Posts

Showing posts from 2025
    ওভতনি যাত্রা  ( কৱিতা# Assamese poem )   -          ওভতনি যাত্রা                                                    -    বিদুল বৰুৱা কাহিলি পুৱাঁতে গৈ একাবেকা দূৰ্গম পাহাৰীয়া পথেৰে শতক মাইল অতিক্ৰমি –   ভাগৰুৱা দেহাৰে যেতিয়া   ঘৰলৈ   উভতো, চহৰখনে নিতাল মাৰি শুই পৰে।   চকিহলা, চিলনিজান, ডিলাইৰ কুৱাৰেন্টাইন   শিবিৰ বোৰ ৰাতিৰ পোহৰত যেতিয়া জিলিকি উঠে., এনেহেন লাগে, যেন এখন   যুদ্ধৰ বাবে গড় নিৰ্মাণৰ মহা প্রস্তুতি।   সামাজিক দূৰত্ব, মাস্ক, চেনিটাইজ, ইমিউনিটি এই আচহুৱা   শব্দবোৰেই আমাৰ বাবে এতিয়া এক   শক্তিশালী প্রতিৰোধৰ অস্ত্ৰ।   সৌ সিদিনা, কৰুণাৰ কৰাল গ্রাসত পৰি বন্ধু ৰামছিঙো ...
  এদিন ৰঙাগড়া ঘাটত   ( কৱিতা#  Assames poem)   এদিন ৰঙাগড়া ঘাটত -বিদুল   বৰুৱা   বেলি লহিওৱা বাটেৰে ৰঙাগড়া ঘাটৰ কাঠৰ দলংখনৰ ৰেলিঙৰ ফাঁকেৰে মই যেন আকৌ এবাৰ তাহানিৰ ভৰা নৈখন দেখিলো –     ঝাওবনৰ মাজে মাজে মানুহবোৰ যেন উলাহতে মুকলি পথাৰখনলৈ ঢাপলি মেলিছে   কঁহুৱা বনবোৰ যেন লিৰিকি- বিদাৰি হালিছে-জালিছে     নৈপৰীয়া বতাহজাক যেন জাকৰুৱা বাটেৰে পুনৰাই ঘৰলৈ উভতি আহিছে   চাপৰিত থকা ‘জেঠপা’ৰ   বহাত কেৰাচিনৰ চাকিগছি এই যেন ঢিমিককৈ   জ্বলি উঠিছে     অ’ মোৰ ৰঙাগড়া ঘাট বাঁহীত বজাই দেচোন এবাৰ তোৰ সেই ঐনিতমৰ আপোন সুৰটো হেঁপাহ নপলায় মানে শুনো।