Posts

এগৰাকী শ্রোতাৰ দৃষ্টিৰে ড০ ভূপেন হাজৰিকা

Image
আমি প্রাথমিক স্কুলৰ ডেওনা পাৰ হোৱা সময়ৰ কথা। সুধাকন্ঠ  ভূপেন হাজৰিকা ঐতিহ্যমণ্ডিত ডিফু ক্লাবলৈ অনুষ্ঠান পৰিবেশনৰ বাবে আহিছে। ডিফু চহৰখনত আবেলিৰে পৰা মানুহৰ উৎসাহ আৰু আগ্রহেৰে পূৰ্ণ এক সুকীয়া পৰিবেশে বিৰাজ কৰিছে।সেয়েহে,সকলোৱে যোৱাৰ দৰে,সন্ধিয়া পৰত দেউতাৰ লগত ময়ো ওলালো।তেতিয়ালৈকে আমি ভূপেন হাজৰিকাক দেখা নাই। কিন্তু,ৰেডিঅ’ আৰু লং প্লেয়িং ৰেকৰ্ডত ভূপেন হাজৰিকাৰ গীত শুনি শুনি,হৃদয়ত কিবা এক আনন্দ আৰু তেখেতক এবাৰ নয়ন ভৰি চোৱাৰ হেঁপাহে আমাৰ কুমলীয়া মনত ক্রিয়া কৰিছেহি। কিন্তু,আমি গৈ পোৱা মানে, সমগ্র প্রেক্ষাগৃহটো এনেদৰে মানুহে আবৰি ধৰিলে যে,মই সামান্য খিৰিকিৰ ফাঁকেৰে চকামকাকৈ দেখিলোহে মাত্র। সিবাৰলৈ,নয়ন ভৰি  অনুষ্ঠান উপভোগ কৰাৰ সৌভাগ্য নহ’ল। ১৯৮২ চনত অসম সাহিত্য সভাৰ ৪৯তম অধিবেশনখন ডিফুত অনুষ্ঠিত হৈছিল। অসম সাহিত্য সভাৰ নিমন্ত্রণ আৰু আদৰণী সমিতিৰ সম্পাদক প্রয়াত ছামছিং হাঞ্চেৰ বিশেষ আগ্রহৰ বাবে,ভূপেন হাজৰিকা ডিফুলৈ আহিবলৈ সন্মত হোৱাই নহয়, ‘ডিফু হ’ল তোমাৰ নাম/হওক মংগলে তোমাৰ’ শীৰ্ষক বিখ্যাত গীতটো ৰচনা কৰি,সুৰ দি ইয়াত গালেহি।সিবাৰ ভূপেন হাজৰিকাক ওচৰৰ পৰা নয়ন ভৰ...

লংকাম টেৰণৰ সান্নিধ্য আৰু কাৰ্বি লোক-সংস্কৃতিৰ কিছু কথা ( প্রৱন্ধ # Assamese Article)

Image
লংকাম টেৰণৰ সান্নিধ্য আৰু কাৰ্বি লোক-সংস্কৃতিৰ কিছু কথা ( প্রৱন্ধ #  Assamese Article) ( পৰিচয়মূলক টোকা: ১৯৩২ চনত কাৰ্বি আংলং জিলাৰ লাংহিনৰ সোণাৰিজানত জন্ম গ্রহণ কৰা লংকাম টেৰণে,প্রধান শিক্ষক ৰূপে কৰ্মজীৱন আৰম্ভ কৰি,বিভিন্ন পদত কাৰ্যনিৰ্বাহ কৰি , কাৰ্বি আংলং জিলাৰ পৰিষদৰ অধীনস্থ কাৰ্বি পাঠ্যপুথি প্রণয়ন আৰু প্রকাশন নিগমৰ  অধ্যক্ষ পদত আসীন হৈ চৰকাৰী কৰ্মজীৱনৰ সামৰণি মাৰে। সৰ্ব্বমুঠ আঠাইশ খনকৈ মৌলিক গ্রন্থ আৰু পাঁচখন সম্পাদিত গ্রন্থকে ধৰি ভালেকেইখন স্কুলীয়া পাঠ্যপুথিৰ ৰচয়িতা টেৰণৰ উল্লেখযোগ্য গ্রন্থ কেইখন হৈছে-‘কাৰ্বি জনগোষ্ঠী’, ‘অবিসম্বাদী জননেতা খৰছিং তেৰাং’, ‘ছাৰ লামথে’, ‘কাৰ্বি লামলিৰ আচিলি’, ‘ফিচাৰ্পি আত’ম’, ‘কাৰ্বি লোকগীত’, ‘লাম-কীৰ্তন’, ‘কাৰ্বি সংস্কৃতিৰ উৎস’, ‘কাৰ্বি লামতাচাম’, ‘কাৰ্বি লামমাৰজং কিমি’, ‘ফি-ফু আত’ম’, ‘সহজ কাৰ্বি শিক্ষা’, ‘কাৰ্বি ভাষাৰ চমু পৰিচয়’ ইত্যাদি। অত্যন্ত সৰল লংকাম টেৰণ কাৰ্বি লাম্মেত আমেইৰ (কাৰ্বি সাহিত্য সভা) প্রতিষ্ঠাপক সভাপতি (১৯৬৬ চন),অসম সাহিত্য সভাৰ উপ-সভাপতি(১৯৮৮ চন)হোৱাৰ উপৰি অসম চৰকাৰৰ দ্বাৰা সাহিত্যিক পেন্সনাৰ ৰূপে স্বীকৃত) ...

সমদলৰ শাৰীত থিয় হৈ ( কবিতা )

ভোকত নপৰা মানুহেটো নুবুজে ভোকৰ জ্বালা কি দুখত নপৰা মানুহে নুবুজে দুখনো কি সমদলৰ শাৰীত থিয় নোহোৱাকৈ মানুহে নুবুজে প্রতিবাদ অথবা, বঞ্চনাৰ ভাষা নুবুজে, মূক মানুহৰ কি যে যন্ত্রণা সমস্বৰে গোৱা গানৰ সুৰত যে হাজাৰ হাতীৰ বল লুকাই থাকে সতীৰ্থজনৰ হাতৰ মুঠিত থকা পতাকা খনিৰ যে ইমান শকতি আছে আই, দুখবোৰ এতিয়াও পাহৰি যোৱা নাই বাবেই আজিও অত বছৰে সমদলৰ শাৰীত থিয় হৈ আছোঁ। ৰ'দে বৰষুণে জাৰে জহে সুহৃদ জনৰ স'তে বাটে-হাটে হাত ধৰি আছোঁ। দুখবোৰ পাহৰি যোৱা নাই বাবেই আজিও শুব পৰা নাই সোনোৱালী ৰাজ পালেঙত স্বজ্ঞানে, আজিও উঠিব পৰা নাই বিলাসী যানত হ'ব পৰা নাই ধনী-মানী, তুমি ভবাৰ দৰে- দুখবোৰ পাহৰি নোযোৱাৰ বাবেই -  বিদুল বৰুৱা

মাজৰাতিৰ ঢুলীয়া ( গল্প -২ )

জামুগুৰিহাটৰ কাষৰীয়া কদমকলি গাঁৱৰ সৰবৰহী মহেশ্বৰ; ৰূপহী গাঁৱৰ লচপচী, ৰাঙলী বুঢ়ীৰ ৰূপৱতী জীয়েক বিহুৱতী মইনাৰ নিজ বাছনিত উঠা পতি। দহোবন কাতি কৰি থৈও আনৰ আপদ-বিপদত ঢপলিয়াই অহা বিধৰ লোক। সৌ- সিদিনালৈকে কেওদিশে ফুটি-ফাটি যোৱাকৈ ঢোলৰ ৰগৰ তোলা মহেশ্বৰ বিৰামহীন ঢুলীয়া। সি ওজা; তাৰ ৰৈ-বৈ যোৱা খিয়াতি আছিল, আদৰ আছিল।                                                এই মহেশ্বৰে আজি সানি-পিটিকি লোৱা ৰাতিৰ ভাতমুঠি সনা ভাগেই এৰিলে। গৰাহটো মাৰিব খুজিও সি নোৱাৰিলে। তাৰ ৰুচি নাহিল। ৰুচি নহাৰ কাৰণ আছে। তাৰ মনত আজি দুখ। নিজৰ কোমল অন্তৰত আনে কৰা আঘাতৰ দুখ সেয়া । ইও অইন একো নহয়, তিনিআলি চ'কৰ মেদেলা মহাজন, সৰুভোগ নতুবা নিজ গাঁৱৰে ঠিকাদাৰ বোধনৰ কেটেৰা- জেঙেৰা শুনাৰ মূৰকত আপোনা-আপুনি উথলি উঠা এয়া তাৰ মনৰ নিভৃত কোণৰ দুখ।                                         সেয়েহে আজি আনকালৰ ...

গদ্যৰে অলপ

Image
 শৈশৱতে কাৰবি আংলং জিলাৰ ডিফু চহৰৰ উদয়শ্রী মইনা পাৰিজাতৰ উমাল পৰিৱেশত পদ্য চৰ্চাৰ মাজেৰে এখুজি- দুখুজিকৈ কাব্যৰ জগতখনত সন্তৰ্পণে প্রৱেশ কৰি, লাহে লাহে এক সুকীয়া আনন্দ অনুভৱ কৰিবলৈ ধৰিলো। গদ্যত ক'ব নোৱাৰা কথা, অনুভৱবোৰ কাব্যৰ মাজেৰে ক'বলৈ চেষ্টা কৰিলো। এতিয়ালৈ প্রকাশিত কবিতাৰ সংখ্যা সৰহ নহয় যদিও অসমৰ কেইখনমান মানবিশিষ্ট কাকত - আলোচনীত মোৰ কবিতা প্রকাশে মোক কাব্য চৰ্চা কৰি যোৱাত অনুপ্রেৰণা প্রদান কৰিছে।ডিফু সাহিত্য সভা, ডিফু লেখিকা সমাৰোহ সমিতি, কাৰবি আংলং জিলা সাহিত্য সভা, ডিফু গ্রন্হমেলা আদিয়ে আয়োজন কৰা কবি সন্মিলনত কবি বন্ধুসকলৰ সৈতে কবিতা পাঠ কৰি মই বৰ সুখ অনুভৱ কৰোঁ।      জীৱনৰ ৰহস্যময়তাই যেনেকৈ মোক সততে কৌতুহলী কৰি তোলে, তেনেকৈ, জীৱনৰ ক্রুৰতা, বিষাদবোৰে হৃদয়ক কন্দুৱাই থৈ যায়। প্রকৃতিৰ সেউজীয়া ৰূপে মোক যেনেকৈ আকৰ্ষণ কৰে, তেনেকৈ, শৈশৱৰ এৰি অহা দিনবোৰে মোক নষ্টালজিক কৰি তোলে। জীৱনৰ অভিজ্ঞতাই দি যোৱা এনেবোৰ উপাদানেই মোৰ কবিতাৰ সৰল উৎস।      ভাতৃপ্রতিম বন্ধু আৰু অসমৰ নৱ- প্রজন্মৰ এগৰাকী সু-লেখক শ্রী জ্যোতি খাটনিয়াৰৰ মোৰ প্রতি থকা...

মেটমৰা জীয়া দুখ ( কবিতা ) # Assamese Poem

কান্ধত ভৰ বহন কৰোতে কৰোতে আমাৰো দিনবোৰ গ'লগৈ যেন, তেজাল বলদ হালৰ দৰেই যুঁৱলিয়ে কোঙা কৰা অবশ দেহা ফুলবোৰ ফুলো ফুলো কৰি থাকোতেই কলিতেই মৰহিল কেতিয়াযে সেইবোৰ  তলসৰা পাহি হ'ল দোলাভাৰী মানুহৰ দৰেই আমাৰো মেতমৰা জীয়া দুখ অমানিশাবোৰ বাৰু ফৰিংফুটা জোনাক হৈ ফুলিবনে? জ্বলাবনে কোনোবাই আশাৰ চাকিগছি ?   - বিদুল বৰুৱা

বিহুটি অহাৰ পৰত ( প্রৱন্ধ)

আজি এই মুহূৰ্তত মোৰ বহু কথাই মনলৈ আহিছে। মনলৈ আহিছে , শৈশৱতে ধেমালি কৰা বয়সত আমাৰ চিনাকি গাৱঁখনৰ কথা, চ'ত মাহৰ বিহু অহা সময়ৰ কথা। কুলি-কেতেকীৰ মিঠা মাতৰ সুৰত মন মতলিয়া হোৱা সময়ৰ কথা। ঢেঁকী-শালৰ ব্যস্ততা, গাৱঁৰ গাভৰু - আইসকলে পাল পাতি চাউল-চিৰা খুন্দাৰ ব্যস্ততা, কাহিলি পুৱাতেই ধান-বনা মিলত শাৰী পাতি ধান খুন্দোৱাৰ ব্যস্ততা, তাঁতশালৰ শিপিনীৰ গামোচাত ফুল তোলাৰ ব্যস্ততা, ঘৰৰ গৃহস্হৰ খেতি সামৰি ঘৰখনত বিহুটিৰ বাবে নিত্য-প্রয়োজনীয় সামগ্রী গোটোৱাৰ ব্যস্ততা। ওচৰৰ কেঞা-মহাজনৰ গোলালৈ গৈ বছৰৰ হিচাপ-নিকাচৰ ব্যস্ততা। মনলৈ আহিছে, ঢুলিয়াৰ " ঢোলৰ ধিনিকি-ধিন দাও" ৰগৰ, পেঁপাৰ - টিহিটি মাত, বাঁহীৰ কোমল সুৰে সকলোৱে শুনাকৈ বিহু অহাৰ বতৰা দিয়াৰ ব্যস্ততাপূৰ্ণ সময়বোৰৰ কথা।  সেয়েহে বিহুৱাই গায় -   অতিকৈ, চেনেহৰ মুগাৰে মহুৰা তাতোকৈ চেনেহৰ মাকো তাতোকৈ চেনেহৰ বহাগৰ বিহুটি নেপাতি কেনেকৈ থাকো। এইয়াই অসমৰ অতি আদৰৰ, অতি চেনেহৰ, বাপতি সাহোন বহাগৰ বিহু। বহাগ বিহুৰ কথা আহিলেই, গৰু বিহুৰ কথাও মনলৈ আহে। মুকলি পথাৰৰ একাঠু পানীত নামি, চিপ্ চিপিয়া বৰষুণত তিতি-তিতি, গৰুক মাহ- হালধি সা...