শাশ্বত কথা ( The Eternal Quote ) Get link Facebook X Pinterest Email Other Apps December 02, 2012 এটি অশান্তিকৰ পৰিবেশত থাকি শান্তিৰ গান গোৱা অনৰ্থক যেন লাগিলেও এনে অশান্তিকৰ পৰিৱেশেই কিন্তু আমাৰ নিজৰ মাজতেই এটি শান্তি-স্তম্ভ নিৰ্মাণ কৰাৰ প্রয়োজনো উপলদ্ধি কৰায়। Get link Facebook X Pinterest Email Other Apps Comments
বিষ্ণু প্রসাদ ৰাভাৰ এখন ঐতিহাসিক ভাষণ ( প্রৱন্ধ) December 02, 2012 অসমৰ জাতীয় জীৱনৰ উন্নতিৰ হকে যি কেইজন মনিষীয়ে তেওঁলোকৰ অহোপুৰুষাৰ্থৰে অৱদান ৰাখি থৈ গ'ল,সেইসকলৰ ভিতৰত বিষ্ণু প্রসাদ ৰাভাৰ নাম সোণালী আখৰে সৰ্বকালৰ বাবে প্রতিজন জাতীয় ভাবাপন্ন অসমীয়াৰ হৃদয়ত খোদিত হৈ ৰ'ব। বিষ্ণু প্রসাদ ৰাভা একেধাৰে শিল্পী,গায়ক,নৃত্যশিল্পী,লেখক,কবি, ... Read more
সন্ত বিনোৱাজীৰ দৃষ্টিত মাধৱদেৱৰ নামঘোষা ( প্রৱন্ধ # Article ) January 19, 2013 অসমীয়া আধ্যাত্মিক সাহিত্য সমূহৰ ভিতৰত মাধৱদেৱ প্রণিত নামঘোষা এখন অতি উৎকৃষ্ট গ্র্রন্হ। এই গ্রন্হ খনৰ বহু কেইজন স্বনামধন্য্ পণ্ডিত আৰু টীকাকাৰে ইয়াৰ তাত্ত্বিক বাখ্যা পাঠক সমাজলৈ আগবঢ়াইছে। ইয়াকে কৰোতে, ভক্তপ্রাণ ৰাইজৰ লগতে ৰসগ্রাহী পাঠক সমাজেও ইয়াৰ সাৰসমূহ হৃদয়ংগম কৰাত সুবিধা হৈছে। ভূ-দান আন্দোলনৰ জনক বিনোৱাজীয়ে পদযাত্রা কৰি,১৯৬৫ চনৰ পাঁচ মাৰ্চ তাৰিখে, অসমলৈ আহোতে, " নামঘোষা " খন গভীৰ ভাৱে অধ্যয়ন কৰি, প্রায় পাচঁশ পদ্যৰ সাৰাংশ তেখেতে প্রস্তুত কৰিছিল। এই সাৰাংশ সমূহ , প্রথমে " নামঘোষা সাৰ " নামে প্রকাশিত হৈ উলোৱাৰ পিছত, গুৱাহাটীৰ সৰ্ব্বোদয় প্রকাশন সমিতিয়ে, ১৯৮৫ চনত এই ঘোষাৰ সাৰৰ পৰাই " নামঘোষা - নবনীত ' নামেৰে পুনৰ পাঠক সমাজলৈ উলিয়াই দিয়ে। ধনদা বৰুৱা আৰু লক্ষেশ্বৰ হাজৰিকাই যুটীয়া ভাবে অনুবাদ কৰা এই গ্রন্হ খন অসমীয়া সাহিত্যলৈ অন্যতম সংযোজন বুলিব পাৰি। প্রাৰ্থনা, উপদেশ আৰু মহিমা নামেৰে তিনিটা অধ্যায়ত পৃথকে ভাগ কৰি ৰচনা কৰা, এই গ্রন্হ খনত পৰম শ্রদ্ধা সহকাৰে, প্রাৰ্থনা অধ্যায়ত নিজৰ আলোচনা আৰম্ভ কৰিছে - " ভাৰতৰ প্রত্য... Read more
January 01, 2025 ওভতনি যাত্রা ( কৱিতা# Assamese poem ) - ওভতনি যাত্রা - বিদুল বৰুৱা কাহিলি পুৱাঁতে গৈ একাবেকা দূৰ্গম পাহাৰীয়া পথেৰে শতক মাইল অতিক্ৰমি – ভাগৰুৱা দেহাৰে যেতিয়া ঘৰলৈ উভতো, চহৰখনে নিতাল মাৰি শুই পৰে। চকিহলা, চিলনিজান, ডিলাইৰ কুৱাৰেন্টাইন শিবিৰ বোৰ ৰাতিৰ পোহৰত যেতিয়া জিলিকি উঠে., এনেহেন লাগে, যেন এখন যুদ্ধৰ বাবে গড় নিৰ্মাণৰ মহা প্রস্তুতি। সামাজিক দূৰত্ব, মাস্ক, চেনিটাইজ, ইমিউনিটি এই আচহুৱা শব্দবোৰেই আমাৰ বাবে এতিয়া এক শক্তিশালী প্রতিৰোধৰ অস্ত্ৰ। সৌ সিদিনা, কৰুণাৰ কৰাল গ্রাসত পৰি বন্ধু ৰামছিঙো ... Read more
Comments