(১) ২অক্টোবৰ,২০১৩, বুধবাৰ। ‘এ চিটিজেনচ অৱ ডিফু ইনিচিয়েটিভ’ৰ সৌজন্যত এইবাৰ দিনজোৰা কাৰ্যসূচীৰে আন্তৰ্জাতিক অহিংসা দিৱসৰ সৈতে সংগতি ৰাখি,১৪৪তম গান্ধী জয়ন্তী এক গাম্ভীৰ্যপূৰ্ণ,ব্যতিক্রমী আৰু বহল পৰিসৰত পোনপ্রথমবাৰৰ বাবে ডিফু নগৰত পালন কৰা হয়।এই উপলক্ষ্যে,উদযাপন সমিতিয়ে ছাত্র-ছাত্রী সকলৰ মাজত চিত্রাংকন প্রতিযোগিতা,ৰচনা প্রতিযোগিতা,কুইজ প্রতিযোগিতা,সাংস্কৃতিক অনুষ্ঠানৰ লগতে পুৱাৰ ভাগত গান্ধী আৰু ভাৰতৰ প্রাক্তন প্রধানমন্ত্রী লালবাহাদুৰ শাস্ত্রীৰ প্রতিচ্ছৱিত মাল্যাৰ্পণ,বন্তি প্রজ্বলন আৰু সৰ্বধৰ্ম প্রাৰ্থনা কৰাৰ অন্তত ছাত্র-ছাত্রীসকলক লৈ বিশাল শোভাযাত্রাও নগৰখনত উলিওৱা হয়।অনুষ্ঠানৰ সুন্দৰ পৰিবেশত ষ্টিভ ইয়ৰ্ক (Steve York) পৰিচালিত তথ্যচিত্র ‘A Force More Powerful’ প্রদৰ্শন কৰা হয়।যি খন তথ্যচিত্রই ভাৰতকে ধৰি দক্ষিণ আফ্রিকা, ডেনমাৰ্ক,পোলেণ্ড আৰু চিলিৰ জনসাধাৰণে অহিংস উপায়ে কুৰি শতিকাৰ ছয়টা গণ আন্দোলনৰ সফল সামৰণিৰ কথা চিত্রিত কৰিছে। ১৯০৭ চনত দক্ষিণ আফ্রিকাৰ বৰ্ণবাদী আমোলৰ বিৰুদ্ধে ডেকা গান্ধীৰ অংশগ্রহণৰ দৃশ্যায়নেৰে তথ্যচিত্রখনৰ আৰম্ভণি আছিল অন্যতম আকৰ্ষণ ।
Comments