Posts

ডিফু বৰনামঘৰ

Image
                                                                                                 ডিফু বৰনামঘৰ                                                                      ( ট...

অসমৰ জনগোষ্ঠী আৰু বিহুনাম

                                          বিহু কৃষিভিত্তিক উৎসৱ।মূলত: উৰ্বৰা বিশ্বাস জড়িত কৃষিধৰ্মী এই গ্রাম্য উৎসৱটিয়ে বিভিন্ন সংস্কৃতিৰ সংস্পৰ্শত আজি এক সমৃদ্ধ আৰু বাৰেৰহনীয়া ৰূপ ধাৰণ কৰিছে।সেয়েহে বিহুটি বিহুৱা বতৰত বিহু নাচ আৰু নামৰ যোগেদি অসমৰ মানুহে আকুল হৃদয়েৰে পালন কৰা কেৱল এক পৰম্পৰাগত অনুষ্ঠান বুলি ক’ব নোৱাৰি। বিহু অসমৰ জাতীয় সংস্কৃতিৰ মূল চিনাকি অথবা অসমৰ লোকজীৱনৰ প্রেৰণাদায়িনী শক্তিত, আজি পৰিণত হৈ পৰিছে। ডক্টৰ ভূপেন হাজৰিকাৰ গীতৰ ভাষাৰে- ‘ব’হাগ এটি মাথো ঋতু নহয়,নহয় এটি মাহ, অসমীয়া জাতিৰ ই আয়ুস ৰেখা,গণজীৱনৰ ই সাহ’। তেনেকৈ বিহু নামত কোৱাৰ দৰে-     দিহিং, দিচাং, দিখৌ আৰু নদী ধনশিৰি     মিলিনো ব্রহ্মপুত্র মহাসুঁতিৰ এসুঁতি;     সেইদৰেনো ঐ নাচনী     কাৰবি,মিচিং, কছাৰী,মিলিনো ঐ অসমীয়া     হয়নো মহাজাতি। বিহু আজি ...

ফাগুন

                                           ফাগুণৰ প্রথম বৰষুণ জাকত মনটো ভিতৰলৈকে তিতি গ’ল চিলা উৰুৱাই থাকোতে উনমনা মনটোকো পছোৱাজাকে উৰুৱাই নিলে। ঢৌ খেলা আকাশৰ তলত ফাগুণ তই,কেনেকৈযে গুজৰি থাক? সিদিনা, পলাশ জোপাইহে ক’লে, তোৰ অভিমানৰ কথা- ফাগুণ, জীৱন থাকে মানে তোক নাপাহৰো দে- হেঁপাহৰ ঘৰখন পতাৰ সুখ মাহ-হালধিৰ গোন্ধটোৰ দৰেই মিঠা। বিদুল বৰুৱা

স্বাধীনতা দিৱসৰ চিন্তা

সৰুকালৰ কথা। স্বাধীনতা দিৱসৰ আগদিনাৰ পৰাই আমাৰ থৰ-কাছুটি নোহোৱা অৱস্থা হৈছিল। স্কুলৰ ইউ-নি-ফৰ্মযোৰ ইস্ত্রি কৰা, বগা কাপোৰৰ জোতাত ৰং কৰাকে ধৰি আমাৰ অনেক ব্যস্ততাৰ অন্ত নাছিল। উৎসৱৰ আনন্দ আৰু উত্তেজনাৰ বন্যাত আমাৰ নিশা ভালকৈ টোপনি অহা নাছিল। কাহিলি পুৱাতে তথ্য আৰু জনসংযোগ বিভাগে প্রচাৰ কৰা দেশপ্রেম মূলক গীতবোৰে আমাৰ  শিশুমনৰ চেতনাকো  জাগ্রত কৰিছিল । স্কুলৰ পতাকা উত্তোলন স্থলীত ৰাষ্ট্রীয় পুৰস্কাৰপ্রাপ্ত কৃতী শিক্ষক,আমাৰ হেডচাৰে (প্রয়াত বদন গোস্বামী ছাৰ) স্বাধীনতা দিবস সম্পৰ্কে প্রদান কৰা সাৰগৰ্ভ চমু বক্তৃতাটোৱে আমাৰ জাতীয় চেতনাক যেন উদ্বুদ্ধ কৰিহে তুলিছিল  -‘ মহামানৱ মহাত্মা গান্ধীৰ সৱল নেতৃত্বত দেশত আৰম্ভ হোৱা স্বাধীনতা আন্দোলনটোত ভগত সিঙকে ধৰি আমাৰ অসমৰ গোমধৰ কোঁৱৰ,পিয়লি ফুকন,কুশল কোঁৱৰ,কনকলতা বৰুৱা,মুকন্দ কাকতিৰ দৰে জাতীয় সেনানী সকলে কৰা আত্মবলিদানৰ বিনিময়ত, বৰ্ণবাদী ব্রিটীশৰ শাসনক ওফৰাই আমি স্বাধীনতা লাভ কৰিলোহঁক। আজিৰ এই স্বাধীনতা দিৱসত স্বাধীনতা আন্দোলনত ভাগ লোৱা সকলো বীৰ-বীৰংগনাকে আমি আমাৰ শ্রদ্ধাঞ্জলি জ্ঞাপন কৰিছোঁ। আমাৰ ছাত্র সকলে শাৰী শাৰীকৈ...

আভিজাত্যৰ ধাৰণা

                                                                                    অৱশ্যে,এইটো সত্যযে অভিজাত অথবা অভিজাততন্ত্র কোনো নতুন কথা নহয়। সম্ভৱত: গ্রীকসকলৰ দিনৰে পৰা ই এটা কম-বেছি ধৰণে প্রচলিত ধাৰণা। পিচলৈ আমেৰিকাৰ বিশিষ্ট প্রতিভা ৱাছিংটন অথবা জন আদামছৰ দিনটো ইয়াৰ শাসন ব্যৱস্থাত যথেষ্ট প্রভাৱ পৰিছিল।আমাৰ দেশতো তাহানিৰ ৰজা মহাৰাজৰ দিনৰে পৰা আভিজাত্য অথবা অভিজাত শ্রেণীৰ কথা মানুহৰ মুখে মুখে আজি পৰ্যন্ত বাগৰি আহিছে।সাধাৰণ দৃষ্টিত অভিজাত লোক মানেই সৰ্বসাধাৰণ মানুহৰ পৰা আতৰি থকা এক ঐশ্বৰ্য আৰু প্রাচুৰ্যৰে ভৰপৃৰ সমাজৰ পদস্থ,সম্পদশালী লোক। আভিজাত্যৰ নামত লোকসকলে মানুহৰ মাজত এখন অদৃশ্যমান প্রাচীৰৰ সৃষ্টি কৰিব বিচাৰে। যি প্রাচীৰ ভেদ কৰাৰ সাহস সাধাৰণ লোক এজনে সততে কৰিব নোৱাৰে,কৰিবলৈ দিয়া নহয়।মানুহৰ মাজত এডাল বিভেদ ৰেখা এনেদৰেই টনা হয়। এনেকৈয়ে কিছুসংখ্যক লোকে নিজকে আভিজাত্যৰ...

জীৱনৰ বাটত

(১) প্রকৃততে, মুহূৰ্তৰ বাবেও মই কামনা নকৰোঁ আপোনাৰ জীৱনতো এনে এটা সংঘাতময় দিন আহক,যিদিনা আপোনাক অথবা আপোনাৰ পৰিয়ালত নিৰ্দয়ভাৱে কোনো সশস্ত্র শক্তিয়ে তাৎক্ষণিক আঘাত হানক,যি আঘাতে  আপোনাক অথবা আপোনাৰ এক ছন্দোময় গতিশীল জীৱন স্তব্ধ কৰি দিব পাৰে,যি আঘাতে আপোনাৰ চেনেহৰ কোনো আত্মীয়ৰ অকাল বিয়োগ ঘটাব পাৰে। সঁচাকৈয়ে,অসহ্যকৰ আত্মীয়ৰ অকাল বিচ্ছেদৰ যন্ত্রণা। কি নিদাৰুণ সময়। নিষ্ঠুৰ পৃথিবী আৰু নিষ্ঠুৰ মানুহ। সেই অকলশৰীয়া মুহূৰ্তৰ বেলিকাহে আপোনাৰ মনলৈ আহিব;মানুহৰ মৃত্যুৰ দশা। বিপদৰ বন্ধুৰ কথা। মানুহৰ স্বাৰ্থ আৰু চক্রান্তৰ কথা। ব্যক্তিৰ উচটনি আৰু মানুহৰ সীমাহীন আশাৰ কথা। (২) অৱশ্যে,ঈশ্বৰৰ অন্ধ ভক্তৰ শাৰীত মই আপোনাক নধৰোঁ।যদিও,ৰহস্যময় প্রকৃতি জগতখনৰ গভীৰতা,শৃংখলা আৰু উদাৰতাৰ মাজলৈ সোমাই যোৱাৰ আপুনি হাবিয়াস কৰিব। আপোনাৰ মনটো ধাৰ্মিক হৈ উঠিব নে নাই মই ক’ব নোৱাৰিম; হ’লেও আপোনাৰ নিজকে এক সৌম্য ভাবনাই যে কেওদিশৰ পৰা ছানি ধৰিব,ই সত্য। হয়তো পৰিয়াল-পৰিজনৰ হিয়াভগা ক্রন্দনে আপোনাৰ সত্তাক উত্তেজিত কৰি তুলিব পাৰে।তথাপি,ক্রুছবিদ্ধি যীশুখ্রীষ্টৰ ছবিখনেই আপোনাক শান্ত কৰি তুলিব।সশ্রদ্ধভাবে আওৰোৱা তেওঁৰ বাণীষাৰ...

ডিফুত গান্ধী আলোচনা - অনুভবৰ কিছু কথা

Image
(১) ২অক্টোবৰ,২০১৩, বুধবাৰ। ‘এ চিটিজেনচ অৱ ডিফু ইনিচিয়েটিভ’ৰ  সৌজন্যত এইবাৰ দিনজোৰা কাৰ্যসূচীৰে আন্তৰ্জাতিক অহিংসা দিৱসৰ সৈতে সংগতি ৰাখি,১৪৪তম গান্ধী জয়ন্তী এক গাম্ভীৰ্যপূৰ্ণ,ব্যতিক্রমী আৰু বহল পৰিসৰত পোনপ্রথমবাৰৰ বাবে ডিফু নগৰত পালন কৰা হয়।এই উপলক্ষ্যে,উদযাপন সমিতিয়ে ছাত্র-ছাত্রী সকলৰ মাজত চিত্রাংকন প্রতিযোগিতা,ৰচনা প্রতিযোগিতা,কুইজ প্রতিযোগিতা,সাংস্কৃতিক অনুষ্ঠানৰ লগতে পুৱাৰ ভাগত গান্ধী আৰু ভাৰতৰ প্রাক্তন প্রধানমন্ত্রী লালবাহাদুৰ শাস্ত্রীৰ প্রতিচ্ছৱিত মাল্যাৰ্পণ,বন্তি প্রজ্বলন আৰু সৰ্বধৰ্ম প্রাৰ্থনা কৰাৰ অন্তত ছাত্র-ছাত্রীসকলক লৈ বিশাল শোভাযাত্রাও নগৰখনত উলিওৱা হয়।অনুষ্ঠানৰ সুন্দৰ পৰিবেশত ষ্টিভ ইয়ৰ্ক (Steve York) পৰিচালিত তথ্যচিত্র ‘A Force More Powerful’ প্রদৰ্শন কৰা হয়।যি খন তথ্যচিত্রই ভাৰতকে ধৰি দক্ষিণ আফ্রিকা, ডেনমাৰ্ক,পোলেণ্ড আৰু চিলিৰ জনসাধাৰণে অহিংস উপায়ে কুৰি শতিকাৰ ছয়টা গণ আন্দোলনৰ সফল সামৰণিৰ কথা চিত্রিত কৰিছে। ১৯০৭ চনত দক্ষিণ আফ্রিকাৰ বৰ্ণবাদী আমোলৰ বিৰুদ্ধে ডেকা গান্ধীৰ অংশগ্রহণৰ দৃশ্যায়নেৰে তথ্যচিত্রখনৰ আৰম্ভণি আছিল অন্যতম আকৰ্ষণ ।       ...