এদিন ৰঙাগড়া ঘাটত   ( কৱিতা#  Assames poem)

 

এদিন ৰঙাগড়া ঘাটত

-বিদুল  বৰুৱা

 

বেলি লহিওৱা বাটেৰে

ৰঙাগড়া ঘাটৰ কাঠৰ দলংখনৰ

ৰেলিঙৰ ফাঁকেৰে

মই যেন আকৌ এবাৰ

তাহানিৰ ভৰা নৈখন দেখিলো –

 

 

ঝাওবনৰ মাজে মাজে

মানুহবোৰ যেন

উলাহতে মুকলি পথাৰখনলৈ

ঢাপলি মেলিছে

 

কঁহুৱা বনবোৰ যেন

লিৰিকি- বিদাৰি হালিছে-জালিছে

 

 

নৈপৰীয়া বতাহজাক যেন

জাকৰুৱা বাটেৰে পুনৰাই ঘৰলৈ উভতি আহিছে

 

চাপৰিত থকা

‘জেঠপা’ৰ  বহাত

কেৰাচিনৰ চাকিগছি

এই যেন ঢিমিককৈ  জ্বলি উঠিছে

 

 

অ’ মোৰ ৰঙাগড়া ঘাট

বাঁহীত বজাই দেচোন এবাৰ

তোৰ সেই ঐনিতমৰ

আপোন সুৰটো

হেঁপাহ নপলায় মানে শুনো।

Comments

Popular posts from this blog

বিষ্ণু প্রসাদ ৰাভাৰ এখন ঐতিহাসিক ভাষণ ( প্রৱন্ধ)

সন্ত বিনোৱাজীৰ দৃষ্টিত মাধৱদেৱৰ নামঘোষা ( প্রৱন্ধ # Article )