লংকাম টেৰণৰ সান্নিধ্য আৰু কাৰ্বি লোক-সংস্কৃতিৰ কিছু কথা ( প্রৱন্ধ # Assamese Article)

লংকাম টেৰণৰ সান্নিধ্য আৰু কাৰ্বি লোক-সংস্কৃতিৰ কিছু কথা ( প্রৱন্ধ # Assamese Article) ( পৰিচয়মূলক টোকা: ১৯৩২ চনত কাৰ্বি আংলং জিলাৰ লাংহিনৰ সোণাৰিজানত জন্ম গ্রহণ কৰা লংকাম টেৰণে,প্রধান শিক্ষক ৰূপে কৰ্মজীৱন আৰম্ভ কৰি,বিভিন্ন পদত কাৰ্যনিৰ্বাহ কৰি , কাৰ্বি আংলং জিলাৰ পৰিষদৰ অধীনস্থ কাৰ্বি পাঠ্যপুথি প্রণয়ন আৰু প্রকাশন নিগমৰ অধ্যক্ষ পদত আসীন হৈ চৰকাৰী কৰ্মজীৱনৰ সামৰণি মাৰে। সৰ্ব্বমুঠ আঠাইশ খনকৈ মৌলিক গ্রন্থ আৰু পাঁচখন সম্পাদিত গ্রন্থকে ধৰি ভালেকেইখন স্কুলীয়া পাঠ্যপুথিৰ ৰচয়িতা টেৰণৰ উল্লেখযোগ্য গ্রন্থ কেইখন হৈছে-‘কাৰ্বি জনগোষ্ঠী’, ‘অবিসম্বাদী জননেতা খৰছিং তেৰাং’, ‘ছাৰ লামথে’, ‘কাৰ্বি লামলিৰ আচিলি’, ‘ফিচাৰ্পি আত’ম’, ‘কাৰ্বি লোকগীত’, ‘লাম-কীৰ্তন’, ‘কাৰ্বি সংস্কৃতিৰ উৎস’, ‘কাৰ্বি লামতাচাম’, ‘কাৰ্বি লামমাৰজং কিমি’, ‘ফি-ফু আত’ম’, ‘সহজ কাৰ্বি শিক্ষা’, ‘কাৰ্বি ভাষাৰ চমু পৰিচয়’ ইত্যাদি। অত্যন্ত সৰল লংকাম টেৰণ কাৰ্বি লাম্মেত আমেইৰ (কাৰ্বি সাহিত্য সভা) প্রতিষ্ঠাপক সভাপতি (১৯৬৬ চন),অসম সাহিত্য সভাৰ উপ-সভাপতি(১৯৮৮ চন)হোৱাৰ উপৰি অসম চৰকাৰৰ দ্বাৰা সাহিত্যিক পেন্সনাৰ ৰূপে স্বীকৃত) ...