লংকাম টেৰণৰ সান্নিধ্য আৰু কাৰ্বি লোক-সংস্কৃতিৰ কিছু কথা ( প্রৱন্ধ)




( পৰিচয়মূলক টোকা: ১৯৩২ চনত কাৰ্বি আংলং জিলাৰ লাংহিনৰ সোণাৰিজানত জন্ম গ্রহণ কৰা লংকাম টেৰণে,প্রধান শিক্ষক ৰূপে কৰ্মজীৱন আৰম্ভ কৰি,বিভিন্ন পদত কাৰ্যনিৰ্বাহ কৰি , কাৰ্বি আংলং জিলাৰ পৰিষদৰ অধীনস্থ কাৰ্বি পাঠ্যপুথি প্রণয়ন আৰু প্রকাশন নিগমৰ  অধ্যক্ষ পদত আসীন হৈ চৰকাৰী কৰ্মজীৱনৰ সামৰণি মাৰে। সৰ্ব্বমুঠ আঠাইশ খনকৈ মৌলিক গ্রন্থ আৰু পাঁচখন সম্পাদিত গ্রন্থকে ধৰি ভালেকেইখন স্কুলীয়া পাঠ্যপুথিৰ ৰচয়িতা টেৰণৰ উল্লেখযোগ্য গ্রন্থ কেইখন হৈছে-‘কাৰ্বি জনগোষ্ঠী’, ‘অবিসম্বাদী জননেতা খৰছিং তেৰাং’, ‘ছাৰ লামথে’, ‘কাৰ্বি লামলিৰ আচিলি’, ‘ফিচাৰ্পি আত’ম’, ‘কাৰ্বি লোকগীত’, ‘লাম-কীৰ্তন’, ‘কাৰ্বি সংস্কৃতিৰ উৎস’, ‘কাৰ্বি লামতাচাম’, ‘কাৰ্বি লামমাৰজং কিমি’, ‘ফি-ফু আত’ম’, ‘সহজ কাৰ্বি শিক্ষা’, ‘কাৰ্বি ভাষাৰ চমু পৰিচয়’ ইত্যাদি। অত্যন্ত সৰল লংকাম টেৰণ কাৰ্বি লাম্মেত আমেইৰ (কাৰ্বি সাহিত্য সভা) প্রতিষ্ঠাপক সভাপতি (১৯৬৬ চন),অসম সাহিত্য সভাৰ উপ-সভাপতি(১৯৮৮ চন)হোৱাৰ উপৰি অসম চৰকাৰৰ দ্বাৰা সাহিত্যিক পেন্সনাৰ ৰূপে স্বীকৃত)
                                              (১)
১৯৯৭ চনৰ কথা। ডিফু কেন্দ্রীয় বিহু সমিটিয়ে বিহু উদযাপনৰ লগতে – ‘বিহু স্মৰণিকা’ এখন উলিওৱাৰ যো-জা কৰিলে। কমিটিয়ে স্মৰণিকা খন সম্পাদনাৰ গুৰুভাৰ মোৰ ওপৰত ন্যস্ত কৰাত, কিছু সংকোচ অথচ আন্তৰিকতাৰে দায়িত্ব ল’বলৈ আগবাঢ়িলোঁ।স্মৰণিকাৰ বাবে বিষয় নিৰ্বাচন কৰি লেখক-লেখিকা সকলৰ এখন তালিকা প্রস্তুত কৰিলোঁ।একেবাৰে ওপৰত লংকাম টেৰণৰ নামটো ৰাখিলোঁ।
                        ইয়াৰ আগেয়ে, লংকাম টেৰণৰ সান্নিধ্য লাভ কৰা নাছিলোঁ। তেখেতক অসম সাহিত্য সভাৰ প্রাক্তন উপ-সভাপতি হিচাপে, দূৰৈৰ পৰা, তেখেতৰ লেখা মেলাৰ মাজেৰে পৰিচয় লাভ কৰিছিলোঁ।
                         এদিন,চিঠি এখন লৈ, চৰকাৰী চাকৰিৰ অৱসৰৰ পিছত তেখেতে কাৰ্যনিৰ্বাহ কৰা, কাৰ্বি আংলং বেচৰকাৰী বাচ আস্থানত কাৰ্যনিৰ্বাহ কৰা সচিবৰ কোঠালৈ প্রবেশ কৰিলোঁ। কেইবাখনো বাতৰি কাকত টেবুলত থৈ, একান্তমনে এখনত চকু ফুৰাই থাকোতে, অনুমতি লৈ তেওঁৰ কোঠাত সোমালোঁ।
                         এটা ফৰকাল হাঁহিৰে, মোৰ  পৰিচয় আৰু উদ্দেশ্যেৰ বিষয়ে জনাৰ  পিছত চাহ-মিঠাইৰে  আপ্যায়ণ কৰি মোক বিদায় দিলে।
                                        (2)
এনেকৈয়ে, তেওঁ নিদিৰ্ষ্ট কৰি দিয়া দিন-বাৰ আৰু সময়ৰ ভিত্তিতে,মই কাৰ্বি সংস্কৃতি বিষয়ক এটি গুৰুত্বপূৰ্ণ প্রৱন্ধ লাভ কৰিলোঁ। “ কাৰ্বি সংস্কৃতিৰ চমু আভাস” শীৰ্ষক প্রৱন্ধটো, তেখেতে এনেকৈ প্রস্তুত কৰিছিল যেন, কাৰ্বি সংস্কৃতিক হাতী মাৰি ভুৰুকাতহে ভৰাই থৈছে।– জন্মগ্রহণ, নামকৰণ, চুলিকটা, থেকাৰকিতি,প্রাৰ্থনা, নিহু কাচিৰি, কাচাৰ্ৱি,অতিথি আপ্যায়ন, পাগুৰিৰ মহত্ব,বগা ভাতৰ তাৎপৰ্য,সৰগদেউ পূজা,বিবাহ,মৃত্যু আৰু শ্রাদ্ধ,শপত গ্রহণ,বাৰ্ষিক গমন, লখিমী উৎসৱৰ বিষয়ে চমু অথচ আটোমটোকাৰীকৈ লিখা কথাখিনিয়ে আমাৰ স্মৰণিকা “জেতুকা”ক সমৃদ্ধ কৰাই নহয়,গুৱাহাটীৰ শাৰদাদেৱী ন্যাসে,উত্তৰ পূৰ্ৱাঞ্চল ভিত্তিত প্রথম বাৰৰ বাবে আয়োজন কৰা বিহু আলোচনী প্রতিযোগিতাত ,প্রথম স্থান লাভ কৰাত প্রভূত বৰঙণি আগবঢ়ায়। প্রবন্ধটিত, ‘জন্মগ্রহণ’ৰ বিষয়ে বৰ্ণাই তেখেতে লিখিলে ­­­­­­­­­­­­­­­­­­­­­­­­­­­– “কাৰ্বি পৰিয়ালত শিশুৰ জন্মলগ্নত প্রসূতি মাতৃৰ আলপৈচান আৰু শুশ্রষাৰ বাবে বয়সস্থ মহিলা কেইগৰাকীমান থকাটো নিতান্ত প্রয়োজন। নৱজাতক ভূমিষ্ঠ হোৱা মুহূৰ্তত ওচৰত থকা আই- মাতৃ সকলো শিশুটিৰ মংগল কামনাৰে শুভাশিষ প্রদান কৰি উচ্ছাৰণ কৰে – ‘ হে পৰমেশ্বৰ! এয়া মানৱ শিশু, কোনো জন্তু -জানোৱাৰৰ পোৱালি নহয়; ই আন লোকক মোমাই বুলিবলৈ, মামী বুলিবলৈ,পেহা বুলিবলৈ, পেহী বুলি মাতিবলৈ অৰ্থাৎ মানৱ সমাজত এটি সমন্ধ স্থাপন কৰিবৰ বাবে জন্ম গ্রহণ কৰিছে ।”(পৃষ্ঠা-১২)

                                      (৩)
পুনৰ,১৯৯৯ চনত, ডিফু সাহিত্য সভাৰ মুখপত্র ‘মিৰজাংছিক’ খনৰ দায়িত্ব, সভাই মোক অৰ্পণ কৰাৰ বেলিকা –‘ক্রম অনুসৰি কাৰ্বি ৰজাৰ তালিকা’ শীৰ্ষক প্রৱন্ধটো মোক প্রকাশ কৰিবলৈ দি পত্রিকাৰ মান আৰু গুৰুত্ব বহুখিনি বঢ়াই তুলিছিল।এই প্রৱন্ধত ছ’চেঙত ৰাজধানী স্হাপন কৰি ৰাজপাটত বহা কাৰ্বি ৰজাসকলৰ ক্রম অনুসাৰে এখন তালিকা দিবলৈ প্রয়াস কৰিছিল।ইয়াত ৰজা হাৰ ৰংহাঙৰ পৰা লৰ্জেন ৰংহাঙলৈ মুঠ চৌত্রিশ জন ৰজাৰ নাম,শাসন কাল আৰু ৰজাসকলৰ কীৰ্তি চমুকৈ উল্লেখ কৰি, ভৱিষ্যত প্রজন্মৰ সহায়ৰ বাবে প্রৱন্ধটি প্রস্তুত কৰি থৈ গৈছে।
                                     (৪)
আকৌ, ২০০০ চনৰ কথা। ডিফু গড়কাপ্তানি ক’লনি ব’হাগী উদযাপন সমিটিৰ বিহু মুখপত্র ‘বৰ্হমথুৰি’ৰ দায়িত্ব দিলে; কাৰ্বি সংস্কৃতি বিষয়ক প্রৱন্ধ এটাৰ বাবে তেখেতৰ কাষ চাপোতে আমাক নিৰুৎসাহ নকৰিলে। ‘বতৰ কেকুৰ : বতৰ আৱাহনী’ শীৰ্ষক এটা সুন্দৰ প্রৱন্ধ দি মোক উৎসাহ যোগালে। বতৰ কেকুৰ সম্বন্ধে কাৰ্বি লোকগীত এটিৰ সাৰাংশ বৰ্ণনা কৰি লিখিলে--- ‘ ক্রকচ, ক্রকচ’ বুলি ক্রকচ বা ক্রকচুৰ চৰায়ে কেওদিশে মাতি কৃষিকাৰ্যৰ বাবে বতৰৰ আগমনৰ জাননী দিছে। পুৰণি লাউৰ খোলা এটাত মদ ভৰাই ভগৱানক স্মৰণ কৰি কাথাৰপ’ৱে ডেকাদলৰ মুৰব্বীজনক কাৰ্বি নিয়ম অনুসৰি ধানৰ সঁচ সিঁচিবৰ উপযক্ত সময় উপস্হিত বুলি সকীয়াই দিছে। কাথাৰপ’ গৰাকীয়ে ধানৰ সঁচখিনি খাঙত আটোম-টোকাৰিকৈ ভৰাই কান্ধত কোৰখন লৈ ঝুম (জুম) তলীলৈ বুলি ৰাওনা হৈছে।জুমতলীত থকা পঁজাঘৰত কিছু সময় বিশ্রাম লৈ ধানৰ সঁচ পেলাই অৰ্থাৎ  সিঁচি দি মাটিখিনি হাতৰ কোৰখনেৰে ওলট-পালট কৰিছে। এইদৰে সঁচ সিঁচা কাৰ্য সমাধা কৰিছে। যথা সময়ত ধানৰ গজালিবোৰ বাহিৰ হ’ল আৰু লহপহীয়া পাতেৰে জুমতলী মনোৰম হৈ উঠিছে।(পৃষ্ঠা-১৮) এইবাৰো ডিফুৰ ‘বৰ্হমথুৰি’(২০০৮) খনৰ জৰিয়তে , গুৱাহাটীৰ শাৰদা দেৱী ন্যাসে আয়োজন কৰা সদৌ অসম ভিত্তিত আয়োজন কৰা বিহু আলোচনী প্রতিযোগিতাত প্রথম পুৰস্কাৰ লাভ কৰিবলৈ সক্ষম হৈ আমি আটায়ে আনন্দ অনুভৱ কৰিলোঁ।
                                   ( ৫)
ঐতিহ্যপূৰ্ণ ডিফু সাহিত্য সভাৰ সম্পাদক (১৯৯৭-২০০০, ২০০৩-২০০৬) ৰূপে, লংকাম টেৰণদেৱৰ  সৈতে মোৰ ঘনিষ্ঠতা যেন বাঢ়ি গৈছিল। কাৰ্বি ভাষা সাহিত্য সংস্কৃতিৰ বিকাশ আৰু প্রসাৰৰ বাবে লোৱা গ্রন্হ প্রকাশৰ আঁচনি সমূহৰ সফল ৰূপায়ণৰ বাবে, লাহেকৈ লংকাম টেৰণদেৱৰ কাষ চাপিলোঁ। সভাৰ অনুৰোধ ৰক্ষা কৰি, তেখেতে আগবঢ়োৱা সহযোগৰ বাবে , ‘বুঢ়ী আইৰ সাধু’ৰ কাৰ্বি অনুবাদ ‘ফিচাৰপি আতম’ (১৯৯৭চন) আমি সংগ্রহ কৰি দিয়া ‘কাৰ্বি কিম্বদন্তি’ সমূহ দেবেন গগৈ (চাৰ)ৰ সৈতে যুটীয়া সম্পাদনাত ‘কাৰ্বি কিম্বদন্তি সংকলন’ (১৯৯৮চন) নামেৰে প্রকাশ কৰিবলৈ সক্ষম হ’লোঁ। কাৰ্বি সংস্কৃতিৰ এগৰাকী পুৰোধা ব্যক্তি বংলং তেৰাঙৰ ৰচনাৱলীৰ অসমীয়া অনুবাদৰ প্রথম পদক্ষেপ হিচাপে, লংকাম টেৰণদেৱে, সভাৰ অনুৰোধ ৰক্ষা কৰি সহাৰি দিয়াৰ বাবেই পুনৰ ‘ কাৰ্বি লোক-গীত’ গ্রন্হখন (১৯৯৮চন) প্রকাশ কৰিবলৈ সক্ষম হ’লোঁ। যিখন গ্রন্হত ঐশ্বৰ্যপূৰ্ণ কাৰ্বি সংস্কৃতিৰ কেইটামান  উল্লেখযোগ্য বিষয়-বস্তুক অনুবাদৰ জৰিয়তে জন-মানসত তুলি ধৰাৰ প্রয়াস কৰা হৈছে---


১. কাৰ্বি কেপ্লাং (কাৰ্বি সৃষ্টি)
২. লখি কেপ্লাং (লখিমীৰ উৎপত্তি)
৩.ৰংকেকিম ( গাওঁ সংগঠন)
৪.হৰবং কেপ্লাং ( তিতালাওৰ উৎপত্তি)
৫.থাপ্ কেপ্লাং (বাখৰৰ উৎপত্তি)
৬.ৰিছ’ আৰ্নাম কেপ্লাং (যুৱ দেৱতাৰ সৃষ্টি)
৭.বিৰিক কেপ্লাং (জলকীয়াৰ উৎপত্তি)
                                 ( ৬)
২০০৭ চনৰ কথা । ডিফু কেন্দ্রীয় বিহু সমিতিৰ সোণালী জয়ন্তী বৰ্ষৰ ৰঙালী বিহু উৎসৱ জাক জমকতাৰে আয়োজন কৰা হৈছে। স্মৃতিগ্রন্হ ‘বিহুৱান’ৰ সম্পাদনাৰ গুৰুভাৰ সমিতিয়ে মোৰ ওপৰতে ন্যস্ত কৰিলে। শাৰিৰীক অসুস্থতাৰ বাবে তেখেতৰ আশিস স্বৰূপ, ‘শুভেচ্ছা-বাণী’ এটাকে লিখি দিয়াৰ বাবে অনুৰোধ কৰোঁতে, তেখেতে লেখিলে ­­­­­­­­--‘প্রতি বছৰে ব’হাগ মাহত উদ‌যাপন কৰা ৰঙালী বিহু আমাৰ অসমীয়াৰ বাপতি সাহোন। ।এই মহোৎসৱৰ জৰিয়তে সমগ্র অসমৰ সকলো জাতি-জনগোষ্ঠীৰ মাজত থকা ঐক্য-সংহতি আৰু সমন্বয়ৰ ভেটি সুদৃঢ় কৰা আমি প্রত্যক্ষ কৰি আহিছোঁ”। - গোট-গোট হাতৰ আখৰেৰে লিখা এটা যেন সঁচাকৈয়ে ‘সমন্বয়’ সুৰ বহনকাৰী শুভেচ্ছা বাৰ্ত্তা।
                        সদা হাঁহিমুখীয়া পৰিপাটি সাজেৰে, চুটি-চাপৰ,নিয়মানুবৰ্ত্তী,সময়-সচেতন ব্যক্তিত্বশালী মানুহজনৰ সৈতে এইয়াই আছিল মোৰ অন্তিম দেখা-সাক্ষাৎ। কাৰ্বি-সংস্কৃতিৰ ভড়াল স্বৰূপ লংকাম টেৰণদেৱলৈ আমাৰ আন্তৰিক শ্রদ্ধা নিবেদন কৰিছোঁ।

টোকা- ১.থেকাৰকিতি- চিকাৰত পোৱা মাছ-মাংস আৰু পূজাত উচৰ্গা কৰা মাংস সিজাই ভোজনৰ পূৰ্বে ঈশ্বৰৰ নামত অৰ্পণ কৰা প্রথা।
২.নিহু কাচিৰি– মোমাই বিচৰা অৰ্থাৎ মোমায়েকৰৰ আশিস প্রাৰ্থী।
৩.কাচাৰ্ৱি – কাৰ্বি বিবাহিতা স্ত্রীয়ে স্বামীৰ আগে আগে যোৱা প্রথা।
৪.ক্রকচুৰ চৰাই- কাৰ্বি লোকজীৱনত বিশেষ উল্লেখ থকা এবিধ বতৰৰ পক্ষী।
৫.কাথাৰপ’ – কাৰ্বি ৰাজ পুৰোহিত।



   বিদুল বৰুৱা


(টোকা- এই লেখাটো ইতিমধ্যে আগষ্ট-২০১৩ মাহৰ ই -আলোচনী 'সাহিত্য ডট অৰ্গ'ত প্রকাশ পাইছে।)

Comments

Popular posts from this blog

ফাগুন

‘কাটাৰৰ ডায়েৰী’- এখন সুখপাঠ্য গ্রন্থ

ডিফুত গান্ধী আলোচনা - অনুভবৰ কিছু কথা