শাশ্বত কথা ( The Eternal Quote )
( ১ )
পৰম-আনন্দ হৈছে মনৰ এনে এটি অৱস্হা য'ত আমি ইন্দ্রিয় সুখৰ উৰ্দ্ধলৈ গতি কৰি অতীন্দ্রিয় সুখৰ অনুভৱ কৰোঁ। অৱশ্যে এনে অতীন্দ্রিয় সুখৰ অনুভৱ কৰিবৰ বাবে আমাক চকুত চমক লগোৱা কোনো সুন্দৰ দৃশ্য অথবা সমধুৰ সংগীতৰ কোনো সন্মোহনী সুৰ বা বতৰৰ প্রথমটো ফলৰ সোৱাদ ল'বৰ প্রয়োজন নাই।বৰং নিজৰ সৈতে নিৰলে ক্ষন্তেক সময় বহক,নিজৰ লগতে অলপ কথা পাতক,নিৰৱতাৰ শব্দ শুনক।মনক ক্ষন্তেকৰ বাবে জাগতিক চিন্তাৰ উৰ্দ্ধলৈ লৈ যাওঁক। সুখৰ সাগৰ,শান্তিৰ সাগৰ, প্রেমৰ সাগৰ পৰমপিতা পৰমাত্মাৰ স্মৃতিত নিজক বিলীন কৰি দি আনন্দৰ সাগৰৰ পৰা পৰমানন্দৰ অনুভৱ কৰক। Source : Thought for Today
( ২)
শ্রীশ্রী ৰামকৃষ্ণদেৱৰ উপদেশ
মানুহে নিজক চিনিব পাৰিলে ভগৱানকো চিনিব পাৰে। "মই কোন" ভালকৈ বিচাৰ কৰিলে দেখিবলৈ পোৱা যায়,মই বুলি কোনো বস্তু নাই।হাত, ভৰি,তেজ,মাংস আদি এইবোৰৰ কোনটো মই ? পিয়াজৰ বাকলি এৰুৱাই থাকিলে যেনেকৈ কেৱল বাকলিয়েই ওলাই থাকে,সাৰ একো নাথাকে,তেনেদৰে বিচাৰ কৰিলে আমিত্ব বুলি একোৱেই পোৱা নাযায়,শেষত যি থাকে,সেয়েই আত্মা - চৈতন্য।
( ৩ )
শুদ্ধ আৰু শ্রেষ্ঠ চিন্তা মানৱ মনৰ বাবে শক্তিশালী ভোজন সদৃশ।প্রতিদিনে কৰা একো একোটি শ্রেষ্ঠ আৰু নতুন চিন্তা চৰ্চাই মানুহৰ মনক সুস্থ - সবল তথা উৎসাহ উদ্দীপনাৰে ভৰপুৰ কৰি ৰাখিবলৈ প্রয়োজনীয় শক্তিশালী ভোজনৰ নিচিনাই পৰিপুষ্টি যোগান ধৰে।আজিৰ বিশৃংখল আৰু সংঘাতপূৰ্ণ পৰিৱেশত এয়া অতি প্রয়োজনীয়। Source : Thought for Today
Comments