Posts

পাৰি ৰংপিৰ কবিতা

Image
                                                                                পাৰি ৰংপিৰ কবিতা                                                                                                          বিদুল বৰুৱা   ( পৰিচয়মূলক টোকা : ১৯৫০ চনত কাৰবি আংলং জিলাৰ তাৰা...

অৰণ্যৰ গভীৰলৈ

Image
অৰণ্যৰ গভীৰলৈ যদিও আপোনাৰ সেউজীয়া প্রকৃতিৰ বিনন্দীয়া পৰিৱেশত জন্ম লাভ কৰা অথবা শৈশৱ লালিত –পালিত হোৱা নাই ; সুযোগ – সুবিধা পালেই অৰণ্যৰ মাজলৈ সোমাই যাওক। পৰ্বতৰ ওখোৰা – মোখোৰা বাটেৰে গাড়ীৰে প্রৱেশ কৰা কঠিন হ’ব পাৰে।আপুনি খোজ কাঢ়ি কাঢ়ি অকলশৰে আগবাঢ়ক। আপুনি সুহূৰিয়াব নাজানে,কিন্তু আপোনাৰ ভাল লগা গানৰ কলি আপোনা- আপুনি গুণগুণাই ওলাই আহিব।চহৰৰ পুতিগন্ধময় যান্ত্রিক জগতখনে দিয়া যন্ত্রণা ক্ষন্তেকলৈ হ’লেও মনৰ পৰা আঁতৰি যাব। এক অনাবিল প্রশান্তিয়ে আপোনাক আবৰি ধৰিব।অৰণ্যময় এই প্রকৃতিৰ কোলাত নিজকে বিলাই দিবলৈ মন যাব।আপুনি আগবাঢ়ি যাওক। আপোনাৰ আগেদিয়েই কেইবাটাও বন কুকুৰা ককককাই উৰি যোৱা দেখিব। হয়টো এপাল বন গাহৰিৰ জাকে হূৰহূৰাই   দ খাৱৈৰ মাজেৰে নামি গৈছে। অৰণ্যৰ বাঁহ , বেতৰ জোপোহা, ঔ,বগৰি, লানি লানি কলগছ, ৰঙা তিতা ফুলবোৰ দেখিয়ে ভাল লাগিব। তললৈ হাউলি পৰা লেটেকু   জোপাই যেন আপোনাক মোক খা মোক খাকৈ আমন্ত্রণ জনাব। মূলপথ এৰি লুংলুঙীয়া বাটেৰে খোজ কাঢ়ক। হাবিয়নিৰ লুংলুঙীয়া বাটেৰে যোৱাৰ আনন্দই বেলেগ। সাৱধানে যাব। চোৰাতে পাব । কাঁইটীয়া জোপোহা , লতা-বনে আপোনাক আগুৱাই যোৱাত বাধা দিব। লতা ভাঙি ভাঙ...

ডিফু বৰনামঘৰ

Image
                                                                                                 ডিফু বৰনামঘৰ                                                                      ( ট...

অসমৰ জনগোষ্ঠী আৰু বিহুনাম

                                          বিহু কৃষিভিত্তিক উৎসৱ।মূলত: উৰ্বৰা বিশ্বাস জড়িত কৃষিধৰ্মী এই গ্রাম্য উৎসৱটিয়ে বিভিন্ন সংস্কৃতিৰ সংস্পৰ্শত আজি এক সমৃদ্ধ আৰু বাৰেৰহনীয়া ৰূপ ধাৰণ কৰিছে।সেয়েহে বিহুটি বিহুৱা বতৰত বিহু নাচ আৰু নামৰ যোগেদি অসমৰ মানুহে আকুল হৃদয়েৰে পালন কৰা কেৱল এক পৰম্পৰাগত অনুষ্ঠান বুলি ক’ব নোৱাৰি। বিহু অসমৰ জাতীয় সংস্কৃতিৰ মূল চিনাকি অথবা অসমৰ লোকজীৱনৰ প্রেৰণাদায়িনী শক্তিত, আজি পৰিণত হৈ পৰিছে। ডক্টৰ ভূপেন হাজৰিকাৰ গীতৰ ভাষাৰে- ‘ব’হাগ এটি মাথো ঋতু নহয়,নহয় এটি মাহ, অসমীয়া জাতিৰ ই আয়ুস ৰেখা,গণজীৱনৰ ই সাহ’। তেনেকৈ বিহু নামত কোৱাৰ দৰে-     দিহিং, দিচাং, দিখৌ আৰু নদী ধনশিৰি     মিলিনো ব্রহ্মপুত্র মহাসুঁতিৰ এসুঁতি;     সেইদৰেনো ঐ নাচনী     কাৰবি,মিচিং, কছাৰী,মিলিনো ঐ অসমীয়া     হয়নো মহাজাতি। বিহু আজি ...

ফাগুন

                                           ফাগুণৰ প্রথম বৰষুণ জাকত মনটো ভিতৰলৈকে তিতি গ’ল চিলা উৰুৱাই থাকোতে উনমনা মনটোকো পছোৱাজাকে উৰুৱাই নিলে। ঢৌ খেলা আকাশৰ তলত ফাগুণ তই,কেনেকৈযে গুজৰি থাক? সিদিনা, পলাশ জোপাইহে ক’লে, তোৰ অভিমানৰ কথা- ফাগুণ, জীৱন থাকে মানে তোক নাপাহৰো দে- হেঁপাহৰ ঘৰখন পতাৰ সুখ মাহ-হালধিৰ গোন্ধটোৰ দৰেই মিঠা। বিদুল বৰুৱা

স্বাধীনতা দিৱসৰ চিন্তা

সৰুকালৰ কথা। স্বাধীনতা দিৱসৰ আগদিনাৰ পৰাই আমাৰ থৰ-কাছুটি নোহোৱা অৱস্থা হৈছিল। স্কুলৰ ইউ-নি-ফৰ্মযোৰ ইস্ত্রি কৰা, বগা কাপোৰৰ জোতাত ৰং কৰাকে ধৰি আমাৰ অনেক ব্যস্ততাৰ অন্ত নাছিল। উৎসৱৰ আনন্দ আৰু উত্তেজনাৰ বন্যাত আমাৰ নিশা ভালকৈ টোপনি অহা নাছিল। কাহিলি পুৱাতে তথ্য আৰু জনসংযোগ বিভাগে প্রচাৰ কৰা দেশপ্রেম মূলক গীতবোৰে আমাৰ  শিশুমনৰ চেতনাকো  জাগ্রত কৰিছিল । স্কুলৰ পতাকা উত্তোলন স্থলীত ৰাষ্ট্রীয় পুৰস্কাৰপ্রাপ্ত কৃতী শিক্ষক,আমাৰ হেডচাৰে (প্রয়াত বদন গোস্বামী ছাৰ) স্বাধীনতা দিবস সম্পৰ্কে প্রদান কৰা সাৰগৰ্ভ চমু বক্তৃতাটোৱে আমাৰ জাতীয় চেতনাক যেন উদ্বুদ্ধ কৰিহে তুলিছিল  -‘ মহামানৱ মহাত্মা গান্ধীৰ সৱল নেতৃত্বত দেশত আৰম্ভ হোৱা স্বাধীনতা আন্দোলনটোত ভগত সিঙকে ধৰি আমাৰ অসমৰ গোমধৰ কোঁৱৰ,পিয়লি ফুকন,কুশল কোঁৱৰ,কনকলতা বৰুৱা,মুকন্দ কাকতিৰ দৰে জাতীয় সেনানী সকলে কৰা আত্মবলিদানৰ বিনিময়ত, বৰ্ণবাদী ব্রিটীশৰ শাসনক ওফৰাই আমি স্বাধীনতা লাভ কৰিলোহঁক। আজিৰ এই স্বাধীনতা দিৱসত স্বাধীনতা আন্দোলনত ভাগ লোৱা সকলো বীৰ-বীৰংগনাকে আমি আমাৰ শ্রদ্ধাঞ্জলি জ্ঞাপন কৰিছোঁ। আমাৰ ছাত্র সকলে শাৰী শাৰীকৈ...

আভিজাত্যৰ ধাৰণা

                                                                                    অৱশ্যে,এইটো সত্যযে অভিজাত অথবা অভিজাততন্ত্র কোনো নতুন কথা নহয়। সম্ভৱত: গ্রীকসকলৰ দিনৰে পৰা ই এটা কম-বেছি ধৰণে প্রচলিত ধাৰণা। পিচলৈ আমেৰিকাৰ বিশিষ্ট প্রতিভা ৱাছিংটন অথবা জন আদামছৰ দিনটো ইয়াৰ শাসন ব্যৱস্থাত যথেষ্ট প্রভাৱ পৰিছিল।আমাৰ দেশতো তাহানিৰ ৰজা মহাৰাজৰ দিনৰে পৰা আভিজাত্য অথবা অভিজাত শ্রেণীৰ কথা মানুহৰ মুখে মুখে আজি পৰ্যন্ত বাগৰি আহিছে।সাধাৰণ দৃষ্টিত অভিজাত লোক মানেই সৰ্বসাধাৰণ মানুহৰ পৰা আতৰি থকা এক ঐশ্বৰ্য আৰু প্রাচুৰ্যৰে ভৰপৃৰ সমাজৰ পদস্থ,সম্পদশালী লোক। আভিজাত্যৰ নামত লোকসকলে মানুহৰ মাজত এখন অদৃশ্যমান প্রাচীৰৰ সৃষ্টি কৰিব বিচাৰে। যি প্রাচীৰ ভেদ কৰাৰ সাহস সাধাৰণ লোক এজনে সততে কৰিব নোৱাৰে,কৰিবলৈ দিয়া নহয়।মানুহৰ মাজত এডাল বিভেদ ৰেখা এনেদৰেই টনা হয়। এনেকৈয়ে কিছুসংখ্যক লোকে নিজকে আভিজাত্যৰ...