৱাই ‘ডিফু বিহু সমিতিৰ জন্ম লগ্নৰ কথা’
লিখিলে- ‘ তাহানিৰ ডিফুৰ অন্যতম নাগৰিক তথা
চৰকাৰী উকিল যোগেন্দ্র নাথ গোস্বামীৰ চোতালতে হুঁচৰিৰ পাতনি মেলা হৈছিল। দলৰ
নেতৃত্ব বহন কৰি যোৱা মোক এপাক নাচিবলৈ কোৱা হ’ল। এখন্তেক নাচিলোঁ। যোগেন্দ্র নাথ
গোস্বামী আৰু তেখেতৰ সহধৰ্মিনী প্রীতি গোস্বামীয়ে আমালৈ আগবঢ়ালে পোন্ধৰ টকাৰ। বিহু
মৰা দলৰ অন্যতম আকৰ্ষণ আছিল ধৰ্মেশ্বৰ গগৈৰ নাকেৰে পেঁপা বাদন। এইদৰে তিনি-চাৰি
দিন ঘৰে ঘৰে হুঁচৰি মাৰি কিছু টকা জমা কৰা হ’ল। তাৰেই ১৯৫৯ চনৰ ২১,২২ আৰু ২৩
এপ্রিলত ডিফুত জিলাভিত্তিক এখনি খেল-ধেমালি প্রতিযোগিতা আয়োজন কৰিবৰ বাবে মনস্থ
কৰা হ’ল। তেতিয়াৰ উপমন্ত্রী ছয় ছয় তেৰাঙে আনুষ্ঠানিক ভাৱে পতাকা উত্তোলন কৰি
প্রতিযোগিতাখনি মুকলি কৰে। সামৰণি অনুষ্ঠানৰ বঁটা বিতৰণ কাৰ্যসূচী ডিফু ক্লাৱত
সম্পন্ন কৰা হৈছিল। এই উপলক্ষে আয়োজিত সভাত বিহু নৃত্য-গীত আদি প্রদৰ্শন কৰা
হৈছিল। উক্ত সভাতে বিহু পৰিচালনাৰ বাবে সমিতি এখন গঠনৰ বাবে এটি প্রস্তাৱ মৰ্মেই
সমিতি গঠন কৰি বিহু পতা হৈছিল।
সেইদৰে, ডিফু বিহু সমিতি আৰু মোৰ অভিজ্ঞতা শীৰ্ষক
নিবন্ধত ডিফুৰ অন্যতম জেষ্ঠ নাগৰিক বেণু বৰুৱাই লিখিলে- ‘মনত পৰে, ১৯৬৪ চনত
স্থানীয় হাইস্কুল ফিল্ডত ৰাজহুৱাকৈ মাঘ বিহু পতা হৈছিল। আদৰণী সমিতিৰ সভাপতি আছিল
জয়ছিং দলৈ। ভূপেন বৰুৱা সম্পাদক আছিল। বিহু উপলক্ষে প্রীতিভোজৰ আয়োজন কৰা
হৈছিল।তাত সকলো সম্প্রদায়ৰ লোকৰ বাবে খাদ্যৰ যোগাৰ কৰা হৈছিল। মনত আছে,ভোজৰ বাবে
উনত্রিশটা ছাগলি কটা হৈছিল। পিছে নিশালৈ কৰ্মীসকলৰ বাবে এডুখৰি মাংসও নাথাকিল।ইফালে
ৰাতি বাৰ বাজি পাৰ হৈছে ; এতিয়া মাংস পায় ক’ত? মাংস নাটনি হোৱাৰ সম্ভেদ গৈ সভাপতি
দলৈৰ কাণত পৰিল।তেখেতে নিজে আহি ক’লেহি যে মাংসৰ যোগাৰ হ’ব। কথা মতেই কাম। মানুহ
পঠিয়াই ছাগলি এটা আনি দিলেহি সেই ৰাতি
দুপৰত।পলমকৈ হ’লেও সকলোৱে ধৰা-ধৰিকৈ মাৰি-কাটি ৰান্ধি মিলি-জুলি খোৱা হ’ল।পিছত গম
পোৱা গ’ল যে দলৈৰ ঘৰত থকা ছাগলি গৰালৰ পৰাই এটা ছাগলি অনাই সেই ৰাতি এপৰত আমাক
খুৱালে।এনেবোৰ অভিজ্ঞতা গৰম লোহাৰ গাত বহা দাগৰ দৰেই স্থায়ী আৰু আনন্দময়।‘
(৩)
বিহু পৰম্পৰা শীৰ্ষক এটি প্রবন্ধত দেবেন গগৈ ছাৰে
কেইবাটাও গুৰুত্বপূৰ্ণ তথ্য উল্লেখ কৰিলে-
ক) বিহু মূলতে এটা কৃষি উছৱ।
খ) পণ্ডিত সকলে
অনুমান কৰে যে মানুহে সংগ্রাম কৰি চিকাৰ ধৰি আনি জুইৰ কাষত বহি ৰং-ৰহইছ কৰি খোৱাৰ
সময়ত যি আনন্দ উছৱ হৈছিল সেয়ে কৃষি উছৱৰ আৰম্ভণি।
গ) বিহু শব্দটোৰ উৎপত্তি সম্পৰ্কে বিভিন্ন চিন্তাবিদে
বেলেগ বেলেগ মত পোষণ কৰে।
ঘ) বিহু শব্দটো সংস্কৃতিৰ ‘বিষু’,বড়োৰ ‘বৈছাগু’;
ডিমাচা-তিৱা আদিৰ ‘বিষু’ আৰু টাই আহোম সকলৰ ‘বৈ-হু’ শব্দৰ পৰা উদ্ভৱ হোৱা বুলি
অনুমান কৰিব পাৰি।
ঙ)আহোম ৰজাই বিহুক ৰংঘৰৰ বাকৰিত স্থান দি ৰজাঘৰীয়া উছৱ
হিচাবে স্বীকৃতি লাভ কৰে।
চ) বিহুৰ লগত হুঁচৰিৰ সমন্বয় ঘটাৰ বিষয়ে পণ্ডিত সকলে দুটা
দিশৰ প্রভাৱৰ কথা লক্ষ্য কৰিছে- ১) সেই সময়ত অসমত চলা বৈষ্ণৱ ধৰ্মৰ প্রভাৱ ২)
ব্রহ্মদেশত বিহুৱা দলে বাটে বাটে হুঁচৰি গোৱা আৰু বাটৰ কাষৰ গৃহস্থ সকলে তামোল-পাণ
দি আশীৰ্বাদ লোৱা প্রথাৰ প্রভাৱ।
তেখেতে চ’তৰ বিহু,গাভৰু বিহু,জেং বিহু, হুঁচৰি,মঞ্চ বিহু
সম্বন্ধেও বহলাই লিখে।
লোককৃষ্টিৰ
এগৰাকী নিৰৱ সাধক কিনাৰাম শইকীয়াই ‘ঢোলৰ মালিতা,লেখৰ ছঅঁৰা হাত আৰু বিহু ছেও’
শীৰ্ষক প্রবন্ধত উদাহৰণ সহ মালিতাৰ অৰ্থ লিখিলে - ক)মালিতাৰ অৰ্থ দীঘলীয়া বৰ্ণনামূলক কাহিনী
গীত,ইংৰাজীত যাক কোৱা হয়’বেলাড’। মালিতা সাধাৰণতে আঁঠুকাঢ়ি বহি হাতযোৰ ভংগীত গোৱা
হয়।অঁৰা শব্দৰ অৰ্থ হৈছে চাৰি। গতিকে ছঅঁৰা মানে চৌবিশ সংখ্যক। খ) জয় নমো নাৰায়ণ
আদি নিৰঞ্জন/অনন্ত শয্যাত প্রভু কৰিলা শয়ন/শয়ন কৰিয়া পাছে উঠিয়া বহিলা/নিশ্বাস
কাৰন্তে চাৰিবেদ বাজ ভৈলা।গ) সত্যত আছিল ঢোল জানিবা সোণৰ/ত্রেতাত আছিল ঢোল জানিবা
ৰূপৰ/দ্বাপৰত আছিল ঢোল জানিবা তামৰ/কলিত বজাওঁ ঢোল/এইটি কাঠৰ এ...ঐ (ৰগৰ)
এইদৰে ঢোলৰ মালিতা সহ, মাননি হাত,ঘিন খিতা হাতকে ধৰি
নাচনি ওলোৱা ছেও, কছাৰী ছেও,মিৰি (মিচিং) ছেও,খৰা ছেওৰ বিতং উল্লেখে প্রবন্ধটি
মূল্যবান কৰি তুলিলে।
অসম সাহিত্য সভাৰ প্রাক্তন উপসভাপতি, কাৰবি লোকসংস্কৃতিৰ
বৰেণ্য লেখক লংকাম টেৰণ ছাৰে আমি বিচৰাধৰণে ‘কাৰবি সংস্কৃতিৰ চমু আভাস’ শীৰ্ষক
প্রৱন্ধটি যুগুতাই দিলে। এই লেখাটোত তেখেতে, হাতী মাৰি ভুৰোকাত ভৰোৱাৰ দৰে বিশাল
কাৰবি সংস্কৃতিৰ – জন্মগ্রহণ,নামাকৰণ,চুলি কটা,থেকাৰ কিতি ( ভোজনৰ পূৰ্বে ঈশ্বৰৰ
নামত অৰ্পণ কৰা প্রথা),প্রাৰ্থনা,নিহু কাচিৰি(মোমাই বিচৰা অৰ্থাত মোমায়েকৰ আশিস
প্রাৰ্থী),কাচাৰ্ৱি ( বিবাহিতা স্ত্রীয়ে স্বামীৰ আগত যোৱা নীতি বা প্রথা),অতিথি
আপ্যায়ন, পাগুৰিৰ মহত্ব,বগা ভাত ( আন কেলক)ৰ তাৎপৰ্য,চ’জুন(সৰগদেউ)পূজা,বিবাহ,
মৃত্যু আৰু শ্রাদ্ধ,শপত গ্রহণ,বাৰ্ষিক গমন(নিংকান আছেক), লখিমী উৎসৱ(হাচ্চা
কেকান)ৰ কথা সুন্দৰ উপস্থাপনে
স্মৰণিকাখনিক দিলে বিশেষ মাত্রা।
(৪)
ডিফু সাহিত্য সভাৰ স্বৰ্ণজয়ন্তী বৰ্ষৰ সভাপতি কৰেণ দাসে
‘গোৱালপাৰাৰ বিহুৰ’কথা লিখিলে- ক) গোৱালপাৰাত বিহুক ‘বিষুবা’বোলে।কৃষিজীৱি মানুহৰ
বাবে বিপুল সম্ভাৱনা কঢ়িয়াই অনা এই বসন্ত উৎসৱ গোৱালপাৰাবাসী সকলো অসমীয়াই উলহ
মালহেৰে পালন কৰে। চ’তৰ সংক্রান্তিৰ দিনা অঞ্চল বিশেষে শিৱ-পাৰ্বতীৰ নামত গঞা
ৰাইজে পূজা-অৰ্চনা আগবঢ়ায়।শস্যৰ শ্রীবৃদ্ধি কামনা কৰি ধৰ্মীয় অনুষ্ঠানৰ মাজেৰে
বিষুবা পালন কৰা হয়। খ) চ’তৰ সংক্রান্তিৰ দিনাখন গোৱালপাৰাত নিম তিতা,কেঁচা হালধিৰ
ৰস খোৱাটো এটা নিয়ম।বসন্তৰ প্রতিষেধক হিচাপে বাহুত জাপ পিন্ধাটোও এটা জনবিশ্বাস।
সৰ্পভয় নিবাৰণৰ বাবে নিমপাত,মচুৰ দালি আৰু এৱাঁ গাখীৰ খোৱা হয়। জনবিশ্বাসমতে
বজ্রভয় নিবাৰণৰ বাবে গৰুণ পখীৰ পাত,বেতৰ আগ,বিহকুটলি,দীঘলতি,নাগেশ্বৰ(নাহৰ)ৰ পাত
আদি একত্রে মুঠা বান্ধি ঘৰৰ বাৰাণ্ডাৰ ভিতৰ চালত আৰু বাৰীৰ মাজত থকা তামোল গছত গাঁঠি
ৰখা হয়। নাহৰৰ পাতত জয়মণিৰ মন্ত্র লিখিও ঘৰৰ চালত খুচি ৰখা হয় বজ্রভয় নিবাৰণৰ
বাবে।
সুলেখিকা
দীপালি দত্ত বাইদেউৱে অসমীয়া সংস্কৃতিৰ
প্রধান অংগ ‘অসমীয়া জা-জলপান আৰু বিহুৰ পিঠা-পনা’ৰ বিষয়ে লেখা প্রবন্ধটিত, কোমল
চাউল,চিৰা,আখৈ,হুৰুম,মুৰি,সান্দহ,কৰাই গুড়ি,তিলপিঠা,ঘিলা পিঠা,সুতুলি পিঠা,বৰপিঠা,চুঙা
পিঠা,ভাত পিঠা,তিলৰ লাৰু,পকা মিঠৈৰ বিষয়ে কম পৰিসৰৰ মাজতে সকলোৱে জানিব আৰু সোৱাদ
ল’ব পৰাকৈ সুন্দৰ আলোচনা আগবঢ়ালে।
কবি
মহেন্দ্র শইকীয়াই ‘কুলি চৰাই আৰু অসমীয়া জন জীৱন’শীৰ্ষক প্রৱন্ধ লিখিলে- ক) অসমীয়া
প্রাণৰো প্রাণৰ বিহুৰ বতৰা পাই যেন ক’ৰবাত লুকাই থকা কুলিটি উৰি আহে। কুলি নাহিলে
যে বসন্তও নাহে, ব’হাগো নহয়,ফুলো নুফুলে।সেয়েহে মৌবৰষা কুলিজনীয়ে কন্ঠত গীতৰ মৌৰস
লৈ অসমৰ ইমুৰ-সিমুৰ উৰি ব’হাগ বিলায়; বসন্তৰ ফুল ফুলায়। খ) ইংৰাজীত যাক কোৱা হয়
The Koel।বৈজ্ঞানীক নাম EUDYNAMIS SCOLOPACEUS গ) স্বনামধন্য কবি-সাহিত্যিক
মিত্রদেৱ মহন্তই নিজৰ প্রাণত উদ্বেলিত হোৱা ভাবোল্লাস অসমীয়া জন-জীৱনত এনেদৰে
বিলাই গৈছে- অ’ কুলি অ’ কুলি কুউ কুউ কুউ বুলি/আকৌ এবাৰ মাত কুলি আকৌ এবাৰ
মাত/নাকত যদি ধৰে লাজে নাচাওঁ মই পাতৰ মাজে/ঢাকি থৈ ক’লা গাটি লৈ কুঁহিপাত কুলি হৈ
কুঁহিপাত...।
সুলেখক ম:
আব্দুছ ছাজিদে-‘ বসন্ত ঋতুৰ জীৱন্ত অৰ্কিড: কপৌফুল বিষয়ক তথ্য সমৃদ্ধ প্রবন্ধ এটা
লিখিলে-ক) উজ্বল ৰং আৰু বিচিত্র আকৃতিৰ ফুল ধৰা আৰু বায়ুৰ পৰা আহাৰ গ্রহণ কৰা
একশ্রেণীৰ অলংকৃত উদ্ভিদকে অৰ্কিড নামৰ উৎপত্তি । উদ্ভিদ বিজ্ঞানৰ জনক
থিওফ্রেষ্টাছে ( খ্রী:পূ: ৩৭২-২৮৭) এই নামাকৰণ কৰে। খ) কপৌফুল উত্তৰ পূৰ্বাঞ্চলত
সহজেই পোৱা এবিধ মনোমোহা অৰ্কিড। ইহঁত পৰাশ্রয়ী,সপুষ্পক উদ্ভিদ। গ) উত্তৰ
পূৰ্বাঞ্চলত ৬৫০ বিধৰো বেছি কপৌফুল পোৱা যায়।তাৰ ভিতৰত ৭৬ বিধ সম্পূৰ্ণ থলুৱা। ঘ)
দ্বৈৰাশিক নামকৰণ অনুযায়ী অসমত পোৱা এই উদ্ভিদজোপাৰ বৈজ্ঞানীক নাম ৰিংকষ্টাইলিছ
ৰেটুচা ( RYNCHOSTYLIS RETUSA)
এনেদৰেই স্মৰণিকাখনৰ ,আশাকৰামতেই সম্পূৰ্ণ পাণ্ডুলিপিটো
সম্পূৰ্ণ হৈ উঠিল।এতিয়া আহিল স্মৰণিকাৰ নামকৰণ পৰ্ব।বিহুৰ বতৰত ফটকৈ নাম এষাৰি
মনলৈ আহিল-বিহু মাৰিবলৈ ওলাই আহা চেনাইটি/বিহুটিক নুবুজিবা ভুল/কি বকুল ফুল/হাততে
জেতুকাৰ বোল।
অসম তথা ভাৰতীয় জনজীৱনত বিশেষ ভাবে সমাদৃত এই’জেতুকা’
প্রেম আৰু অনুৰাগৰ প্রতীক। জেতুকা অসমীয়াৰ অতি চেনেহৰ,অতি আপোন।জেতুকাৰ
অন্তনিৰ্হিত গুণ-বৈভৱ আৰু লোক জীৱনৰ সৈতে থকা চিৰন্তন সম্পৃক্ততাৰ উপলদ্ধিতে
কেন্দ্রীয় বিহু সমিতি,ডিফুৰ দ্বাৰা আয়োজিত ৰঙালী বিহু সন্মিলনৰ এই স্মৰণিকা খনিৰ
নামকৰণ হ’ল-জেতুকা।
(৫)
এসময়ত ৰনজিৎ স্বৰ্গীয়াৰীৰ সুন্দৰ বেটুপাতেৰে, কম্পিউটাৰ
লে’আউট শিল্পী অনিল ৰাজখোৱাৰ লগতে বন্ধুবৰ চাজিদৰ পূৰ্ণসহযোগৰ বাবে,যোৰহাটৰ
তৰাজানত অৱস্থিত পূৰ্বশ্রী অফ্ছেট প্রিন্টাৰ্ছত ‘জেতুকা’ স্মৰণিকাখন প্রকাশ কৰি
আনি বিহুপ্রেমী ৰাইজৰ সমুখত উন্মোচন কৰোৱাৰ পিছতহে এক আনন্দ আৰু সকাহ অনুভৱ
কৰিলোঁ।
এইখিনি সময়তে
গুৱাহাটী মহানগৰীৰ বশিষ্ঠ চাৰিআলি স্থিত ‘শাৰদা দেৱী ন্যাস’ৰ দ্বাৰা বিহু উপলক্ষে
সদৌ উওৰ পূৰ্বাঞ্চল ভিত্তিত বিহু আলোচনী/স্মৃতিগ্রন্থ প্রতিযোগিতাৰ আয়োজন কৰা
হৈছিল। উন্মোচনৰ পিছতে ‘দৈনিক অসম’ কাকতত ছাজিদে বাতৰিটো পায়েই ততাতৈয়াকৈ
‘জেতুকা’ৰ পাঁচটা কপি প্রতিযোগিতালৈ বুলি পঠিয়াই দিলে।১৯মে ১৯৯৭ তাৰিখে’আজিৰ
অসম’কাকতত,প্রকাশিত ফলাফল অনুসাৰে ‘জেতুকা’ই প্রথম পুৰস্কাৰ পোৱা খবৰটো ছাজিদৰ
যোগেৰে লাভ কৰি বৰ ভাল পালো। খবৰটোৱে সমিতিৰ সকলোকে আনন্দ প্রদান কৰাত নথৈ সুখী
হলোঁ।
এই ‘জেতুকা’ৰ জৰিয়তে
গুৱাহাটীৰ কটন মহাবিদ্যালয়ৰ বুৰঞ্জী আৰু পূৰাতত্ব বিভাগৰ সভাকক্ষত ডিফু কেন্দ্রীয়
বিহু সমিতিৰ কাৰ্য্যকৰী সভাপতি বেণুবৰুৱাদেৱৰ সৈতে বঁটা গ্রহণ অনুষ্ঠানত উপস্থিত
থাকিলোঁ। ন্যাসৰ সভাপতি গণেশ শৰ্মাৰ পৌৰোহিত্যত হোৱা সভাখনত – ডক্তৰ প্রমোদ চন্দ্র
ভট্টাচাৰ্য, শিৱ প্রসাদ বৰুৱা,কনক চন্দ্র শৰ্মাকে ধৰি বৰেণ্য ব্যক্তিৰ উপস্থিতিত
ডিফু কেন্দ্রীয় বিহু সমিতিৰ হৈ বিহু আলোচনী প্রতিযোগিতাৰ প্রথম পুৰস্কাৰ গ্রহণৰ
মধুৰ স্মৃতি আৰু শাৰদা দেৱীৰ দৰে কৰ্মপ্রাণা সাহিত্যসেৱী নাৰীগৰাকীৰ সান্নিধ্য
লাভৰ স্মৃতিয়ে আজিও মোক অনবদ্য প্রেৰণা যোগান ধৰে।
( এই লেখাটো ডিফু কেন্দ্রীয় বিহু সমিতিৰ, ৬৭সংখ্যক ৰঙালী
বিহু উৎসৱ,২০২৪ বৰ্ষৰ স্মৃতিগ্রন্থ ‘বিহুৱান’ত প্রকাশিত। )
Comments