ওভতনি যাত্রা ( কৱিতা# Assamese poem )
-
ওভতনি যাত্রা
- বিদুল বৰুৱা
কাহিলি পুৱাঁতে গৈ
একাবেকা দূৰ্গম পাহাৰীয়া পথেৰে
শতক মাইল অতিক্ৰমি –
ভাগৰুৱা দেহাৰে
যেতিয়া
ঘৰলৈ উভতো,
চহৰখনে নিতাল মাৰি শুই পৰে।
চকিহলা, চিলনিজান, ডিলাইৰ
কুৱাৰেন্টাইন
শিবিৰ বোৰ
ৰাতিৰ পোহৰত
যেতিয়া জিলিকি উঠে.,
এনেহেন লাগে,
যেন এখন যুদ্ধৰ
বাবে
গড় নিৰ্মাণৰ মহা প্রস্তুতি।
সামাজিক দূৰত্ব, মাস্ক, চেনিটাইজ, ইমিউনিটি
এই আচহুৱা
শব্দবোৰেই
আমাৰ বাবে এতিয়া
এক শক্তিশালী
প্রতিৰোধৰ অস্ত্ৰ।
সৌ সিদিনা, কৰুণাৰ কৰাল গ্রাসত পৰি
বন্ধু ৰামছিঙো
গ’লগৈ
আজি শুনিলো
জয়ছিঙৰ কথা।
তেওঁলোকৰ লগত
মুকলি মনেৰে
টিকা পাহাৰৰ দাঁতিত
অথবা,কপিলি নৈৰ পাৰত বহি
কলেজীয়া দিনৰ কথাবোৰ
আৰু পতা নহ’ল।
যেন এক জীৱন ৰেলৰ
ডবা,
নিৰবে থমকি ৰ’ল।
টোকা- ১)ৰামছিং হাঞ্চে : অতিৰিক্ত কৃষি সঞ্চালক,কাৰবি
আংলং
২)জয়ছিং ৰংপি: পশ্মিম বনসংমণ্ডল বন বিষয়া,কাৰবি
আংলং।
( ৰচনা-৯.৮.২০২০)
Comments