Posts

কবিতা -৪ ( মায়া নগৰীত এদিন )

মায়া নগৰীত এদিন সপোন নে দিঠক নে ছঁয়াময়া কিবা এটা - বিজুলীৰ দৰে অহা এক প্রচণ্ড শব্দত থুনুকা কাঁচৰ দৰে ঠন্ ঠন্ কৈ হঠাৎ যেন সৰগখন ভাঙি পৰিছিল ফুল - কুমলীয়া কলিজাবোৰ ছিটিকি পৰিছিল শিল পৰা কপৌৰ দৰে মানুহবোৰ থৰ লাগিছিল হঠাৎ যেন হাতখন হাতোৰা হৈ পৰিছিল মুখা পিন্ধা ছায়াবোৰে কিৰিলি পাৰিছিল নদীবোৰ উভতি বৈছিল গছবোৰ উভালি পৰিছিল আৰ্তজনৰ দৰে চৰাইবোৰে সিহঁতৰ ডেউকাবোৰ প্রসাৰিত কৰি, চিঞৰি উঠিছিল কালিকা লগা আত্মাবোৰে ৰাজপথত জীৱন নাটৰ ভাওনা পাতিছিল যেন,অদৃশ্য মায়াময় ব্রহ্ম ব্রহ্ম ব্রহ্ম......। ( কবিতাটো গুৱাহাটীৰ পৰা প্রকাশ পোৱা কাব্যালোচনী "শিপা" ত ইতিমধ্যে প্রকাশিত)

কবিতা - ৩ ( পঢ়াশালি )

বহুদিনেই হ'ল ঘৰলৈ যোৱা নাই সেউজীয়াৰ স'তে বহুদিন প্রাণ খুলি কথা পতা নাই। চিপচিপীয়া বৰষুণত তিতি-বুৰি আলিবাটৰ কোবাল পানীত আজি কত দিন হ'ল খেলি পোৱা নাই। পঢ়াশালিৰ চোতালত নেওঁতা আওৰোৱাৰ দিন চিলট-পেঞ্চিলৰ কটাকটি, চেংগুটি-টাংগুটি আৰু যে কত কি! তোমাৰ আয়ে দিছিলনে বাৰু তপতে তপতে ভাতকেইটা? বন ঢেঁকীয়াৰ শাক অথবা কলডিল-পচলাৰ ভজা? বৰশীত উঠা নে, জাকৈ-জুলুকিত ধৰা পোৰা মাছ? ঔ, বগৰী, তেঁতেলীৰ তলত আমাৰ ল'ৰালিৰ জাক। ঝাউবন, কঁহুৱাৰ তলে তলে লুকাভাকু খেলা নৈত সাঁতুৰি- নাদুৰি বালিচৰত বালিঘৰ সজা আৰুযে কত কথা! আনৰ বাৰীৰ সেন্দুৰীয়া আমলৈ ঘনেপতি কোনে বাৰু দিয়ে চকু? মৈ-নাঙল-যুঁৱলিৰ স'তে সখি পাতি পুঠি-ডঁৰিকনাবোৰ কোনে বাৰু খেপিয়াই ধৰে? বহুদিনেই হ'ল ঘৰলৈ যোৱা নাই সেউজীয়াৰ স'তে বহুদিন প্রাণ খুলি কথা পতা নাই।

কবিতা -২ ( সুৰীয়া জীৱনৰ সন্ধানত )

সুৰীয়া জীৱনৰ সন্ধানত ঐ পেট, তই নোহোৱা হ'লে বতাহ খাই মানুহ জীয়াই থাকিব পৰা হ'লে অৰণ্য,নদী,চৰাই,আকাশক ভাল পাব পৰা হ'লে সামাজিক বাধাবোৰ নথকা হ'লে গৰ্ব -অহংকাৰ,লালসা নথকা হ'লে মানুহবোৰ অ-মানুহ নোহোৱা হ'লে শিলে জীৱন পোৱা হ'লে শিলে প্রেম কৰা হ'লে গছে কথা কব পৰা হ'লে চৰাই হৈ উৰিব পৰা হ'লে আই ঐ দেহি - আ: জীৱন ।

কবিতা -১ (বৰকাঁহৰ শব্দত )

বৰকাঁহৰ শব্দত নাম ঘৰীয়া নামঘৰৰ বৰকাঁহ ৰজন জনাই ভদীয়া কাই,  পেটে কলমল,কলমল কোনে কেনি ঢপলিয়াই বৰসভাহত ভিৰ, চপৰ্ চপৰ্ চাপৰি কোনে বায় ।