Monday, 23 September 2013

এগৰাকী শ্রোতাৰ দৃষ্টিৰে ড০ ভূপেন হাজৰিকা



আমি প্রাথমিক স্কুলৰ ডেওনা পাৰ হোৱা সময়ৰ কথা। সুধাকন্ঠ  ভূপেন হাজৰিকা ঐতিহ্যমণ্ডিত ডিফু ক্লাবলৈ অনুষ্ঠান পৰিবেশনৰ বাবে আহিছে। ডিফু চহৰখনত আবেলিৰে পৰা মানুহৰ উৎসাহ আৰু আগ্রহেৰে পূৰ্ণ এক সুকীয়া পৰিবেশে বিৰাজ কৰিছে।সেয়েহে,সকলোৱে যোৱাৰ দৰে,সন্ধিয়া পৰত দেউতাৰ লগত ময়ো ওলালো।তেতিয়ালৈকে আমি ভূপেন হাজৰিকাক দেখা নাই। কিন্তু,ৰেডিঅ’ আৰু লং প্লেয়িং ৰেকৰ্ডত ভূপেন হাজৰিকাৰ গীত শুনি শুনি,হৃদয়ত কিবা এক আনন্দ আৰু তেখেতক এবাৰ নয়ন ভৰি চোৱাৰ হেঁপাহে আমাৰ কুমলীয়া মনত ক্রিয়া কৰিছেহি। কিন্তু,আমি গৈ পোৱা মানে, সমগ্র প্রেক্ষাগৃহটো এনেদৰে মানুহে আবৰি ধৰিলে যে,মই সামান্য খিৰিকিৰ ফাঁকেৰে চকামকাকৈ দেখিলোহে মাত্র। সিবাৰলৈ,নয়ন ভৰি  অনুষ্ঠান উপভোগ কৰাৰ সৌভাগ্য নহ’ল।

১৯৮২ চনত অসম সাহিত্য সভাৰ ৪৯তম অধিবেশনখন ডিফুত অনুষ্ঠিত হৈছিল। অসম সাহিত্য সভাৰ নিমন্ত্রণ আৰু আদৰণী সমিতিৰ সম্পাদক প্রয়াত ছামছিং হাঞ্চেৰ বিশেষ আগ্রহৰ বাবে,ভূপেন হাজৰিকা ডিফুলৈ আহিবলৈ সন্মত হোৱাই নহয়, ‘ডিফু হ’ল তোমাৰ নাম/হওক মংগলে তোমাৰ’ শীৰ্ষক বিখ্যাত গীতটো ৰচনা কৰি,সুৰ দি ইয়াত গালেহি।সিবাৰ ভূপেন হাজৰিকাক ওচৰৰ পৰা নয়ন ভৰি চোৱাই নহয়,মুকলি অধিবেশনত,মুখ্য অতিথিৰূপে দিয়া ভাষণটি,ইমান সুৱলা আৰু সুৰীয়া আছিল যে,সেইটো গানেই আছিল নে বক্তৃতা আছিল তলকিবই নোৱাৰিলোঁ।এঘন্টাৰো অধিক সময় কেৱল মোহগ্রস্ত হৈ শুনি থাকিলোঁ।
সাংস্কৃতিক অনুষ্ঠানত,প্রতিনিধি বৰ্গৰ লগতে,শত-সহস্র দৰ্শক-শ্রোতাই তেখেতৰ গীত শুনিবলৈ ইমানে ব্যগ্র হৈ পৰিছিল যে,আগতীয়াকৈ অনুষ্ঠান পৰিবেশন কৰা অন্যান্য শিল্পীসকলৰ বাবে,অসুবিধাৰ কাৰণ হৈ পৰিছিল।এটা সময়ত যেতিয়া,ভূপেন হাজৰিকা মঞ্চত অনুষ্ঠান পৰিবেশন কৰিবলৈ আহিল,ৰাইজৰ বিপুল হৰ্ষধ্বনি আৰু হাতচাপৰিৰ আদৰণিয়ে ৰভাঘৰ তোলপাৰ কৰি তুলিলে। মহাপুৰুষ শ্রীমন্ত শংকৰদেৱৰ ‘শুন শুন ৰে সুৰ /বৈৰী প্রমাণা/সমদল কয়লি প্রয়াণা’ শীৰ্ষক বিখ্যাত বৰগীতটিৰে আৰম্ভ কৰি জ্যোতিপ্রসাদ,বিষ্ণু ৰাভা,পাৰ্বতী প্রসাদৰ গীত গোৱাৰ পিছতে এটাৰ পিছত এটাকৈ নিজৰ বিখ্যাত গীতসমূহ গাই,মাজে মাজে কলাত্মক শৈলীৰে কথা কৈ,দৰ্শক শ্রোতাক সন্মোহিত কৰি ৰাখিলে।

পুনৰ,১৯৮৮ চনত এক ‘বৃদ্ধ আবাস’ সংস্থাৰ সাহায্যাৰ্থে,গুৱাহাটীৰ ৰবীন্দ্র ভৱনত তেখেতৰ এক মনোমোহা অনুষ্ঠান চোৱাৰ পিছত;১৯৯৩ চনত পুনৰ ডিফু ক্লাৱত অসম সাহিত্য সভাৰ সভাপতিৰূপে অতি ওচৰৰ পৰা ভূপেন হাজৰিকাৰ আকৰ্ষণীয় ব্যক্তিত্বৰ সুবাস অনুভৱ কৰাৰ সৌভাগ্য হৈছিল।

অসম সাহিত্য সভাৰ সভাপতি ৰূপে, তেখেতে যি সমন্বয় যাত্রা আৰম্ভ কৰিছিল,তাৰ প্রভাৱ,কেইমাহমানৰ আগতে,ৰং বং তেৰাং চাৰৰ উপস্থিতিত,কহিমা সাহিত্য সভা ভৱনত,এক মুকলি অনুষ্ঠানত অনুভৱ কৰিছিলো; যেতিয়া কহিমাৰে জনপ্রিয় শিল্পী বেনদাং আওৱে ‘মানুহে মানুহৰ বাবে/যদিহে অকণো নেভাবে/অকণি সহানুভূতিৰে/ভাবিব কোনেনো কোঁৱা-সমনীয়া’ শীৰ্ষক বিখ্যাত গীতটো সম্পূৰ্ণ নাগামিজত গাই আমাক সকলোকে আপ্লুত কৰিলে।

১৯৯৪ চনত,অসম সাহিত্য সভাৰ মৰিগাওঁ অধিবেশনত বিদায়ী সভাপতি ৰূপে ভূপেন হাজৰিকাক দেখাৰ পিছত,পুনৰ ১৯৯৯ চনত ডিফুৰ সাংস্কৃতিক সামাজিক অনুষ্ঠান ‘কল্লোল’ গোষ্ঠীয়ে,১৯মে তাৰিখে আয়োজন কৰা বিহু সন্মিলনত,অসমৰ বিশিষ্ট ভাস্কৰ্যশিল্পী বীৰেন সিংহৰ বিশেষ তৎপৰতাত,ডিফুত শেষবাৰৰ বাবে সাংস্কৃতিক অনুষ্ঠান পৰিবেশন কৰিছিল। সিদিনা আবেলি পৰত,ডিফুত এনেদৰে ধুমুহা বৰষুণে তাণ্ডৱ সৃষ্টি কৰিছিল যে ‘কল্লোল’ গোষ্ঠীৰ সমগ্র বিহু মণ্ডপ ভাগি মাটিত বাগৰি পৰিছিল।
তৎসত্তেও,কেইঘন্টামানৰ পাছতে,সদস্যসকলৰ প্রশংসনীয় শ্রমদানেৰে মঞ্চ নিৰ্মাণ কৰি,অনুষ্ঠান আৰম্ভ কৰা হৈছিল।কিনকিনীয়া বৰষুণ,ফিৰফিৰীয়া ঠাণ্ডা বতাহৰ মাজতো ৰাইজে বহু নিশালৈকে অশেষ ধৈৰ্যসহকাৰে,যেনে আগ্রহেৰে তেখেতৰ সুন্দৰ অনুষ্ঠান উপভোগ কৰিলে; ইয়াক দেখিলেহে অনুভৱ কৰিব পাৰি।

যোৱা ৬ নবেম্বৰ’২০১১ তাৰিখে,তেজপুৰ জিলা পুথিভঁৰালত অনুষ্ঠিত হ’বলগীয়া অসম সাহিত্য সভাৰ কাৰ্যনিৰ্বাহক সভাত বিশেষভাৱে যোগদান কৰাৰ অৰ্থে,পাঁচ নবেম্বৰ তাৰিখে,তেজপুৰত আগবেলাতে উপস্থিত হৈ ঐতিহ্যপূৰ্ণ স্মৃতি চিহ্নবোৰ চাই শেষত,কলাগুৰু বিষ্ণুৰাভাৰ সমাধিস্থলিৰ পৰা পোনে পোনে,আমাক থাকিবলৈ দিয়া হেজেৰাপাৰাৰ ‘যুৱ-নিবাস’লৈ সতীৰ্থবন্ধু কেইজনমানৰে সৈতে গৈ থাকোতেই,প্রায় পাঁচ বজাত,বন্ধু এজনৰ মবাইল ফোনৰ জৰিয়তে ভূপেন হাজৰিকাৰ মৃত্যু সংবাদটো পাই, সঁচাকৈয়ে মৰ্মাহত হৈ পৰিলোঁ।হঠাৎ যেন সংগীত আকাশৰ ধ্রুৱতৰা এটি খহি পৰিল।একেলগে,এক বৰ্ণাঢ্য জীৱনৰো অন্ত পৰিল!
       অসম সাহিত্য সভাৰ কেন্দ্রীয় নেতৃবৰ্গৰ অনুৰোধমৰ্মে অসমৰ ভিন্ন জিলাৰ পৰা অহা প্রতিনিধিসকলৰ লগতে,তেজপুৰ সাহিত্য সভাৰ মাননীয় সদস্য-সদস্যা সকলো আহি সাহিত্য সভা ভৱনত ভিৰ কৰিলেহি।নিশা প্রায় আঠ বজাত অসম সাহিত্য সভাৰ মাননীয় সভাপতি ৰং বং তেৰাং চাৰে আনুষ্ঠানিকভাৱে  ভূপেন হাজৰিকাৰ প্রতিচ্ছৱিত মাল্যাৰ্পণ আৰু বন্তি প্রজ্বলন কৰিলে।কাৰ্যনিৰ্বাহকৰ উপস্থিত সকলোৱে সজল নয়নে এপাহ ফুলেৰে শ্রদ্ধা নিবেদন কৰাৰ পিছতে প্রতিনিধি বৰ্গৰে পূৰ্ণ প্রেক্ষাগৃহত,আনুষ্ঠানিকভাৱে শোকসভা অনুষ্ঠিত কৰিয়েই,অসম সাহিত্য সভাৰ ইতিহাসত কাৰ্যসূচী সম্পাদন নকৰাকৈ প্রথমবাৰৰ বাবে কাৰ্যনিৰ্বাহক সভা স্থগিত কৰা হ’ল।গভীৰ শোকৰ মাজতো অসম সাহিত্য সভাৰ মাননীয় সভাপতি ৰং বং তেৰাং চাৰে ক’লে- ‘আজি আমাৰ অতি দুখৰ মাজতো আনন্দ এয়ে যে গীতৰ মাজেৰে অসমৰ সকলো জনগোষ্ঠীক আপোন কৰি লোৱা ড০ ভূপেন হাজৰিকাৰ দেহাবসানৰ দিনা,শদিয়াৰ পৰা ধুবুৰীলৈ,প্রতিখন জিলাৰ প্রতিনিধিয়ে, ড০ হাজৰিকাৰ ‘লক্ষ্যস্থান’ ঐতিহাসিক তেজপুৰত উপস্থিত থাকি,তেখেতলৈ আমাৰ আন্তৰিক শ্রদ্ধাঞ্জলি জনাব পাৰিছো। ড০ ভূপেন হাজৰিকাৰ সকলো অৱদান অসমীয়া জাতিৰ প্রেৰণা হৈ থাকিব’।

                                 পিছদিনা,এক আহত হৃদয়ৰে,ডিফুলৈ ঘূৰি অহাৰ আগতে ৰূপকোঁৱৰ জ্যোতি প্রসাদ আগৰৱালৰ বাসভৱন ‘পকী’দৰ্শন কৰাৰ আগ্রহেৰে ৰিক্সা এখনত উঠি যাওঁতে,চালকজনে দুখমনেৰে কৈ উঠিল-‘আজি মনটো ভাল নাই আছে’। মই  ক’লো-‘কিয়?’ তেওঁ পুনৰ ক’লে-‘আসামৰ এজন মান্য মানুহ ঢুকাইছে’। মোৰ আৰু বুজিবলৈ বাকী নাথাকিল।কৃষক-শ্রমিকৰ পৰা সৰ্ব্বস্তৰৰ সকলো নাগৰিকৰে হৃদয় জিনা,সমগ্র বিশ্বক সুৰৰ যাদুৰে,অসম-অসমীয়াক সগৌৰৱে প্রতিষ্ঠা কৰা,আমাৰ সকলোৰে চেনেহৰ,সুধাকন্ঠ ড০ ভূপেন হাজৰিকা, ‘ভূপেনদা’ৰ মহাপ্রয়াণৰ কথাকে তেওঁ কৈছে।ড০হাজৰিকাদেৱৰ আত্মায়ে চিৰশান্তি লাভ কৰক।

বিদুল  বৰুৱা



(টোকা- এই লেখাটো ইতিমধ্যে ছেপ্টেম্বৰ-২০১৩ মাহৰ ই -আলোচনী 'সাহিত্য ডট অৰ্গ'ত প্রকাশ পাইছে।)

No comments:

Post a Comment