দুখবোধ



এষাৰ কথা আছে- ‘জীৱন আনন্দও নহয়, যন্ত্রণাও নহয়,ই এটা কঠিন কৰ্তব্য। সাহস আৰু আত্মোৎসৰ্গৰ মনোভাবেৰে এই কৰ্তব্য পালন কৰাত ব্রতী হ’ব লাগে।’ এই কৰ্তব্য কৰিবলৈ চেষ্টাও কৰা হয়। জীবনটোক যদি সংগ্রাম বুলি ধৰা হয় অথবা জীবন সংগ্রামৰ পদে পদে বাধা নাথাকিলে সংগ্রামৰ অৰ্থ কি হ’ল বুলি টমাছ হাৰ্ডিৰ দৰে নিজকে প্রশ্নও কৰা হয়,তথাপি যেন কিবা এটাৰ উত্তৰ পাবলৈ বাকী থাকিল,এনে লাগে। স্বৰ্গীয় সুখৰ স্পৃহা নাথাকিলেও মানুহৰ প্রতিয়ে মানুহৰ অনুৰাগ থাকে। সেইবাবেই হয়তো দুখত ‘উদ্বিগ্ন’ ন’হলেও মনত দুখ ওপজে।
মানুহৰ দুখত দুখী আৰু সুখত সুখী হ’ব লাগে। কিন্তু আমি যেন ইয়াৰ ওলোটাটোহে কৰোঁ। মনৰ সুখেই আচল সুখ।ঠিকেই। কিন্তু,কিছুৱে আলফুলে চুই পোৱা প্রাচুৰ্যৰ সুখ,নিছলাৰ অনুভূত সুখৰ স্পন্দনৰ মিল অথবা পাৰ্থক্য আছেনে? ‘সুখৰ সংঘাত’ অথবা ‘সুখ বিভাজন’ বুলিব পাৰিনে? বোধহয় এই দুখৰ প্রতি হাবিয়াস নাথাকিলেও অজানিতে সুখ পাবলৈকে মানুহে দুখ কৰে,দুখ সহে।
ৰবীন্দ্রনাথ ঠাকুৰে এষাৰ কথা কৈছিল - ‘দুখেই জগতৰ সকলো পদাৰ্থৰ মূল। মানুহে নিজে যি বস্তু নিৰ্মাণ কৰিছে সেই সকলো দুখৰ দ্বাৰাই কৰিছে। দুখেৰে নিৰ্মাণ নকৰা বস্তুত  আন্তৰিকতা নাই।’ কথাষাৰৰ সত্যতা আছে। কষ্ট কৰিলেহে ৰত্ন পায়। দুখ কৰিলেহে সুখ ভৰে। এইবোৰ বাস্তব কথা।
অবশ্যে, এই ৰচনাত জীবন সমন্ধীয় আলোচনা হ’লেও – জীবনৰ উদ্দেশ্য কি,জীবনৰ ভোগ,সুখ,প্রকততে কি,কেনে হোৱা উচিত,জীবনৰ মায়া কি,পাপ-পূণ্য,প্রেম-দয়া,ধৰ্ম-ঈশ্বৰৰ ধাৰণা,আত্মাৰ অমৰত্ত নাইবা জীবনৰ ৰহস্যবাদৰ বিষয়ে সদ্যহতে প্রশ্ন তুলিব নিবিচাৰোঁ। আজিৰ আলোচনালৈ আনিব লগা বিষয়টো হ’ল জীবনৰ দুখ সম্পৰ্কে। আচলতে দুখ কি,জীবনৰ দুখ কোনবিলাক? মানুহেই মানুহক দিয়া দুখবোৰ জীবনৰ দুখ হয়নে? আচল মানুহ, মানুহৰূপী মানুহ- এনেধৰণৰ বেলেগ কিবা সংজ্ঞা আছে নেকি? দুখ যদি আছেও, সমাজৰ দুখ প্রকৃততে কেনে হোৱা উচিত? সভ্যতাৰ স্তৰ কিহে কেনেদৰে বিচাৰ কৰে? আচলতে জীবনৰ দুখ,সহনৰ সীমা কিমান?
                       জীবন শান্তিৰ হ’ব লাগে। শান্তিৰে দিন নিয়াব লাগে। শান্তি বজাই ৰাখিব লাগে। কিন্তু শান্তি বজাই ৰাখিব লাগে। কিন্তু শান্তিয়ে বাৰে বাৰে লগ এৰা দিবলৈ ধৰে কিয়?
                        জীবনত উন্নতি লাভ কৰিবলৈ মানুহে কষ্ট স্বীকাৰ কৰিব লাগে। ত্যাগ স্বীকাৰ কৰণীয়, কিছু পাবলৈ হ’লে কিছু এৰিবও লাগিব। জীবনত সফলতা সতকাই নাহে বুলি কয়। ব্যৰ্থতাই বোধহয় জুমুৰি দিয়ে বেছি। জৰ্জ ইলিয়টে কিন্তু ব্যৰ্থতাৰ সংজ্ঞা এটাও দিছে- ‘বিচৰা বস্তুটো নোপোৱাটোৱেই ব্যৰ্থতা নহয়,বিচৰা বস্তুটো পাবলৈ সংগ্রাম এৰি দিয়াটোহে ব্যৰ্থতা।’ তেনেহ’লে মানুহে জীবনত কি বিচাৰে? কি বিচাৰিব লাগে? সিফালে কাৰ্লাইলে কোৱা কথা সেইষাৰ- ‘জীবনত কৃতকাৰ্য হোৱাটো গৌৰবৰ কথা নহয়, কিন্তু অকৃতকাৰ্যতাৰ পৰা সফলতা লাভ কৰিবলৈ চেষ্টা কৰাতহে গৌৰব প্রকাশ পায়।’ তথাপি ইয়াতেই জানো শেষ আছে। সাফল্যতকৈ সততা,নিষ্ঠা আৰু সৎ প্রচেষ্টাৰ মূল্য বহু বেছি। এইদৰেও কোৱা হয়। ইয়াৰ অৰ্থ আছে।
অথচ দকৈ চিন্তা কৰিলে জীবনৰ উন্নতি,সফলতা,ব্যৰ্থতা,সততা,সংগ্রাম- এইবোৰৰ সঠিক সংজ্ঞা অথবা কেনেদৰে ইয়াক আজিৰ জটিল পৃথিবীত মূল্যায়ন কৰিম,আমাৰ আগত ডাঙৰ সমস্যা হৈ থিয় দিয়ে। কেতিয়াবা, সৎ-অসৎ, নীতি-অনীতিৰ সংজ্ঞা,পাৰ্থক্য বিচাৰিও হাবু-ডুবু খাবলগীয়া হয়। কোনোবাই যেন আমাক প্রশ্ন কৰে; পৃথিবীত প্রবৰ্তিত নিয়ম-কানুনবোৰ সম্ভবনে? নীতিযুক্তনে? নি:স্বাৰ্থনে?

-          বিদুল বৰুৱা
টোকা- এই নিবন্ধটো ২০০৫চনৰ ১৮ মে তাৰিখে ‘আমাৰ অসম’ কাকতৰ সম্পাদকীয় পৃষ্ঠাত প্রকাশিত। 

Comments

Popular posts from this blog

ফাগুন

ডিফুত গান্ধী আলোচনা - অনুভবৰ কিছু কথা

‘কাটাৰৰ ডায়েৰী’- এখন সুখপাঠ্য গ্রন্থ